--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : জলবায়ু পৰিৱৰ্তনে ভাৰতলৈ কঢ়িয়াই আনিছে এক অশনি সংকেত। আমেৰিকা যুক্তৰাষ্ট্রৰ এটা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি জলবায়ু পৰিৱৰ্তনে ভাৰতৰ লগতে ১১খন দেশক স্পৰ্শকাতৰ ৰূপে অভিহিত কৰিছে। জলবায়ু পৰিৱৰ্তনে ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক মুহূৰ্ততে তচনচ কৰি পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে সংস্থাটোৰ প্ৰতিবেদনত।


অতি স্পৰ্শকাতৰ অঞ্চলৰূপে অভিহিত কৰি ভাৰতক সাৱধান কৰি দিছে প্ৰতিবেদনখনত। মূলতঃ আন্তঃগাঁথনিৰ অভাৱ, দুৰ্যোগ প্ৰশমনৰ মোকাবিলা কৰাৰ বাবে অত্যাধুনিক সা-সঁজুলি নথকাৰ বাবেই ভাৰতক অতিস্পৰ্শকাতৰ অঞ্চলৰূপে সকীয়াই দিয়া হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ কেইবাটাও প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত ভাৰত। কেৰালাত বানে বিধ্বংসী ৰূপ লোৱাৰ সমান্তৰালকৈ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণে সূচনা কৰিছিল জলপ্ৰলয়ৰ। উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণত এতিয়ালৈকে মৃত্যু ঘটিছে অৰ্ধশতাধিক লোকৰ।


২০১৩ চনতো কেদাৰনাথত হোৱা ডাৱৰ বিস্ফোৰণত ৫ হাজাৰ লোকৰ মৃত্যু ঘটিছিল। গোলকীয় উষ্ণতাই জলবায়ুলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সঘনে ঘটিবলৈ লৈছে প্ৰাকৃতিক দুৰ্যোগ। স্বাভাৱিকতে পাকিস্তান, আফগানিস্তান, ম্যানমাৰ, ইৰাক, উত্তৰ কোৰিয়া, গুৱেটামালা, হাইটি, ভণ্ডুৰাছ, কলম্বিয়া আদি ৰাষ্ট্রৰ লগতে ভাৰতক অতি স্পৰ্শকাতৰ অঞ্চলৰূপে প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। এক কথাত জীৱন্ত আগ্নেয়গিৰিত আছে ভাৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ