--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : জলবায়ু পৰিৱৰ্তনে ভাৰতলৈ কঢ়িয়াই আনিছে এক অশনি সংকেত। আমেৰিকা যুক্তৰাষ্ট্রৰ এটা সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি জলবায়ু পৰিৱৰ্তনে ভাৰতৰ লগতে ১১খন দেশক স্পৰ্শকাতৰ ৰূপে অভিহিত কৰিছে। জলবায়ু পৰিৱৰ্তনে ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্র পাকিস্তানক মুহূৰ্ততে তচনচ কৰি পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে সংস্থাটোৰ প্ৰতিবেদনত।


অতি স্পৰ্শকাতৰ অঞ্চলৰূপে অভিহিত কৰি ভাৰতক সাৱধান কৰি দিছে প্ৰতিবেদনখনত। মূলতঃ আন্তঃগাঁথনিৰ অভাৱ, দুৰ্যোগ প্ৰশমনৰ মোকাবিলা কৰাৰ বাবে অত্যাধুনিক সা-সঁজুলি নথকাৰ বাবেই ভাৰতক অতিস্পৰ্শকাতৰ অঞ্চলৰূপে সকীয়াই দিয়া হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ কেইবাটাও প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত ভাৰত। কেৰালাত বানে বিধ্বংসী ৰূপ লোৱাৰ সমান্তৰালকৈ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণে সূচনা কৰিছিল জলপ্ৰলয়ৰ। উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণত এতিয়ালৈকে মৃত্যু ঘটিছে অৰ্ধশতাধিক লোকৰ।


২০১৩ চনতো কেদাৰনাথত হোৱা ডাৱৰ বিস্ফোৰণত ৫ হাজাৰ লোকৰ মৃত্যু ঘটিছিল। গোলকীয় উষ্ণতাই জলবায়ুলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ পৰিপ্ৰেক্ষিতত ভাৰতত সঘনে ঘটিবলৈ লৈছে প্ৰাকৃতিক দুৰ্যোগ। স্বাভাৱিকতে পাকিস্তান, আফগানিস্তান, ম্যানমাৰ, ইৰাক, উত্তৰ কোৰিয়া, গুৱেটামালা, হাইটি, ভণ্ডুৰাছ, কলম্বিয়া আদি ৰাষ্ট্রৰ লগতে ভাৰতক অতি স্পৰ্শকাতৰ অঞ্চলৰূপে প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে। এক কথাত জীৱন্ত আগ্নেয়গিৰিত আছে ভাৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত