--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিগৰাকী নাৰীৰে সপোন থাকে, এদিন সুখৰ সংসাৰ কৰিব! সেই সপোনৰ আঁত ধৰিয়েই এইগৰাকী যুৱতীয়েও বৈবাহিক জীৱনৰ পাতনি মেলিছিল। ধেমাজি জিলাৰ ৰতনপুৰৰ ভৱেন কলিতা নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী। পিছে সংসাৰ সুখৰ নহ’ল তেওঁৰ।


মহিলাগৰাকীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি যৌতুক দাবী কৰিবলৈ ধৰিলে স্বামীৰ পৰিয়ালে। যৌতুক নিদিলে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰো ভাবুকি দিয়ে স্বামীৰ পৰিয়ালে। কেৱল এয়াই নহয় ভৱেন কলিতা নামৰ লোকজনে বিগত চাৰিবছৰে এটি কন্যা সন্তানৰ মাতৃগৰাকীক কেৱল যৌতুকৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাই অহা বুলি অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। এই কাৰ্যত উচতনি তথা সহযোগ দি আহিছে শাহুৱেক-শাহুৰেকে।

উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত মহিলাগৰাকীয়ে এতিয়া আৰক্ষীৰ ওচৰ চাপিছে। ইতিমধ্যে স্বামী ভৱেন কলিতাৰ লগতে স্বামীৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিৰ্যাতিতা মহিলাগৰাকীয়ে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে আজিলৈকে সোধা-পোছাৰ বাবে অভিযুক্ত তথা পৰিয়ালটোৰ কোনো লোককে আটক কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ