--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিগৰাকী নাৰীৰে সপোন থাকে, এদিন সুখৰ সংসাৰ কৰিব! সেই সপোনৰ আঁত ধৰিয়েই এইগৰাকী যুৱতীয়েও বৈবাহিক জীৱনৰ পাতনি মেলিছিল। ধেমাজি জিলাৰ ৰতনপুৰৰ ভৱেন কলিতা নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যুৱতীগৰাকী। পিছে সংসাৰ সুখৰ নহ’ল তেওঁৰ।


মহিলাগৰাকীৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি যৌতুক দাবী কৰিবলৈ ধৰিলে স্বামীৰ পৰিয়ালে। যৌতুক নিদিলে তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰো ভাবুকি দিয়ে স্বামীৰ পৰিয়ালে। কেৱল এয়াই নহয় ভৱেন কলিতা নামৰ লোকজনে বিগত চাৰিবছৰে এটি কন্যা সন্তানৰ মাতৃগৰাকীক কেৱল যৌতুকৰ বাবে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলাই অহা বুলি অভিযোগ কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। এই কাৰ্যত উচতনি তথা সহযোগ দি আহিছে শাহুৱেক-শাহুৰেকে।

উপায়ন্তৰ হৈ প্ৰাণৰ মমতাত মহিলাগৰাকীয়ে এতিয়া আৰক্ষীৰ ওচৰ চাপিছে। ইতিমধ্যে স্বামী ভৱেন কলিতাৰ লগতে স্বামীৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত নিৰ্যাতিতা মহিলাগৰাকীয়ে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে আজিলৈকে সোধা-পোছাৰ বাবে অভিযুক্ত তথা পৰিয়ালটোৰ কোনো লোককে আটক কৰা নাই বুলিও অভিযোগ উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত