--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰৱৰ্তী সময়ত জাননী নিদিয়া পর্যন্ত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত ছাফাৰী বন্ধ থাকিব।

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা ২৫ মে'ৰ পৰা পৰ্যটকৰ বাবে ছাফাৰী বন্ধ কৰা হৈছিল যদিও পৰ্যটকৰ আগমৰ প্ৰতি লক্ষ্য ৰাখি ২৯ মে'লৈকে বৃদ্ধি কৰা হ'ল। বিভাগীয় সূত্রে জানিব পৰা মতে, বাৰিষা বতৰৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা, অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত দেশ-বিদেশৰ পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ কৰা হৈছিল।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া অৰুণ বিগ্নেশে এক জাননীযোগে ঘোষণা কৰা মতে, ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙাত জীপ ছাফাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু পুনৰ এখন জাননীযোগে কাজিৰঙাত জীপ ছাফাৰী বৃদ্ধি কৰা হয়। 


উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত জাননী নিদিয়া পর্যন্ত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে কাজিৰঙাত ছাফাৰী বন্ধ থাকিব। বাৰিষা নামি অহাৰ লগে লগে বৰষুণ হোৱাত পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰা বাট-পথ বোকাময় হৈ পৰে। ফলত জীপ ছাফাৰীৰ বাহন উদ্যানৰ পথত চলাচল কৰাত সমস্যাই দেখা দিয়ে। অন্যহাতে, বাৰিষা ঋতুত ৰাষ্ট্ৰীয় উদ্যানখনত থকা বহু সংখ্যক বন্য প্রাণীৰ সংগম তথা বংশবৃদ্ধিৰ সময়ো হয়। 


ইফালে, ঘাঁহনি পানীৰ তল যোৱাত বন্য প্রাণীয়ে ওখ ঠাই বিচাৰি পৰ্যটকে ছাফাৰী কৰা পথৰ ওপৰত আশ্রয় লয়। তেনে পৰিস্থিতিত জীপ ছাফাৰীৰ বাহন বা আন লোকৰ বিচৰণে বন্য প্রাণীৰ অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে উদ্যান কর্তৃপক্ষই জীপ ছাফাৰী বন্ধ কৰিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে জীপ ছাফাৰী বন্ধ কৰাৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলিফেণ্ট ছাফাৰী বন্ধ কৰা হৈছিল।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান