--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৰহাটৰ উপকণ্ঠৰ বৃহত্তৰ ৰংদৈ-নিমাতী অঞ্চলত মানুহৰ জিংঘাসাৰ বলি হৈ এখন নৈ আৰু দুখনকৈ জানৰ অপমৃত্যু হোৱাৰ ফলত অঞ্চলটোৰ পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিছে। আহোম ৰাজত্বৰ কালত ডা-ডাঙৰীয়াসকলে নাও চলোৱা ঐতিহ্যমণ্ডিত 'ৰংদৈ' এতিয়া মৰাসুঁতিত পৰিণত হৈছে।

ডিজিটেল ডেস্ক: আহোম ৰাজত্বৰ সময়ছোৱাত গাঁও তথা নগৰসমূহ স্বৰ্গদেউসকলে সুশৃংখলিত, পৰিকল্পিতভাৱে নিৰ্মাণ কৰি পৰিৱেশ গঠনৰ আৰ্হি দেখুৱাই গৈছে। কিন্তু দিন বাগৰাৰ লগে লগে মানৱ সমাজে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে পৰিৱেশ তন্ত্ৰৰ ওপৰত কুঠাৰাঘাত কৰি সমাজ জীৱনলৈ ভয়াৱহতাৰ ইংগিত কঢ়িয়াই আনিছে। 


যোৰহাটৰ উপকণ্ঠৰ বৃহত্তৰ ৰংদৈ-নিমাতী অঞ্চলত মানুহৰ জিংঘাসাৰ বলি হৈ এখন নৈ আৰু দুখনকৈ জানৰ অপমৃত্যু হোৱাৰ ফলত অঞ্চলটোৰ পৰিৱেশৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিছে। আহোম ৰাজত্বৰ কালত ডা-ডাঙৰীয়াসকলে নাও চলোৱা ঐতিহ্যমণ্ডিত 'ৰংদৈ' এতিয়া মৰাসুঁতিত পৰিণত হৈছে। এসময়ত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা 'ৰংদৈ' এতিয়া মানুহৰ চৰম অৱহেলাৰ বলি হৈ অপমৃত্যু হয়। ঐতিহাসিক অঞ্চলটোৰ লাহদৈগড়ৰ কাষেৰে বৈ অহা ৰংদৈ এতিয়া বোৱঁতী নৈ নহয়। 


বৃহত্তৰ অঞ্চলটোৰ এ টি ৰ'ডৰপৰা লাহদৈগড়, কাকজান, মেলেং আদি অঞ্চলৰ পানীধাৰা এই বোৱঁতী নৈ 'ৰংদৈ'ৰে বৈ আহি পটীয়া চৰলাত পৰি ওলাই যায়। বৃহত্তৰ অঞ্চলটোৰ চাৰিগাঁও, হাতীগড়, চাওখাট মৌজাৰ শতাধিক গাঁৱৰ বৃহৎ পানীধাৰা ৰংদৈয়েদি ওলাই অঞ্চলবাসীক কৃত্রিম বানৰপৰা পৰিত্ৰাণ কৰিছিল। কিন্তু ১৯৭০চনত ৰংদৈখনক ভেটি ভগনীয়া মথাউৰি নিৰ্মাণ কৰাত বোৱঁতী নদীখনক হত্যা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। পানীৰ উৎসতে বন্ধ কৰি দিয়াত ৰংদৈৰ জলধাৰা ক্রমান্বয়ে স্তিমিত হৈ আহে। 


বর্তমান ৰংদৈ নদীখনৰ এতিয়া নামটোহে আছে। ক্রমান্বয়ে হাবি- জংঘলে আৱৰি ধৰি মৃত্যুৰ ক্ষণ গণিছে। বোৱঁতী নদীখনৰ নিমাতী পথত কাঠৰ দলং আছিল। কিন্তু কাঠৰ দলংখনৰ ঠাইত লোক নির্মাণ বিভাগে পকী পুল বহুৱাই দিয়াৰেপৰা পানীৰ নিষ্কাশনৰ ক্ষমতাও হেৰুৱাই পেলায়। নদীখনৰ এতিয়া কিছু অংশ মানুহে মুকলি ডাষ্টবিনলৈ পৰিণত কৰিছে। আনহাতে, ঠাইভেদে মাটি মানুহে নিজৰ কৰি লোৱা প্ৰৱণতাও বৃদ্ধি পাইছে। ৰংদৈখনত বেদখল কৰি নিজৰ সীমাৰ ভিতৰুৱা কৰি লৈছে বহুজনে। ইফালে ৰংদৈৰ কাষতে দোকান ঘৰ বহুৱাই জাবৰ- আৱৰ্জনাৰে পুতি পেলোৱাৰ দৃশ্যও সততে সুলভ হৈ পৰিছে। 


ইতিহাস প্রসিদ্ধ ৰংদৈ অঞ্চলটোৰ বোৱঁতী নদীখন বন্ধ হৈ পৰাত বালিচাপৰিৰ বৃহত্তৰ অঞ্চলটোৰ লাহদৈগড়ৰ কাষৰ আৰু বৰমুকলি পথাৰৰ সমীপৰ মানুহৰ ঘৰত কৃত্ৰিম পানী সোমাই অনিষ্ট সাধন কৰি আহিছে। আহোম ৰাজত্বৰ কালত নাও চলোৱা নদীখনৰ অপমৃত্যুৰ পাছতো কোনো জনপ্রতিনিধিয়ে আজিকোপতি গুৰুত্ব প্ৰদান কৰা নাই। ৰংদৈক খনন কৰি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে যদিও বাস্তৱসন্মত ধাৰণাৰে আগবাঢ়ি আহোঁতা এতিয়া কোনো নাই। যোৰহাট জিলা প্রশাসনে নদীখনৰ গুৰুত্বতা উপলব্ধি কৰি বিজ্ঞানসন্মতভাৱে খনন কৰি লাহদৈগড়ৰ কাষেৰে বোৱাই নিব পাৰিলে অঞ্চলটোৰ পৰিৱেশৰ ক্ষেত্ৰত ভাল ফল আশা কৰিব পাৰি। বিশেষকৈ কৃত্রিম বানৰপৰা হাত সৰাৰ লগতে এই জলধাৰাই ৰংদৈ পথাৰৰ কৃষি ক্ষেত্রখনতো আশা কৰিব পৰাকৈ সফলতা লাভ কৰিব। 


ৰংদৈক খনন কৰিব পাৰিলে মীনপালন কৰিও নিবনুৱা সংস্থাপনৰ যথেষ্ট থল আছে। আনহাতে, নিমাতীকে ধৰি দাঁতি-কাষৰীয়া অঞ্চলসমূহত পৰ্যটকৰ আকৰ্ষণ ভূমি হিচাপে গঢ়ি তোলাত মৃত ৰংদৈক ব্যৱহাৰ কৰিব পাৰে। ৰাজ্য চৰকাৰৰ অলেখ আঁচনি আছে যদিও 'ৰংদৈ'ক বচাবলৈ ৰজা ঘৰ তথা প্ৰজাঘৰে ব্যৱস্থা গ্ৰহণ কৰিবনে-এতিয়া পৰিৱেশপ্রেমীসকলৰ বাবে ই ডাঙৰ প্ৰশ্ন হৈ উঠিছে। টীয়ক বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে 'ৰংদৈ'ক সম্পদলৈ ৰূপান্তৰৰ ব্যৱস্থা কৰি তেওঁৰ তৎপৰতা আৰু বিচক্ষণতা দেখুৱাব বুলি ৰাইজে আশা কৰিছে। তেতিয়াহে এসময়ত নাও চলোৱা 'ৰংদৈ'য়ে ৰং সলাই পূৰ্বৰ ৰূপ পাব।

উৎস: দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান