--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুজৰাটৰ নিৰ্দলীয় বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰে অসম আৰক্ষী সন্দৰ্ভত দেশজুৰি এটা বিৰূপ ধাৰণা কৰাটো স্পষ্ট হৈ পৰিছে। যোৱা ২০ এপ্ৰিলত মেৱানীক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক টুইট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে। কোকৰাঝাৰত ৰুজু হোৱা এটা গোচৰৰ আধাৰত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰটোত জামিন পোৱাৰ পাছতে তেওঁক পুনৰ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এইবাৰ মহিলা আৰক্ষীক অপদস্ত কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰি কেইবাদিনো আৰক্ষীৰ জিম্মাত ৰখা হয়। এই ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

ইফালে, মেৱানীৰ জামিন মঞ্জুৰ কৰি বৰপেটাৰ এখন আদালতে দিয়া ৰায় তথা আৰক্ষীৰ ভূমিকা সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যই এই বিতৰ্কক অধিক তীব্ৰতা দিয়ে। তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি খোদ আদালতে মন্তব্য কৰাটো অসম আৰক্ষীৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰে। পাছত উচ্চ ন্যায়ালয়ে বৰপেটাৰ আদালতৰ মন্তব্য আৰু পৰ্যবেক্ষণত স্থগিতাদেশ জাৰি কৰে যদিও এতিয়া বহু কথা গাপ দি ৰখাটো সম্ভৱ হৈ নথকাটো স্পষ্ট হৈ পৰিছে।

মেৱানীয়ে জামিন লাভ কৰি অসমৰ পৰা উভতি যোৱাৰ পাছতে বিজেপিৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰিছে আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলোৱা আৰু ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰি হাৰাশাস্তি কৰা বুলি অভিযোগ উঠিছে আৰু তেওঁর মন্তব্যসমূহ গুৰুত্বসহকাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। তাৎপৰ্যপূৰ্ণভাৱে জিগনেশ মেৱানী নিৰ্দলীয় বিধায়ক হ’লেও পূ্ৰ্বে এগৰাকী সমাজকৰ্মী হোৱা বাবে তথা দেশৰ ৰাজনীতিত সৰৱ ভূমিকাৰ বাবে তেওঁ চৰ্চাত আছে। এতিয়া তেওঁ কংগ্ৰেছ সমৰ্থিত বিধায়ক। এনে পৰিপ্ৰেক্ষিতত জিগনেশক গ্ৰেপ্তাৰৰ ঘটনা এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিতেই প্ৰভাৱশালী বিষয় হৈ পৰিছে। বিশেষকৈ অসম আৰক্ষীৰ এই কাৰ্যৰ প্ৰভাৱ পৰিছে গুজৰাটৰ ৰাজনীতিত।

এই বছৰৰ শেষৰ ফালে গুজৰাটত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। যোৱাটো নিৰ্বাচনত জিগনেশ মেৱানীৰ দৰে নেতাই গুৰাটৰ নিৰ্বাচনত বিশেষভাৱে প্ৰভাৱ পেলাইছিল আৰু তেওঁ কংগ্ৰেছক সহায় কৰিছিল। এইবাৰ ৰাজ্যখনত আপৰো উত্থান দেখিবলৈ পোৱা গৈছে। সেইবাবে বিজেপি চাপত থকাটো স্পষ্ট। এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত বিশেষ পৰিকল্পনাৰে আগুৱাইছিল বিজেপিৰ পিতৃস্থানীয় সংগঠন আৰএছএছে। তেওঁলোক গুজৰাটৰ ৭ শতাংশ দলিত ভোটক লক্ষ্য কৰি পৰিকল্পনা যুগুত কৰিছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ‘ইণ্ডিয়া টুডে’ত প্ৰকাশ পোৱা অনুসৰি ১০ টা বিধানসভা সমষ্টিত বিশেষ প্ৰভাৱ বিস্তাৰৰ বাবে সক্ষম দলিতসকল। কিন্তু অসম আৰক্ষীয়ে আকস্মিকভাৱে মেলানীক গ্ৰেপ্তাৰ কৰাৰ ফলত তেওঁলোকৰ পৰিকল্পনাত চেঁচাপানী পৰাৰ আশংকা গাঢ় হৈ পৰিছে। যাৰ বাবে আৰএছএছৰ নেতৃত্ব অসন্তুষ্ট হৈ পৰা বুলি ‘ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছে।

জিগনেশক গ্ৰেপ্তাৰৰ ফলত গুজৰাটৰ দলিত সম্প্ৰদায়ৰ লোকসকল অসন্তুষ্ট হৈ পৰাটো স্পষ্ট হৈ পৰিছে। বিভিন্ন দলিত সম্প্ৰদায়ৰ দল সংগঠনে গুজৰাটত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। এগৰাকী প্ৰাক্তন সাংবাদিক, অধিবক্তাৰ পৰা বিধায়ক হোৱা জিগনেশ মেৱানীয়ে দলিতসকলৰ অধিকাৰক লৈ বহু কাম কৰি থোৱাৰ ফলত তেওঁৰ এটা প্ৰভাৱ আছে এই লোকসকলৰ ওপৰত। তেওঁক গ্ৰেপ্তাৰৰ লগে লগে তেওঁৰ প্ৰতি এক সহানুভূতিৰ সৃষ্টি হোৱাটো বিজেপিৰ কাৰণে ক্ষতিকাৰক হৈ পৰিব বুলি আৰএছএছৰ ৰাজ্যখনৰ নেতৃত্বই বিজেপিৰ শীৰ্ষ মহলত আপত্তি দৰ্শোৱা বুলি প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ তথ্যই এতিয়া জিগনেশৰ অত্যুৎসাহী গ্ৰেপ্তাৰ গুৰাটৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ কাৰক হৈ পৰাৰ আশংকাও গাঢ় কৰি তুলিলে।

অসম আৰক্ষীয়ে কিহৰ বাবে ইমান লৰা-ঢপৰাকৈ বিধায়কজনক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁৰ গ্ৰেপ্তাৰত অসম চৰকাৰৰ ভূমিকা কি আছিল সেয়া নিশ্চিত নহয়। মুখ্যমন্ত্ৰীয়েও এই সম্পৰ্কত কোনো কথা স্পষ্টকৈ কোৱা নাই তথা বিধায়কজনৰ গ্ৰেপ্তাৰৰ বিষয়টোক লৈ অৱগত নাছিল বুলিও প্ৰকাশ কৰিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে, মেৱানীক গ্ৰেপ্তাৰৰ বিষয়টো সম্পৰ্কত গুজৰাটৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ গৃহ বিভাগৰো দায়িত্বত থকা ভূপেন্দৰ পেটেলকো অন্ধকাৰত ৰখা হৈছিল বুলি অভিযোগ উঠিছে। এনে পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ ভূমিকা দেশৰ সন্মুখত আকৌ এবাৰ সন্দেহৰ বিষয় হৈ। গুজৰাটৰ ৰাজনৈতিক প্ৰেক্ষাপটত মেৱানী গ্ৰেপ্তাৰ কাণ্ডৰ প্ৰভাৱে এতিয়া অসম চৰকাৰকো অস্বস্তিত পেলাব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম