--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাধাৰণ মানুহে ইজনে-সিজনক পুৱাই ‘গুডমৰ্নিং’ বুলি কৈ সম্ভাষণ জনায়। কিন্তু বিজেপি চৰকাৰে পুৱা ‘গুড মৰ্নিংঙ’ৰ বিপৰীতে মূল্যবৃদ্ধিৰে সম্ভাষণ জনায়। শাসকীয় দলক এইবুলি কটাক্ষ কৰিছে প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰিপুণ বৰা। তেওঁ অভাৱনীয় মূল্যবৃদ্ধিকে ধৰি কৰ-কাতল বৃদ্ধিৰ প্ৰংসগ লৈ সৰৱ হৈ পৰে প্ৰাক্তন কংগ্ৰেছীগৰাকী।  

তাৎপৰ্যপূৰ্ণভাৱে তৃণমূলৰ বিখ্যাত শ্লোগান মা মাটি আৰু মানুহেৰে সংবাদমেলৰ আৰম্ভ কৰে ৰিপুণ বৰাই। এই শ্লোগানৰ নতুন বাখ্যা কৰি ‘মা’ শব্দৰে নিজৰ ৰাজ্যখনক, মাটি শব্দৰে ৰাজ্যখৰ ভূখণ্ডক, মানুহ শব্দৰে ৰাজ্যৰ জনগণৰ সকলোধৰণৰ অধিকাৰ সুৰক্ষিত কৰাক সূচাইছে বুলি তেওঁ বাখ্যা আগবঢ়ায়। দলটোৰ সমাগত সকলো কাৰ্যক্ৰমণিকা এই তিনিটা শ্ল’গানৰ আধাৰতে হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ 

সংবাদমেলত দামবৃদ্ধিৰ প্ৰসংগক বিশেষভাৱে উল্লেখ কৰি ৰিপুণ বৰাই কয়, মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যয় বাঢ়িছে৷ বৰ্তমান দেশত এনে বস্তু নাই যাৰ দাম বঢ়া নাই। ৰিজাৰ্ভ বেংকৰ সমীক্ষা মতে যোৱা ১৭ মাহত ৬. ৯৫ শতাংশ খূচুৰা মূল্য বাঢ়িছে৷ স্বাধীনতাৰ পাছত এয়া সৰ্বাধিক হাৰত বৃদ্ধি হৈছে দাম৷ চৰকাৰে ক্ৰয় ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা নাই৷ আমাৰ সকলোৰে ক্ৰয় ক্ষমতা আৰু বজাৰত টকাৰ প্ৰচলন হ্ৰাস হৈছে৷ তেওঁ লগতে অভিযোগ কৰে যে, নিৰ্বাচন হৈ যোৱা ৫খন ৰাজ্যত এমাহত ১৮ বাৰকৈ পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িছে৷ ‘ভেট’ নকমাৰ বাবে দাম বৃদ্ধি হৈছে৷

বিভিন্ন তথ্য দাঙি ধৰি তেওঁ কয় যে, পেট্ৰ’ল-ডিজেলৰ ‘এক্সাইজ ডিউটী’ বঢ়াই বিজেপি চৰকাৰৰ ৮ বছৰত ২৭ লাখ কোটি টকা সংগ্ৰহ কৰিছে। ২০২২ত নতুনকৈ ১ লাখ ২৫ হাজাৰ কোটি টকাৰ কৰ অতিৰিক্তভাৱে আমাৰ ওপৰত জাপি দিছে৷ কৃষকৰ আন্দোলনৰ প্ৰতিশোধ ল’বৰ বাবে কেন্দ্ৰ চৰকাৰে ডাই এম’নিয়াম ফছফেটত এবেগ সাৰত ১৫০ টকা বৃদ্ধি কৰি ৩৬ হাজাৰ কোটি টকা সংগ্ৰহ কৰিলে৷ 
পেট্ৰ’লৰ মূল্যবৃদ্ধি কৰি ২০ হাজাৰ ১৩৮ কোটি টকা আৰু ডিজেলৰ পৰা ৫২ হাজাৰ ৩৫৩ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে৷ টোল টেক্সৰ জৰিয়তে ২০২১-২২ত চৰকাৰে ২৮ হাজাৰ ৪৫৮ কোটি টকা সংগ্ৰহ কৰিছিল বুলিও তেওঁ দাবী কৰে। এতিয়া ১৮% টোল টেক্স বৃদ্ধি কৰি চৰকাৰে ৩৯ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে৷

জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰি অতিৰিক্ত ১০ হাজাৰ কোটি টকা চৰকাৰে সংগ্ৰহ কৰিব বিচাৰিছে বুলিও অভিযোগ আনে ৰিপুণ বৰাই। দৰিদ্ৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো চৰকাৰে ৰেহাই দিয়া নাই বুলি অভিযোগ কৰি কয়, হাউছিং ল’ন লোৱাসকলে অতিৰিক্তভাৱে ইনকাম টেক্স দিব লাগিব। তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি কয়, আমি পুৱা গুডমৰ্নিং দি শুভেচ্ছা জনাওঁ। কিন্তু বিজেপি চৰকাৰে গুড মৰ্নিঙৰ বিপৰীতে মূল্যবৃদ্ধিৰে সম্ভাষণ জনায়। 

ইফালে, ১১ মে’ত অসমত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় মুকলি কৰা হ’ব বুলি উল্লেখ কৰে বৰাই। এই অনুষ্ঠান তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকে অংশগ্ৰহণ কৰিব বুলিও তেওঁ ঘোষণা কৰে। গুৱাহাটীৰ জয়ানগৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয় হ’ব বুলি তেওঁ ঘোষণা কৰে৷ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্যালয় মুকলি অনুষ্ঠানত এহাজাৰ লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি