--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাধাৰণ মানুহে ইজনে-সিজনক পুৱাই ‘গুডমৰ্নিং’ বুলি কৈ সম্ভাষণ জনায়। কিন্তু বিজেপি চৰকাৰে পুৱা ‘গুড মৰ্নিংঙ’ৰ বিপৰীতে মূল্যবৃদ্ধিৰে সম্ভাষণ জনায়। শাসকীয় দলক এইবুলি কটাক্ষ কৰিছে প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰিপুণ বৰা। তেওঁ অভাৱনীয় মূল্যবৃদ্ধিকে ধৰি কৰ-কাতল বৃদ্ধিৰ প্ৰংসগ লৈ সৰৱ হৈ পৰে প্ৰাক্তন কংগ্ৰেছীগৰাকী।  

তাৎপৰ্যপূৰ্ণভাৱে তৃণমূলৰ বিখ্যাত শ্লোগান মা মাটি আৰু মানুহেৰে সংবাদমেলৰ আৰম্ভ কৰে ৰিপুণ বৰাই। এই শ্লোগানৰ নতুন বাখ্যা কৰি ‘মা’ শব্দৰে নিজৰ ৰাজ্যখনক, মাটি শব্দৰে ৰাজ্যখৰ ভূখণ্ডক, মানুহ শব্দৰে ৰাজ্যৰ জনগণৰ সকলোধৰণৰ অধিকাৰ সুৰক্ষিত কৰাক সূচাইছে বুলি তেওঁ বাখ্যা আগবঢ়ায়। দলটোৰ সমাগত সকলো কাৰ্যক্ৰমণিকা এই তিনিটা শ্ল’গানৰ আধাৰতে হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ 

সংবাদমেলত দামবৃদ্ধিৰ প্ৰসংগক বিশেষভাৱে উল্লেখ কৰি ৰিপুণ বৰাই কয়, মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যয় বাঢ়িছে৷ বৰ্তমান দেশত এনে বস্তু নাই যাৰ দাম বঢ়া নাই। ৰিজাৰ্ভ বেংকৰ সমীক্ষা মতে যোৱা ১৭ মাহত ৬. ৯৫ শতাংশ খূচুৰা মূল্য বাঢ়িছে৷ স্বাধীনতাৰ পাছত এয়া সৰ্বাধিক হাৰত বৃদ্ধি হৈছে দাম৷ চৰকাৰে ক্ৰয় ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা নাই৷ আমাৰ সকলোৰে ক্ৰয় ক্ষমতা আৰু বজাৰত টকাৰ প্ৰচলন হ্ৰাস হৈছে৷ তেওঁ লগতে অভিযোগ কৰে যে, নিৰ্বাচন হৈ যোৱা ৫খন ৰাজ্যত এমাহত ১৮ বাৰকৈ পেট্ৰ’ল-ডিজেলৰ দাম বাঢ়িছে৷ ‘ভেট’ নকমাৰ বাবে দাম বৃদ্ধি হৈছে৷

বিভিন্ন তথ্য দাঙি ধৰি তেওঁ কয় যে, পেট্ৰ’ল-ডিজেলৰ ‘এক্সাইজ ডিউটী’ বঢ়াই বিজেপি চৰকাৰৰ ৮ বছৰত ২৭ লাখ কোটি টকা সংগ্ৰহ কৰিছে। ২০২২ত নতুনকৈ ১ লাখ ২৫ হাজাৰ কোটি টকাৰ কৰ অতিৰিক্তভাৱে আমাৰ ওপৰত জাপি দিছে৷ কৃষকৰ আন্দোলনৰ প্ৰতিশোধ ল’বৰ বাবে কেন্দ্ৰ চৰকাৰে ডাই এম’নিয়াম ফছফেটত এবেগ সাৰত ১৫০ টকা বৃদ্ধি কৰি ৩৬ হাজাৰ কোটি টকা সংগ্ৰহ কৰিলে৷ 
পেট্ৰ’লৰ মূল্যবৃদ্ধি কৰি ২০ হাজাৰ ১৩৮ কোটি টকা আৰু ডিজেলৰ পৰা ৫২ হাজাৰ ৩৫৩ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে৷ টোল টেক্সৰ জৰিয়তে ২০২১-২২ত চৰকাৰে ২৮ হাজাৰ ৪৫৮ কোটি টকা সংগ্ৰহ কৰিছিল বুলিও তেওঁ দাবী কৰে। এতিয়া ১৮% টোল টেক্স বৃদ্ধি কৰি চৰকাৰে ৩৯ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে৷

জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰি অতিৰিক্ত ১০ হাজাৰ কোটি টকা চৰকাৰে সংগ্ৰহ কৰিব বিচাৰিছে বুলিও অভিযোগ আনে ৰিপুণ বৰাই। দৰিদ্ৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো চৰকাৰে ৰেহাই দিয়া নাই বুলি অভিযোগ কৰি কয়, হাউছিং ল’ন লোৱাসকলে অতিৰিক্তভাৱে ইনকাম টেক্স দিব লাগিব। তেওঁ বিজেপি চৰকাৰক কটাক্ষ কৰি কয়, আমি পুৱা গুডমৰ্নিং দি শুভেচ্ছা জনাওঁ। কিন্তু বিজেপি চৰকাৰে গুড মৰ্নিঙৰ বিপৰীতে মূল্যবৃদ্ধিৰে সম্ভাষণ জনায়। 

ইফালে, ১১ মে’ত অসমত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় মুকলি কৰা হ’ব বুলি উল্লেখ কৰে বৰাই। এই অনুষ্ঠান তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদকে অংশগ্ৰহণ কৰিব বুলিও তেওঁ ঘোষণা কৰে। গুৱাহাটীৰ জয়ানগৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যালয় হ’ব বুলি তেওঁ ঘোষণা কৰে৷ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্যালয় মুকলি অনুষ্ঠানত এহাজাৰ লোকে তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি সদৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে