--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জলবায়ু পৰিৱৰ্তনে এতিয়া অস্বিত্বৰ সংকট নমাই আনিছে মহাবাহু ব্ৰহ্মপুত্ৰলৈয়ো৷ হিমালয়ৰ ৫০ শতাংশতকৈয়ো অধিক পাকৃতিক নিজৰা শুকাই যোৱাৰ ফলতে ব্ৰহ্মপুত্ৰ নদৰ পানী কমেও ৬০ শতাংশলৈকে হ্ৰাস পোৱাৰ আশংকা ব্যক্ত কৰি আহিছে নিটি আয়োগে৷

নীতি আয়োগে প্ৰকাশ কৰা মতে হিমালয় অঞ্চলৰ প্ৰায় ৫০ শতাংশ প্ৰাকৃতিক নিজৰা শুকাই গৈছে। ফলত নদী কাষৰীয়া হাজাৰ হাজাৰ গাঁৱৰ লোকে খোৱা পানী আৰু জলসিঞ্চনৰ বাবে প্ৰয়োজন হোৱা পানীৰ নাটনিত ভোগাৰ আশংকা কৰা হৈছে৷। নিটি আয়োগৰ মতে চিমলা আৰু ভাৰতৰ অন্যান্য পাহাৰীয়া চহৰসমূহত প্ৰায়ে সৃষ্টি হোৱা পানীৰ সংকট  হিমালয়ৰ  স্প্ৰিংবোৰ শুকাই যোৱাৰ প্ৰত্যক্ষ ফল৷

সমগ্ৰ ভাৰতত ৫ নিযুত প্ৰাকৃতিক স্প্ৰিং আছে, যাৰ ভিতৰত প্ৰায় ৩ নিযুত কেৱল হিমালয়তে আছে। ভাৰতত ২০০ নিযুতৰো অধিক লোক এনে স্প্ৰিংৰ ওপৰত নিৰ্ভৰ কৰে৷ তেওঁলোকৰ মাজৰে  ৫০ নিযুত লোকে দেশৰ ১২ খন ৰাজ্যত বাস কৰে। হিমালয়ৰ হিমবাহৰ গলন,পাহাৰীয়া অঞ্চলবোৰৰ পাৰিপাৰ্শ্বিক অৱক্ষয় আদিৰ ফলতে এনে নিজৰাবোৰ শুকাই গৈ আছে।

ইয়াৰ ফলত ভাবুকি আহিছে ব্ৰহ্মপুত্ৰলৈও৷ নিটি আয়োগৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জল সংৰক্ষণৰ বাবে  প্ৰস্তুত কৰা প্ৰতিবেদনত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।আয়োগৰ প্ৰতিবেদন অনুসৰি যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ পানী ৬০ শতাংশলৈকে হ্ৰাস পাব পাৰে। ইয়াৰ অন্যতম কাৰণ হৈছে হিমালয়ৰ হিমবাহ  দ্ৰুতগতিত গলিবলৈ ধৰা তথা সংকোচন হোৱা।হিমবাহৰ এই সংকোচনৰ আঁৰত কেৱল জলবায়ুৰ পৰিবৰ্তনেই একমাত্ৰ কাৰণ নহয়।

 ভূগৰ্ভত থকা টেকট’নিক প্লেটৰ অস্বাভাৱিক উঠা-নমাৰ বাবেও গ্লেছিয়াৰসমূহ ক্ৰমশঃ খহি পৰিবলৈ আৰম্ভ কৰিছে বুলি নিটি আয়োগৰ প্ৰতিবেদনত চিন্তা ব্যক্ত কৰা হৈছে। তিব্বতত থকা গ্লেছিয়াৰসমূহ ক্ৰমাৎ উত্তৰৰ দিশে অৰ্থাৎ চীনৰ দিশে ধীৰে ধীৰে স্থানচ্যুত হৈছে আৰু ভূগৰ্ভস্থ টেকট’নিক প্লেটকেই ইয়াৰ বাবে দায়ী কৰা হৈছে।

আনহাতে, জলবায়ুৰ পৰিবৰ্তনৰ বাবে গ্লেচিয়াৰসমূহৰ উচ্চতা বছৰি ৩২ চেণ্টিমিটাৰৰ পৰা ৮০ চেণ্টিমিটাৰলৈকে হ্ৰাস পাবলৈ ধৰিছে।এই প্ৰক্ৰিয়া চলি থাকিলে অতি কম সময়ৰ ভিতৰত অসমকে ধৰি হিমালয়ৰ পাদদেশত থকা মুঠ ১২খন ৰাজ্যৰ প্ৰায় ৫ কোটি লোকৰ জীৱন পানীৰ অভাৱত বিপদাপন্ন হৈ পৰিব পাৰে৷

গংগা নদীৰ পানীৰো ৯০ শতাংশই আহে হিমালয়ৰ নিজৰাৰ পৰা৷ সেয়ে হিমালয়ৰ নিজৰা শুকাই যোৱাৰ প্ৰভাৱ গংগাৰ ওপৰতো পৰিছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ