--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হায়দৰাবাদৰ জুবিলী হিলছত সংঘটিত কিশোৰী দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত দুজন কিশোৰক তেলেংগানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত এজন কিশোৰ ৰাজ্যখনৰ শাসনাধিষ্ঠ তেলেংগানা ৰাষ্ট্ৰ সমিতি দলৰ এগৰাকী স্থানীয় নেতাৰ পুত্ৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে এই গোচৰত অভিযুক্ত ছাদুদ্দিন মালিক নামৰ আন এজন কিশোৰক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে এই ঘটনাত AIMIM দলৰ এজন বিধায়কৰ পুত্ৰও জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত পশ্চিম মণ্ডলৰ ডিচিপি জোৱেল ডেভিছে জানিবলৈ দিয়া মতে AIMIM বিধায়কৰ পুত্ৰ জড়িত থকাৰ যি অভিযোগ উঠিছে, এই বিষয়ত আৰক্ষীয়ে তদন্ত কৰি আছে। অভিযুক্ত নাবালক হোৱাৰ বাবে তেওঁ বিধায়কগৰাকীৰ নাম উল্লেখ কৰিবলৈ অস্বীকাৰ কৰে। অৱশ্যে, এই বিষয়ত এতিয়ালৈকে কোনো দৃঢ় প্ৰমাণ পোৱা হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে। 

ডিচিপি ডেভিচে লগতে কয় যে ভুক্তভোগী কিশোৰীগৰাকী আৰোগ্য হোৱাৰ পিছত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰা হ'ব। যদি কিশোৰীগৰাকীৰ ভাষ্যত বিধায়কগৰাকীৰ পুত্ৰ জড়িত থকাৰ কোনো প্ৰমাণ পোৱা যায়, তেতিয়া তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষী বিষয়া গৰাকীয়ে মন্তব্য কৰে। লগতে পৰৱৰ্তী অনুসন্ধানৰ সময়ত যদি আৰু কোনো ব্যক্তিৰ ভূমিকা পোৱা যায়, যিমানেই ডাঙৰ বা প্ৰভাৱশালী নহওঁক কিয় তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। 

আনহাতে ঘটনাত জড়িত অভিযুক্ত বা ভুক্তভোগী কিশোৰী গৰাকীয়ে সুৰা পান কৰাৰ সম্ভাৱনাও অস্বীকাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে পাবখনৰ পৰা সংগ্ৰহ কৰা চিচিটিভি ফুটেজত পাবৰ বাহিৰত অভিযুক্ত কেইজনৰ সৈতে ভুক্তভোগী কিশোৰীগৰাকীৰ উপস্থিতি নিশ্চিত কৰিছে। আৰক্ষীয়ে লগতে পাবৰ ভিতৰৰ চিচিটিভি ফুটেজো সংগ্ৰহ কৰিছে।  

উল্লেখ্য যে যোৱা ২৮ মে’ত হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত এখন পাবত অনুষ্ঠিত এক পাৰ্টিৰ অন্তত ঘৰলৈ উভতি অহাৰ সময়ত ৫ জন কিশোৰে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাৰ পিছতে কিশোৰীগৰাকী ঘৰত উপস্থিত হয়। কিশোৰীগৰাকীৰ ডিঙিত আঘাত প্ৰত্যক্ষ কৰি দেউতাকে এই আঘাতৰ বিষয়ে প্ৰশ্ন কৰে। কিন্তু কিশোৰীগৰাকীয়ে ধৰ্ষণৰ কথা প্ৰকাশ নকৰি কিছু যুৱকে শাৰীৰিক আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে।

লগে লগে দেউতাকে আৰক্ষীৰ কাষ চাপে। দেউতাকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰথমে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। কিন্তু পিছত স্বাস্থ্য পৰীক্ষাৰ বাবে মহিলা বিষয়াসকলৰ ওচৰলৈ পঠোৱাৰ সময়ত কিশোৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বাখ্যা কৰে।ইয়াৰ পিছতে আৰক্ষীয়ে আৰক্ষীয়ে গোচৰটো সলনি কৰি আইপিচিৰ ধাৰা ৩৭৬ যোগ কৰাৰ লগতে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাত ব্যৱহৃত বিলাসী বাহনখন জব্দ কৰিছে। আনহাতে চিচিটিভি ফুটেজ নীৰিক্ষণ কৰি ৫ অভিযুক্তক চিনাক্ত কৰিছে আৰক্ষীয়ে। ইয়াৰে তিনিজন অভিযুক্ত নাবালক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।

তেলেংগানাৰ ৰাজধানীৰ মাজমজিয়াত সংঘটিত হোৱা এই অপৰাধত ৰাজনীতিবিদৰ সন্তান জড়িত থকাৰ অভিযোগ উত্থাপনৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনাটোৱে এতিয়া ৰাজনৈতিক ৰং লোৱা পৰিলক্ষিত হৈছে। বিৰোধী দল বিজেপিয়ে শাসকীয় টি আৰ এছ আৰু আছাদুদ্দিন ওৱেছিৰ AIMIM দলৰ নেতা এই ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। ইচ্ছাকৃতভাৱে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাত পলম কৰাৰ অভিযোগ তুলিছে বিজেপিয়ে। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু উচিত তদন্তৰ দাবীত বিজেপিৰ সদস্যই জুবিলী হিলছ আৰক্ষী থানাৰ সন্মূখত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জোঁৱাইক ২৫ ছেকেণ্ডত ৩৫ টাতকৈ অধিক ঘোচা  মাৰিলে শহুৰৰ পৰিয়ালে! চিচিটিভিত বন্দী নৃশংসতা
অমিতা খাওক, আঁতৰত থাকিব মুখৰ বলিৰেখা
হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ
খাৰুৱা তেলৰ দাম বৃদ্ধিয়ে আজি ভংগ কৰিব পাৰে ২০ বছৰৰ অভিলেখ
ইজৰাইলক গৰিহণাৰ এছ চি অ'ৰ প্ৰস্তাৱৰ পৰা আঁতৰি থাকিল ভাৰত
নিশাৰ ভাগত বহিঃৰাজ্যৰ গাহৰি আমদানিত নিষেধাজ্ঞা
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?