--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰাপত্তাৰ ভয়াৱহ ঘটনা। ইয়াত এজন ব্যক্তিয়ে কেমেৰা ফিট কৰা চশমা পিন্ধি গোপনে মন্দিৰৰ ভিতৰত ফটো তুলি আছিল। ফটো তুলি থকাৰ সময়তে আৰক্ষীয়ে ধৰিলে। এতিয়া চোৰাংচোৱা সংস্থাই তেওঁক জেৰা কৰি আছে। এই সন্দৰ্ভত নিৰাপত্তাৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তথ্য অনুসৰি যোৱা সোমবাৰে এজন ব্যক্তিয়ে ৰামলালাক দৰ্শন কৰিবলৈ অযোধ্যাত উপস্থিত হৈছিল। কেমেৰা লগোৱা চশমাও পিন্ধিছিল। তেওঁ মন্দিৰ কমপ্লেক্সৰ সকলো চেক পইণ্ট পাৰ হৈ গৈছিল যদিও নিৰাপত্তাৰক্ষীয়ে ধৰিব পৰা নাছিল। ইয়াৰ পিছত তেওঁ ৰাম মন্দিৰ কমপ্লেক্সত ফটো তুলিবলৈ আৰম্ভ কৰে। তাত থকা নিৰাপত্তাৰক্ষীয়ে তেওঁক ফটো তুলি থকা দেখি লগে লগে তেওঁক ধৰি চোৰাংচোৱা সংস্থাক গতাই দিয়ে। তেওঁ পিন্ধা চশমাযোৰৰ ফ্ৰেমৰ দুয়োফালে কেমেৰা লগোৱা আছিল, যাৰ মাজেৰে অতি সহজে ফটো তুলিব পৰা গৈছিল।

অযোধ্যা ৰাম মন্দিৰৰ নিৰাপত্তাৰ দায়িত্ব ইউ পি চৰকাৰে গঠন কৰা বিশেষ নিৰাপত্তা বাহিনীৰ হাতত আছে। পি এ চি আৰু ইউ পি আৰক্ষীৰ শ্ৰেষ্ঠ কৰ্মীক একত্ৰিত কৰি এছ এছ এফ গঠন কৰা হৈছে। এই জোৱানসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ পিছত ৰাম মন্দিৰৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে। ইয়াৰ পূৰ্বে ৰামলালাৰ নিৰাপত্তাৰ বাবে চি আৰ পি এফৰ ছটা বেটেলিয়ন আৰু পি এ চিৰ ১২টা কোম্পানী মোতায়েন কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ