--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰাপত্তাৰ ভয়াৱহ ঘটনা। ইয়াত এজন ব্যক্তিয়ে কেমেৰা ফিট কৰা চশমা পিন্ধি গোপনে মন্দিৰৰ ভিতৰত ফটো তুলি আছিল। ফটো তুলি থকাৰ সময়তে আৰক্ষীয়ে ধৰিলে। এতিয়া চোৰাংচোৱা সংস্থাই তেওঁক জেৰা কৰি আছে। এই সন্দৰ্ভত নিৰাপত্তাৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

তথ্য অনুসৰি যোৱা সোমবাৰে এজন ব্যক্তিয়ে ৰামলালাক দৰ্শন কৰিবলৈ অযোধ্যাত উপস্থিত হৈছিল। কেমেৰা লগোৱা চশমাও পিন্ধিছিল। তেওঁ মন্দিৰ কমপ্লেক্সৰ সকলো চেক পইণ্ট পাৰ হৈ গৈছিল যদিও নিৰাপত্তাৰক্ষীয়ে ধৰিব পৰা নাছিল। ইয়াৰ পিছত তেওঁ ৰাম মন্দিৰ কমপ্লেক্সত ফটো তুলিবলৈ আৰম্ভ কৰে। তাত থকা নিৰাপত্তাৰক্ষীয়ে তেওঁক ফটো তুলি থকা দেখি লগে লগে তেওঁক ধৰি চোৰাংচোৱা সংস্থাক গতাই দিয়ে। তেওঁ পিন্ধা চশমাযোৰৰ ফ্ৰেমৰ দুয়োফালে কেমেৰা লগোৱা আছিল, যাৰ মাজেৰে অতি সহজে ফটো তুলিব পৰা গৈছিল।

অযোধ্যা ৰাম মন্দিৰৰ নিৰাপত্তাৰ দায়িত্ব ইউ পি চৰকাৰে গঠন কৰা বিশেষ নিৰাপত্তা বাহিনীৰ হাতত আছে। পি এ চি আৰু ইউ পি আৰক্ষীৰ শ্ৰেষ্ঠ কৰ্মীক একত্ৰিত কৰি এছ এছ এফ গঠন কৰা হৈছে। এই জোৱানসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ পিছত ৰাম মন্দিৰৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে। ইয়াৰ পূৰ্বে ৰামলালাৰ নিৰাপত্তাৰ বাবে চি আৰ পি এফৰ ছটা বেটেলিয়ন আৰু পি এ চিৰ ১২টা কোম্পানী মোতায়েন কৰা হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post