--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰে। পঞ্চায়তী ৰাজ দিৱস উপলক্ষে জম্মু-কাশ্মীৰত অনুষ্ঠিত এখন বিশেষ সভাত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। দেশৰ জনসাধাৰণক সম্বোধন কৰি তেওঁ কয়, ‘জম্মু-কাশ্মীৰ দ্ৰুতগতিত বিকশিত হৈ আছে। জম্মু আৰু কাশ্মীৰত গণতন্ত্ৰ শক্তিশালী কৰা হৈছে। ইয়াত তৃণমূল পৰ্যায়লৈকে গণতন্ত্ৰ শক্তিশালী কৰা হৈছে। যদি সকলোৱে একেলগে চেষ্টা কৰে তেন্তে কি ফলাফল পোৱা যায় তাৰ উত্তৰ পাবলৈ জম্মু আৰু কাশ্মীৰলৈ চলেই স্পষ্ট হৈ পৰে। 

তেওঁ লগতে কয় যে, ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত, জম্মু আৰু কাশ্মীৰৰ উন্নয়নে গতি লাভ কৰিছে। ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "মই উন্নয়নৰ বাৰ্তা লৈ ইয়ালৈ আহিছোঁ। তেওঁ লগতে কয়, আমাৰ চৰকাৰে আহি আম্বেদকাৰৰ সপোন পূৰণ কৰিছে। মোদীয়ে লগতে কয় যে, মই জম্মু-কাশ্মীৰৰ বাবে নতুন নহয়। ইয়াত থকা জনসাধাৰণো মোৰ বাবে নতুন নহয়।

পঞ্চায়তী ৰাজ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘জম্মু-কাশ্মীৰত এই বছৰৰ পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰা হৈছে। যিয়ে এক ডাঙৰ পৰিৱৰ্তনকে সূচায়ছে। জম্মু-কাশ্মীৰত গণতন্ত্ৰ তৃণমূল পৰ্যায়তলৈকে প্ৰসাৰিত হোৱাটো অতি গৌৰৱৰ বিষয় আৰু সেইবাবেই মই ইয়ালৈ আহি আপোনালোকৰ সৈতে কথা পাতিব পাৰিছোঁ। তেওঁ লগত কয় যে, আজি ৰাজ্যখনত পিছপৰা লোকসকলক সংৰক্ষণ দিয়া হৈছে, তেওঁলোকে ন্যায় আৰু উন্নয়ন লাভ কৰিছে। পঞ্চায়তী ব্যৱস্থা প্ৰৱৰ্তন কৰি, ইয়াত থকা লোকসকলে এতিয়া তেওঁলোকৰ স্বনিয়ন্ত্ৰণ লাভ কৰিছে।'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এই জম্মু-কাশ্মীৰ ভ্ৰমণত ২০,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰে। তেওঁ বিভিন্ন আধাৰশিলা স্থাপন আৰু প্ৰকস্প উদ্বোধন কাৰ্যসূচীত অংশংগ্ৰহণ কৰি কয় যে, ‘আপুনি মোক দিল্লীত সেৱা আগবঢ়োৱাৰ সুযোগ দিছে। আইন প্ৰণয়নৰ পাছত জম্মু আৰু কাশ্মীৰক ক্ষমতা প্ৰদান কৰা হৈছে। পঞ্চায়ত ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰা হৈছে। পঞ্চায়তলৈ ত্ৰিশ হাজাৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে আৰু তেওঁলোকে জম্মু আৰু কাশ্মীৰত ব্যৱস্থাটো পৰিচালনা কৰি আছে। প্ৰথমবাৰৰ বাবে ইয়াত, তিনিস্তৰীয় পঞ্চায়ত নিৰ্বাচন ইয়াত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাটো সম্ভৱ হৈছে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ