--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পাছত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰে। পঞ্চায়তী ৰাজ দিৱস উপলক্ষে জম্মু-কাশ্মীৰত অনুষ্ঠিত এখন বিশেষ সভাত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। দেশৰ জনসাধাৰণক সম্বোধন কৰি তেওঁ কয়, ‘জম্মু-কাশ্মীৰ দ্ৰুতগতিত বিকশিত হৈ আছে। জম্মু আৰু কাশ্মীৰত গণতন্ত্ৰ শক্তিশালী কৰা হৈছে। ইয়াত তৃণমূল পৰ্যায়লৈকে গণতন্ত্ৰ শক্তিশালী কৰা হৈছে। যদি সকলোৱে একেলগে চেষ্টা কৰে তেন্তে কি ফলাফল পোৱা যায় তাৰ উত্তৰ পাবলৈ জম্মু আৰু কাশ্মীৰলৈ চলেই স্পষ্ট হৈ পৰে। 

তেওঁ লগতে কয় যে, ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত, জম্মু আৰু কাশ্মীৰৰ উন্নয়নে গতি লাভ কৰিছে। ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, "মই উন্নয়নৰ বাৰ্তা লৈ ইয়ালৈ আহিছোঁ। তেওঁ লগতে কয়, আমাৰ চৰকাৰে আহি আম্বেদকাৰৰ সপোন পূৰণ কৰিছে। মোদীয়ে লগতে কয় যে, মই জম্মু-কাশ্মীৰৰ বাবে নতুন নহয়। ইয়াত থকা জনসাধাৰণো মোৰ বাবে নতুন নহয়।

পঞ্চায়তী ৰাজ দিৱস উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘জম্মু-কাশ্মীৰত এই বছৰৰ পঞ্চায়তী ৰাজ দিৱস উদযাপন কৰা হৈছে। যিয়ে এক ডাঙৰ পৰিৱৰ্তনকে সূচায়ছে। জম্মু-কাশ্মীৰত গণতন্ত্ৰ তৃণমূল পৰ্যায়তলৈকে প্ৰসাৰিত হোৱাটো অতি গৌৰৱৰ বিষয় আৰু সেইবাবেই মই ইয়ালৈ আহি আপোনালোকৰ সৈতে কথা পাতিব পাৰিছোঁ। তেওঁ লগত কয় যে, আজি ৰাজ্যখনত পিছপৰা লোকসকলক সংৰক্ষণ দিয়া হৈছে, তেওঁলোকে ন্যায় আৰু উন্নয়ন লাভ কৰিছে। পঞ্চায়তী ব্যৱস্থা প্ৰৱৰ্তন কৰি, ইয়াত থকা লোকসকলে এতিয়া তেওঁলোকৰ স্বনিয়ন্ত্ৰণ লাভ কৰিছে।'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এই জম্মু-কাশ্মীৰ ভ্ৰমণত ২০,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰে। তেওঁ বিভিন্ন আধাৰশিলা স্থাপন আৰু প্ৰকস্প উদ্বোধন কাৰ্যসূচীত অংশংগ্ৰহণ কৰি কয় যে, ‘আপুনি মোক দিল্লীত সেৱা আগবঢ়োৱাৰ সুযোগ দিছে। আইন প্ৰণয়নৰ পাছত জম্মু আৰু কাশ্মীৰক ক্ষমতা প্ৰদান কৰা হৈছে। পঞ্চায়ত ব্যৱস্থা ইয়াত প্ৰৱৰ্তন কৰা হৈছে। পঞ্চায়তলৈ ত্ৰিশ হাজাৰ প্ৰতিনিধি নিৰ্বাচিত হৈছে আৰু তেওঁলোকে জম্মু আৰু কাশ্মীৰত ব্যৱস্থাটো পৰিচালনা কৰি আছে। প্ৰথমবাৰৰ বাবে ইয়াত, তিনিস্তৰীয় পঞ্চায়ত নিৰ্বাচন ইয়াত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাটো সম্ভৱ হৈছে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন