--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰখ্যাত পাকিস্তানী কবি ফইজ আহমদ ফইজৰ কবিতা বাদ পৰিল চিবিএছই পাঠ্যক্ৰমৰ পৰা। প্ৰখ্যাত কবিগৰাকীৰ কবিতাৰ দুটা অংশ বাদ দিয়াৰ তথ্য বৃহস্পতিবাৰে ২০২২-২৩ চনৰ পাঠ্যক্ৰমৰ সূচী প্ৰকাশ কৰাৰ পাছতে পোহৰলৈ আহিছে। এই অংশ দুটা দহ বছৰৰো অধিক সময় ধৰি এই পাঠ্যক্ৰমৰ অংশ হৈ আছিল। ৰিলিজিয়ন, কমিউনেলিজম এণ্ড পলিটিক্স- কমিউনেলিজম, ছেকুলাৰ ষ্টেট শীৰ্ষক দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অংশ হৈ আছিল ফইজৰ কবিতাৰ এই অংশ। এনচিইআৰটিৰ পাঠ্যক্ৰমৰ ‘ডেম’ক্ৰেটিক পলিটিক্স ২’ পাঠ্যক্ৰমত থকা এই অংশ আঁতৰোৱাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

তদুপৰি এই পাঠ্যক্ৰমত সংলগ্ন কৰা দুখন বিশেষ আলোকচিত্ৰও আঁতৰোৱা হৈছে। ফইজৰ কবিতাৰ শাৰীকেইটা এই পোষ্টাৰৰ সৈতে সংলগ্ন হৈ আছিল। এক্ট ফৰ নাও হাৰমনী এণ্ড ডেম’ক্ৰেটী (ANHAD) নামৰ এনজিঅ’ আৰু আন এটা স্বেচ্ছাসেৱী সংগঠনে এই পোষ্টাৰ দুখন প্ৰস্তুত কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, এই পোষ্টাৰ দুখনৰ সৈতে সংলগ্ন হৈ থকা কথাখিনি আছিল, “Not enough to shed tears, to suffer anguish, not enough to nurse love in secret… Today, walk in the public square fettered in chains.”

এই শাৰী কেইটা ফইজৰ এটা কবিতাৰ পৰা উদ্ধৃত কৰা হৈছিল। ফইজ লাহোৰ কাৰাগাৰত থকা সময়ত তেওঁ আজ হাজাৰ মে পা বা জোলে চলো শীৰ্ষক এই কবিতাটো লিখিছিল। আনখন পোষ্টাৰত ফইজৰ আন এটা কবিতাৰ এটা শাৰী উদ্ধৃত কৰা হৈছিল। ধাকা ছে ৱাপচী পৰ শীৰ্ষক কবিতাটোৰ শাৰীকেইটা আছিল “We remain strangers even after so many meetings, blood stains remain even after so many rains.”

উৰ্দুৰ পৰা অনুবাদ কৰা এই শাৰীকেইটা ফইজে লিখিছিল ১৯৭৪চনত বাংলাদেশ ভ্ৰমণ কৰি অহাৰ পাছত। দেশখনে স্বাধীনতা লাভৰ তিনি বছৰৰ পাছত তেওঁ ভ্ৰমণ কৰিছিল দেশখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement