--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰখ্যাত পাকিস্তানী কবি ফইজ আহমদ ফইজৰ কবিতা বাদ পৰিল চিবিএছই পাঠ্যক্ৰমৰ পৰা। প্ৰখ্যাত কবিগৰাকীৰ কবিতাৰ দুটা অংশ বাদ দিয়াৰ তথ্য বৃহস্পতিবাৰে ২০২২-২৩ চনৰ পাঠ্যক্ৰমৰ সূচী প্ৰকাশ কৰাৰ পাছতে পোহৰলৈ আহিছে। এই অংশ দুটা দহ বছৰৰো অধিক সময় ধৰি এই পাঠ্যক্ৰমৰ অংশ হৈ আছিল। ৰিলিজিয়ন, কমিউনেলিজম এণ্ড পলিটিক্স- কমিউনেলিজম, ছেকুলাৰ ষ্টেট শীৰ্ষক দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ অংশ হৈ আছিল ফইজৰ কবিতাৰ এই অংশ। এনচিইআৰটিৰ পাঠ্যক্ৰমৰ ‘ডেম’ক্ৰেটিক পলিটিক্স ২’ পাঠ্যক্ৰমত থকা এই অংশ আঁতৰোৱাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।

তদুপৰি এই পাঠ্যক্ৰমত সংলগ্ন কৰা দুখন বিশেষ আলোকচিত্ৰও আঁতৰোৱা হৈছে। ফইজৰ কবিতাৰ শাৰীকেইটা এই পোষ্টাৰৰ সৈতে সংলগ্ন হৈ আছিল। এক্ট ফৰ নাও হাৰমনী এণ্ড ডেম’ক্ৰেটী (ANHAD) নামৰ এনজিঅ’ আৰু আন এটা স্বেচ্ছাসেৱী সংগঠনে এই পোষ্টাৰ দুখন প্ৰস্তুত কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, এই পোষ্টাৰ দুখনৰ সৈতে সংলগ্ন হৈ থকা কথাখিনি আছিল, “Not enough to shed tears, to suffer anguish, not enough to nurse love in secret… Today, walk in the public square fettered in chains.”

এই শাৰী কেইটা ফইজৰ এটা কবিতাৰ পৰা উদ্ধৃত কৰা হৈছিল। ফইজ লাহোৰ কাৰাগাৰত থকা সময়ত তেওঁ আজ হাজাৰ মে পা বা জোলে চলো শীৰ্ষক এই কবিতাটো লিখিছিল। আনখন পোষ্টাৰত ফইজৰ আন এটা কবিতাৰ এটা শাৰী উদ্ধৃত কৰা হৈছিল। ধাকা ছে ৱাপচী পৰ শীৰ্ষক কবিতাটোৰ শাৰীকেইটা আছিল “We remain strangers even after so many meetings, blood stains remain even after so many rains.”

উৰ্দুৰ পৰা অনুবাদ কৰা এই শাৰীকেইটা ফইজে লিখিছিল ১৯৭৪চনত বাংলাদেশ ভ্ৰমণ কৰি অহাৰ পাছত। দেশখনে স্বাধীনতা লাভৰ তিনি বছৰৰ পাছত তেওঁ ভ্ৰমণ কৰিছিল দেশখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন