--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্ঞানৱাপী মছজিদ বিতৰ্কই এতিয়া অধিক ব্যাপক ৰূপ লোৱা দেখা পোৱা গৈছে। মছজিদটোৰ অভ্যন্তৰত শিৱলিংগ থকাৰ বুলি কৰা দাবীক কেন্দ্ৰ কৰি তীব্ৰ হৈ পৰিছে বিতৰ্ক। আজি জ্ঞানৱাপী মছজিদ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়। এই শুনানিৰ সময়ত আদালতে নিৰ্দেশ দিয়ে যে মছজিদত জৰীপৰ সময়ত শিৱলিংগ উদ্ধাৰ হোৱা অঞ্চলটোৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। আদালতে এই সন্দৰ্ভত বাৰাণসীৰ জিলা দণ্ডাধীশক নিৰ্দেশ দিছে।

একে সময়তে, উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে, মুছলমানসকলে কোনো বাধা অবিহনে যাতে জ্ঞানৱাপী মছজিদত নামাজ অব্যাহত ৰাখিব পাৰে সেয়া নিশ্চিত কৰিব লাগে। একে সময়তে, শীৰ্ষ আদালতখনে আবেদনকাৰী হিন্দু ভক্তসকলক জাননী জাৰি কৰে। এতিয়া, মছজিদ সমিতিৰ আৱেদনৰ শুনানিৰ তাৰিখ ১৯ মে' নিৰ্ধাৰণ কৰিছে ন্যায়ালয়ে।

সোমবাৰে, বাৰাণসী জিলাৰ এখন আদালতে মছজিদৰ যিটো অংশত শিৱলিংগ পোৱা বুলি দাবী কৰা হৈছিল সেই অংশটো জিলা প্ৰশাসনক ছীল কৰিবলৈ নিৰ্দেশ দিছিল।  একে সময়তে, আদালতে কৈছিল যে শিৱলিংগ উদ্ধাৰ হোৱা বুলি দাবী কৰা ঠাইত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা উচিত আৰু মাত্ৰ ২০জন লোকক মছজিদত প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিব লাগে। অৱশ্যে নিম্ন আদালতৰ এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ে স্থগিত কৰিছে।

উল্লেখ্য যে, জ্ঞানৱাপী মছজিদ চৌহদৰ জৰীপৰ কাম ১৪ৰ পৰা ১৬ মে'ৰ ভিতৰত সম্পন্ন কৰা হৈছিল। এই সময়ছোৱাত, এই শিৱলিংগটো উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছিল। ইয়াৰ পাছতে নিম্ন আদালতে নামাজত অংশগ্ৰহণকাৰী লোকৰ সংখ্যা সীমিত কৰি তোলাৰ নিৰ্দেশ দিছিল।
একে সময়তে, জ্ঞানৱাপী মছজিদ কৰ্তৃপক্ষই নিম্ন আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যায়। কৰ্তৃপক্ষই নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ বিচাৰি আবেদন কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ শুনানিত প্ৰতিবন্ধকতা আৰোপ কৰা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ