--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্ঞানৱাপী মছজিদ বিতৰ্কই এতিয়া অধিক ব্যাপক ৰূপ লোৱা দেখা পোৱা গৈছে। মছজিদটোৰ অভ্যন্তৰত শিৱলিংগ থকাৰ বুলি কৰা দাবীক কেন্দ্ৰ কৰি তীব্ৰ হৈ পৰিছে বিতৰ্ক। আজি জ্ঞানৱাপী মছজিদ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হয়। এই শুনানিৰ সময়ত আদালতে নিৰ্দেশ দিয়ে যে মছজিদত জৰীপৰ সময়ত শিৱলিংগ উদ্ধাৰ হোৱা অঞ্চলটোৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। আদালতে এই সন্দৰ্ভত বাৰাণসীৰ জিলা দণ্ডাধীশক নিৰ্দেশ দিছে।

একে সময়তে, উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে, মুছলমানসকলে কোনো বাধা অবিহনে যাতে জ্ঞানৱাপী মছজিদত নামাজ অব্যাহত ৰাখিব পাৰে সেয়া নিশ্চিত কৰিব লাগে। একে সময়তে, শীৰ্ষ আদালতখনে আবেদনকাৰী হিন্দু ভক্তসকলক জাননী জাৰি কৰে। এতিয়া, মছজিদ সমিতিৰ আৱেদনৰ শুনানিৰ তাৰিখ ১৯ মে' নিৰ্ধাৰণ কৰিছে ন্যায়ালয়ে।

সোমবাৰে, বাৰাণসী জিলাৰ এখন আদালতে মছজিদৰ যিটো অংশত শিৱলিংগ পোৱা বুলি দাবী কৰা হৈছিল সেই অংশটো জিলা প্ৰশাসনক ছীল কৰিবলৈ নিৰ্দেশ দিছিল।  একে সময়তে, আদালতে কৈছিল যে শিৱলিংগ উদ্ধাৰ হোৱা বুলি দাবী কৰা ঠাইত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা উচিত আৰু মাত্ৰ ২০জন লোকক মছজিদত প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিব লাগে। অৱশ্যে নিম্ন আদালতৰ এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ে স্থগিত কৰিছে।

উল্লেখ্য যে, জ্ঞানৱাপী মছজিদ চৌহদৰ জৰীপৰ কাম ১৪ৰ পৰা ১৬ মে'ৰ ভিতৰত সম্পন্ন কৰা হৈছিল। এই সময়ছোৱাত, এই শিৱলিংগটো উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছিল। ইয়াৰ পাছতে নিম্ন আদালতে নামাজত অংশগ্ৰহণকাৰী লোকৰ সংখ্যা সীমিত কৰি তোলাৰ নিৰ্দেশ দিছিল।
একে সময়তে, জ্ঞানৱাপী মছজিদ কৰ্তৃপক্ষই নিম্ন আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যায়। কৰ্তৃপক্ষই নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ বিচাৰি আবেদন কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে নিম্ন আদালতৰ শুনানিত প্ৰতিবন্ধকতা আৰোপ কৰা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী