--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত ‘৫ জি টেষ্টবেড’ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্যোগ আৰু ষ্টাৰ্টআপৰ বাবে এই টেষ্টবেড মুকলি কৰে। এই সুবিধা ষ্টাৰ্টআপ আৰু অন্যান্য ঔদ্যোগিক গোটবোৰে তেওঁলোকৰ ৫ জি-সম্পৰ্কীয় সেৱাবোৰ পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব। তেওঁ ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ (ট্ৰাই) ৰূপালী জয়ন্তী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে টেষ্টবেড মুকলি কৰে। 
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ২ জি যুগত দেশত হতাশা, নিৰাশা, দুৰ্নীতি আৰু নীতিগত পক্ষাঘাতৰ সময় আছিল, কিন্তু দেশে এতিয়া তাৰ পৰা ওলাই আহি দ্ৰুততা আৰু স্বচ্ছতাৰে ৩জিৰ পৰা ৬জিলৈ অগ্ৰসৰ হ’বলৈ সাজু হৈছে। ৫ জি টেষ্টবেডৰ এই সুবিধা আইআইটি কানপুৰ, আইআইটি মাদ্ৰাজ, আইআইটি দিল্লী, আইআইটি হায়দৰাবাদ আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত উপলব্ধ হ'ব।

৫জি সেৱাৰ পৰা কিমান লাভৱান হ'ব দেশ?
প্ৰধানমন্ত্ৰীয়ে কয় যে অহা ১৫ বছৰত ৫ জিৰ পৰা ৪৫০ নিযুত ডলাৰৰ লাভ হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে চৰকাৰে এই দশকৰ শেষৰ ফালে দেশত ৬জি সেৱা আৰম্ভ কৰাৰ লক্ষ্যত কাম কৰি আছে। এই ভাষণত কংগ্ৰেছক তীব্ৰভাৱে সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে ২জিৰ অৰ্থ হতাশা, নিৰাশা আৰু দুৰ্নীতি আছিল যিটো এতিয়া তেওঁৰ চৰকাৰে সলনি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটা ডাক টিকটো মুকলি কৰে। প্ৰকল্পটোৰ সৈতে জড়িত গৱেষক আৰু প্ৰতিষ্ঠানসমূহক অভিনন্দন জনাই তেওঁ কয়, "দেশত নিৰ্মিত  ৫জি টেষ্টবেড দেশবাসীলৈ উৎসৰ্গা কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে সৌভাগ্য। টেলিকম খণ্ডত গুৰুত্বপূৰ্ণ আৰু আধুনিক প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সাধাৰণ লোকৰ বাবে কেতিয়া আৰম্ভ হ'ব ৫ জি সেৱা?
প্ৰধানমন্ত্ৰীয়ে কয় যে, ৫ জি শীঘ্ৰেই বজাৰলৈ আহিব, ইয়াৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। তেওঁ কয় যে এই দশকৰ শেষৰ ফালে এটা টাস্ক ফ'ৰ্চে ৬জি সেৱা আৰম্ভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কাম আৰম্ভ কৰিছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে এই বছৰৰ শেষৰ ফালে ৫জি সেৱা আৰম্ভ কৰিব বিচাৰে। টেলিকম খণ্ডক নিয়ন্ত্ৰণ কৰিবলৈ ১৯৯৭ চনত ট্ৰাই স্থাপন কৰা হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি