--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত ‘৫ জি টেষ্টবেড’ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্যোগ আৰু ষ্টাৰ্টআপৰ বাবে এই টেষ্টবেড মুকলি কৰে। এই সুবিধা ষ্টাৰ্টআপ আৰু অন্যান্য ঔদ্যোগিক গোটবোৰে তেওঁলোকৰ ৫ জি-সম্পৰ্কীয় সেৱাবোৰ পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব। তেওঁ ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ (ট্ৰাই) ৰূপালী জয়ন্তী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে টেষ্টবেড মুকলি কৰে। 
এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ২ জি যুগত দেশত হতাশা, নিৰাশা, দুৰ্নীতি আৰু নীতিগত পক্ষাঘাতৰ সময় আছিল, কিন্তু দেশে এতিয়া তাৰ পৰা ওলাই আহি দ্ৰুততা আৰু স্বচ্ছতাৰে ৩জিৰ পৰা ৬জিলৈ অগ্ৰসৰ হ’বলৈ সাজু হৈছে। ৫ জি টেষ্টবেডৰ এই সুবিধা আইআইটি কানপুৰ, আইআইটি মাদ্ৰাজ, আইআইটি দিল্লী, আইআইটি হায়দৰাবাদ আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত উপলব্ধ হ'ব।

৫জি সেৱাৰ পৰা কিমান লাভৱান হ'ব দেশ?
প্ৰধানমন্ত্ৰীয়ে কয় যে অহা ১৫ বছৰত ৫ জিৰ পৰা ৪৫০ নিযুত ডলাৰৰ লাভ হ’ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে চৰকাৰে এই দশকৰ শেষৰ ফালে দেশত ৬জি সেৱা আৰম্ভ কৰাৰ লক্ষ্যত কাম কৰি আছে। এই ভাষণত কংগ্ৰেছক তীব্ৰভাৱে সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে ২জিৰ অৰ্থ হতাশা, নিৰাশা আৰু দুৰ্নীতি আছিল যিটো এতিয়া তেওঁৰ চৰকাৰে সলনি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটা ডাক টিকটো মুকলি কৰে। প্ৰকল্পটোৰ সৈতে জড়িত গৱেষক আৰু প্ৰতিষ্ঠানসমূহক অভিনন্দন জনাই তেওঁ কয়, "দেশত নিৰ্মিত  ৫জি টেষ্টবেড দেশবাসীলৈ উৎসৰ্গা কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে সৌভাগ্য। টেলিকম খণ্ডত গুৰুত্বপূৰ্ণ আৰু আধুনিক প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সাধাৰণ লোকৰ বাবে কেতিয়া আৰম্ভ হ'ব ৫ জি সেৱা?
প্ৰধানমন্ত্ৰীয়ে কয় যে, ৫ জি শীঘ্ৰেই বজাৰলৈ আহিব, ইয়াৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। তেওঁ কয় যে এই দশকৰ শেষৰ ফালে এটা টাস্ক ফ'ৰ্চে ৬জি সেৱা আৰম্ভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কাম আৰম্ভ কৰিছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে এই বছৰৰ শেষৰ ফালে ৫জি সেৱা আৰম্ভ কৰিব বিচাৰে। টেলিকম খণ্ডক নিয়ন্ত্ৰণ কৰিবলৈ ১৯৯৭ চনত ট্ৰাই স্থাপন কৰা হৈছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ