--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনতাৰ সেৱাৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধিয়ে এতিয়া জনতাৰ পৰা সেৱা আদায় কৰাটো এক চিনাকি দৃশ্য। কিছুদিন পূৰ্বে লামডিঙত বানৰ বুজ ল'বলৈ গৈ সাংবাদিকৰ পিঠিত উঠা বিজেপি বিধায়ক শিবু মিশ্ৰৰ ভাইৰেল হৈ পৰা ছবি বা ভিডিঅ’ আপোনালোকে দেখিছিল। এইবাৰ তেনেদৰেই সমষ্টিৰ এগৰাকী মহিলাৰ দ্বাৰা বিশেষধৰণে সেৱা লাভ কৰি চৰ্চালৈ আহিছে আন এগৰাকী বিধায়ক।

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে এটি সৰু ভিডিঅ’। ভিডিঅ’টোত এগৰাকী বৃদ্ধাই সমষ্টিটোৰ বিধায়িকাগৰাকীৰ ভৰি ধুৱাই থকা দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টোত এইদৰে সমষ্টিবসীৰ সেৱা আদায় কৰা বিধায়িকাগৰাকী হৈছে ত্ৰিপুৰাৰ বধৰঘাটৰ বিধায়িকা মিমি মজুমদাৰ। জানিব পৰা মতে যোৱা বৃহস্পতিবাৰে এইগৰাকী বিজেপি বিধায়িকাই নিজ সমষ্টিৰ অন্তৰ্গত সূৰ্যপাৰা অঞ্চলৰ ভ্ৰমণৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। 

অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ পিছত অঞ্চলবাসীৰ বুজ ল’বলৈ উপস্থিত হৈছিল বিধায়িকাগৰাকী। তেতিয়াই এগৰাকী বয়োজ্যেষ্ঠ মহিলাই বিধায়িকা মিমি মজুমদাৰৰ বোকা লাগি থকা ভৰি দুই পৰিষ্কাৰ কৰি দিয়ে। 

এই সৰু ভিডিঅ’টো ত্ৰিপুৰাৰ বিৰোধী ৰাজনৈতিক দল চিপিআই (এম)- ৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত আপলোড কৰা হৈছিল। চিপিআই (এম)- এ ভিডিঅ’টো শ্বেয়াৰ কৰি “ফটোশ্বুটৰ পিছত এগৰাকী মহিলাই বিজেপি বিধায়িকাৰ ভৰি ধুব লগা হৈছিল" বুলি অভিযোগ কৰে। 

অৱশ্যে চিপিআই (এম)- ৰ এই অভিযোগ খণ্ডন কৰিছে ৰাজ্যখনৰ বিজেপি নেতৃত্বই। তেওঁলোকে দাবী কৰে যে বিধায়িকা মিমি মজুমদাৰে মহিলাগৰাকীক এনে কাম নকৰিবলৈ বাৰম্বাৰ বাধা দিছিল। কিন্তু বিধায়িকাগৰাকীক তেনে নকৰিবলৈ কোৱা স্বত্বেও তেওঁৰ ভৰি ধুইছিল। শাসকীয় দলটোৱে বিধায়িকা মিমি মজুমদাৰ চিপিআই (এম)- ৰ নিকৃষ্ট ৰাজনীতিৰ বলি হোৱা বুলি অভিযোগ কৰে।

আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়িকা মজুমদাৰে কয়, “বিধায়িকা হিচাপে মোৰ প্ৰতি থকা মৰমৰ বাবে মহিলাগৰাকীয়ে মোৰ ভৰি ধুইছিল। তেওঁ মাতৃস্নেহৰ পৰিচয় দি এই কাম কৰিছিল।এই কাৰ্যক নেতিবাচক হিচাপে দেখুওৱা উচিত নহয়।” 

এজন বিধায়কে ভাল কাম কৰি মানুহৰ পৰা কিদৰে সন্মান অৰ্জন কৰিব পাৰে সেইয়া এই ঘটনাৰ পৰাই প্ৰমাণ হৈছে বুলি দাবী কৰে মজুমদাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ