--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিক উদ্দেশ্যি কয় যে  দেশৰ উত্তৰ-পূব ভাৰতত কোনো উন্নয়ন হোৱা নাই। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল উন্নয়নৰ পৰা বঞ্চিত হব লগা হৈছে বুলি তেওঁ বিজেপিক কৰ্টাক্ষ কৰে। প্ৰত্যুতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক লক্ষ্য কৰি লয়। অমিত শ্বাহে অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল, তেতিয়াই তেওঁ ৰাহুল গান্ধীক উদ্দেশ্যি এই কথা কয়।

অৰুণাচল প্ৰদেশৰ নামচাই অঞ্চলত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয়, "যদি কোনোবাই চকু বন্ধ কৰি ৰাখিছে, তেন্তে তেওঁ বিকাশ কেনেকৈ দেখিব?" তেওঁ ৰাহুল গান্ধীক পৰামৰ্শ দিছে যে তেওঁ ইটালীৰ চশমা খুলি ভাৰতীয় চশমা পিন্ধিলেহে 'বিকাশ' দেখিব। শ্বাহে কয়, "মোদীৰ শাসনকালৰ আঠ বছৰ হ'ল। আৰু কংগ্ৰেছ নেতাসকলে সুধিছে আঠ বছৰত কি উন্নয়ন বা বিকাশ হল। যিসকলে এই প্ৰশ্ন কৰিছে তেওঁলোকে চকু বন্ধ কৰি ৰাখিছে। অমিত শ্বাহে ৰাহুল গান্ধীক উদ্দেশ্যি কয়, ৰাহুল বাবা, অনুগ্ৰহ কৰি আপোনাৰ চকু খুলি ইটালিয়ান চশমা আঁতৰ কৰক আৰু ভাৰতীয় চশমা পিন্ধক। তেতিয়াহে আপুনি নৰেন্দ্ৰ মোদীয়ে আঠ বছৰত কি কৰিলে সেইয়া চাব পাৰিব। 

অৰুণাচল প্ৰদেশলৈ দুদিনীয়া ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰেমা খাণ্ডুৰ সৈতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে আৰু  ১,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, "অৰুণাচল প্ৰদেশত আমি পৰ্যটন আৰু আইন-শৃংখলা খণ্ড শক্তিশালী কৰিছো। যোৱা ৮ বছৰত যি কৰা হৈছে সেইয়া  ৫০ বছৰতো হোৱা নাছিল। ২০১৪ চনত নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পিছতহে অঞ্চলটোত উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তাৰ আগতে, কংগ্ৰেছ শাসনত আছিল। তেওঁলোকে দেশত ৫০ বছৰৰো অধিক শাসন কৰিছিল। কিন্তু এই গোটেই অঞ্চলটো অৱহেলিত হৈ পৰি ৰৈছিল। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ