--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বিজেপিক উদ্দেশ্যি কয় যে  দেশৰ উত্তৰ-পূব ভাৰতত কোনো উন্নয়ন হোৱা নাই। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল উন্নয়নৰ পৰা বঞ্চিত হব লগা হৈছে বুলি তেওঁ বিজেপিক কৰ্টাক্ষ কৰে। প্ৰত্যুতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক লক্ষ্য কৰি লয়। অমিত শ্বাহে অৰুণাচল প্ৰদেশত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল, তেতিয়াই তেওঁ ৰাহুল গান্ধীক উদ্দেশ্যি এই কথা কয়।

অৰুণাচল প্ৰদেশৰ নামচাই অঞ্চলত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয়, "যদি কোনোবাই চকু বন্ধ কৰি ৰাখিছে, তেন্তে তেওঁ বিকাশ কেনেকৈ দেখিব?" তেওঁ ৰাহুল গান্ধীক পৰামৰ্শ দিছে যে তেওঁ ইটালীৰ চশমা খুলি ভাৰতীয় চশমা পিন্ধিলেহে 'বিকাশ' দেখিব। শ্বাহে কয়, "মোদীৰ শাসনকালৰ আঠ বছৰ হ'ল। আৰু কংগ্ৰেছ নেতাসকলে সুধিছে আঠ বছৰত কি উন্নয়ন বা বিকাশ হল। যিসকলে এই প্ৰশ্ন কৰিছে তেওঁলোকে চকু বন্ধ কৰি ৰাখিছে। অমিত শ্বাহে ৰাহুল গান্ধীক উদ্দেশ্যি কয়, ৰাহুল বাবা, অনুগ্ৰহ কৰি আপোনাৰ চকু খুলি ইটালিয়ান চশমা আঁতৰ কৰক আৰু ভাৰতীয় চশমা পিন্ধক। তেতিয়াহে আপুনি নৰেন্দ্ৰ মোদীয়ে আঠ বছৰত কি কৰিলে সেইয়া চাব পাৰিব। 

অৰুণাচল প্ৰদেশলৈ দুদিনীয়া ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰেমা খাণ্ডুৰ সৈতে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে আৰু  ১,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, "অৰুণাচল প্ৰদেশত আমি পৰ্যটন আৰু আইন-শৃংখলা খণ্ড শক্তিশালী কৰিছো। যোৱা ৮ বছৰত যি কৰা হৈছে সেইয়া  ৫০ বছৰতো হোৱা নাছিল। ২০১৪ চনত নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পিছতহে অঞ্চলটোত উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তাৰ আগতে, কংগ্ৰেছ শাসনত আছিল। তেওঁলোকে দেশত ৫০ বছৰৰো অধিক শাসন কৰিছিল। কিন্তু এই গোটেই অঞ্চলটো অৱহেলিত হৈ পৰি ৰৈছিল। "



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত