--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষী অধীক্ষকগৰাকীৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পিছতেই শিৱসাগৰৰ শান্তিবনত ধৰ্মীয় ৰীতি-নীতিৰে বিজয়া চেতিয়াৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

ডিজিটেল ডেস্ক: এক কৰুণ অথচ আদৰ্শমূলক খবৰ। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ বিজয়া চেতিয়াৰ (প্ৰায় ৭০ বছৰ) আজি পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মাতৃগৰাকীয়ে চৰকাৰী আৱাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে। 


উল্লেখযোগ্য যে, পুৱা কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিবলৈ সাজু হোৱাৰ সময়তেই আৰক্ষী অধীক্ষকগৰাকীয়ে মাতৃৰ বিয়োগৰ এই দুখবৰ লাভ কৰে।


মাতৃহাৰা হোৱাৰ এই গভীৰ শোকৰ মুহূৰ্ততো জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এক অনন্য মানৱীয় নিদৰ্শন দাঙি ধৰে। তেখেতৰ সন্মতিক্ৰমে প্ৰয়াত মাতৃৰ নেত্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।


এই সিদ্ধান্ত মৰ্মে যোৰহাটৰ 'জেউতি আই বেংক'ৰ এটা দল শিৱসাগৰত উপস্থিত হৈ প্ৰয়াত বিজয়া চেতিয়াৰ চকুৰ কৰ্নিয়া সংগ্ৰহ কৰে।


প্ৰয়াত বিজয়া চেতিয়াৰ মূল ঘৰ আছিল শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত।


বৰ্তমান তেখেতৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। আৰক্ষী অধীক্ষকগৰাকীৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পিছতেই শিৱসাগৰৰ শান্তিবনত ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।


শোকৰ সাগৰতো আন কাৰোবাৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনাৰ এই মহানুভৱতাই এতিয়া সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে আৰু সকলোৱে প্ৰয়াত বিজয়া চেতিয়াৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত