--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষী অধীক্ষকগৰাকীৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পিছতেই শিৱসাগৰৰ শান্তিবনত ধৰ্মীয় ৰীতি-নীতিৰে বিজয়া চেতিয়াৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

ডিজিটেল ডেস্ক: এক কৰুণ অথচ আদৰ্শমূলক খবৰ। শিৱসাগৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ মাতৃ বিজয়া চেতিয়াৰ (প্ৰায় ৭০ বছৰ) আজি পৰলোকপ্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা মাতৃগৰাকীয়ে চৰকাৰী আৱাসগৃহতে শেষ নিঃশ্বাস ত্যাগ কৰে। 


উল্লেখযোগ্য যে, পুৱা কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰিবলৈ সাজু হোৱাৰ সময়তেই আৰক্ষী অধীক্ষকগৰাকীয়ে মাতৃৰ বিয়োগৰ এই দুখবৰ লাভ কৰে।


মাতৃহাৰা হোৱাৰ এই গভীৰ শোকৰ মুহূৰ্ততো জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াই এক অনন্য মানৱীয় নিদৰ্শন দাঙি ধৰে। তেখেতৰ সন্মতিক্ৰমে প্ৰয়াত মাতৃৰ নেত্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়।


এই সিদ্ধান্ত মৰ্মে যোৰহাটৰ 'জেউতি আই বেংক'ৰ এটা দল শিৱসাগৰত উপস্থিত হৈ প্ৰয়াত বিজয়া চেতিয়াৰ চকুৰ কৰ্নিয়া সংগ্ৰহ কৰে।


প্ৰয়াত বিজয়া চেতিয়াৰ মূল ঘৰ আছিল শিৱসাগৰ জিলাৰ বেতবাৰী বোকাবিলত।


বৰ্তমান তেখেতৰ নশ্বৰ দেহ চৰকাৰী আৱাসগৃহতে ৰখা হৈছে। আৰক্ষী অধীক্ষকগৰাকীৰ জ্যেষ্ঠ ভাতৃ অষ্ট্ৰেলিয়াৰ পৰা আহি পোৱাৰ পিছতেই শিৱসাগৰৰ শান্তিবনত ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।


শোকৰ সাগৰতো আন কাৰোবাৰ জীৱনলৈ পোহৰ কঢ়িয়াই অনাৰ এই মহানুভৱতাই এতিয়া সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে আৰু সকলোৱে প্ৰয়াত বিজয়া চেতিয়াৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান