--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ ‘কা’ৰ প্ৰসংগ৷ পশ্চিম বংগত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি কৰ’না শেষ হোৱাৰ পাছতেই ‘কা’ বলবৎ হ’ব বুলি কৰা ঘোষণাত জুই জ্বলিছে অসমত৷ পশ্চিম বংগত কৰা অমিত শ্বাহৰ মন্তব্যৰ পাৰ্শ্বক্ৰিয়া দেখা গ’ল আজি অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত৷ দীৰ্ঘ নীৰৱতাৰ পাছত ঠিক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয় দল-সংগঠন তথা বিৰোধী শিবিৰ৷ 

কালি পশ্চিম বংগৰ এখন ৰাজহুৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইন এক বাস্তৱ আৰু ক’ভিড শেষ হোৱাৰ লগে লগে ইয়াক কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰিছিল৷ তেওঁ কৈছিল, নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰৰ কাৰ্যসূচীলৈ ঘূৰি আহিছে।

উত্তৰ বংগৰ শিলিগুৰিত এখন ৰাজহুৱা সভাত ভাষণ দি অমিত শ্বাহে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে নতুনকৈ নাগৰিকত্ব আইন বলবৎ নহ’ব বুলি উৰা বাতৰি বিয়পোৱা বুলি অভিযোগ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছিল যে মই আজি উত্তৰ বংগলৈ আহিছোঁ। মই এইটো স্পষ্ট কৰিব বিচাৰো যে তৃণমূল কংগ্ৰেছে ‘কা’ কাৰ্যকৰী নহ’ব বুলি উৰা বাতৰি বিয়পাই আছে। মই ক’ব বিচাৰো যে ক’ভিড ঢৌ শেষ যোৱাৰ লগে লগেই আমি ‘কা’ কাৰ্যকৰী কৰিম৷

আৰু পশ্চিম বংগত গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দেখা গৈছে অসমত৷ অমিত শ্বাহৰ মন্তব্যক উভতি ধৰি অসমৰ জাতীয় দল-সংগঠনে অসমত কোনো কাৰণতেই ‘কা’ বলবৎ হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে৷ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই কয়, সাম্প্ৰদায়িক, অসাংবিধানিক, অসম চুক্তিৰ উলংঘাকাৰী এই ‘কা’ আমি মনা নাই৷ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া নাগৰিকে মনা নাই৷ নামানে৷ ‘কা’ কোনো কাৰণতেই নমনাৰ হুংকাৰ দি ভট্টাচাৰ্যই কয়, আইনী যুঁজ চলি থকা ‘কা’ অসমত কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব৷ প্ৰয়োজনত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি তেওঁ দোহাৰে৷

অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ বৰুৱাই কয়, ভাৰতত অন্য প্ৰান্তত কি কৰে ক’বলগীয়া নাই, কিন্তু অসমত ‘কা’ৰ আওতাৰ বাহিৰত নাৰাখিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি সকীয়াই দিয়ে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে৷ আশ্চৰ্যজনকভাৱে ‘কা’ৰ প্ৰসংগ পুনৰ উত্থাপন হোৱাৰ লগে লগে দীৰ্ঘকালীন মৌনতা ভাঙি সংবাদ মাধ্যমৰ মুখামুখি হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই৷ অসমত ‘কা’ আন্দোলনৰ অন্যতম নেতৃত্ব বহনকাৰী পলাশ চাংমায়ে বিগত বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা অসমৰ জাতীয় জীৱনৰে জড়িত বিষয়সমূহত মূৰ পোলোকা মৰাৰ অভিযোগ শুনা যায়৷ আৰু আজি অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চাংমায়ে ‘কা’ নমনাৰ হুংকাৰ দিয়ে৷ লগতে তেওঁ কয়, প্ৰথমে চৰকাৰে অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি অসমপ্ৰেমৰ নিদৰ্শন দেখুৱাওক৷

পশ্চিম বংগত অমিত শ্বাহে ‘কা’ গৃহীত কৰিবই বুলি কৰা ঘোষণাক তীব্ৰ বিৰোধিতা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সমগ্ৰ আইনখনক ধৰ্মীয় মেৰুকৰণৰ দৃষ্টিভংগীৰে বিজেপিয়ে ভোটবেংকৰ আহিলা হিচাপে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে৷  লগতে, অসম জাতীয় পৰিষদে কোনো কাৰণতেই অসমত ‘কা’ প্ৰযোজ্য হ’বলৈ নিদিয়ে বুলি উল্লেখ কৰি গগৈয়ে অসমত পুনৰ ‘কা’বিৰোধী আন্দোলনৰ পোষকতা কৰে৷ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও৷ অখিল গগৈয়ে অমিত শ্বাহৰ মন্তব্যক ধিক্কাৰ জনোৱাৰ লগতে অমিত শ্বাহে ক’লে বুলিয়েই অবৈধ বিদেশীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷ লগতে অখিল গগৈয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কোনোপধ্যেই ‘কা’ বলবৎ হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে৷ 

এনেদৰেই এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যক উভতি ধৰিছে ৰাজ্যৰ জাতীয় দল-সংগঠন তথা বিৰোধী ৰাজনৈতিক দলে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কোৱাৰ লেখীয়াকৈ কেন্ত্ৰই অসমত ‘কা’ প্ৰযোজ্য কৰিব বিচাৰিলে অসমত পুনৰ ‘কা’বিৰোধী সংগ্ৰামৰ পাতনি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement