--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাগৰিকত্ব সংশোধনী আইনৰ দৰে বিতৰ্কিত আইন বলৱতৰ ক্ষেত্ৰত পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি উত্তৰ পূবক? অসম, পশ্চিমবংগকে ধৰি উত্তৰ পূবৰ ৰাজ্যবোৰক গিনিপিগ সজাই কেন্দ্ৰীয় চৰকাৰে এই আইনক লৈ ৰাজনীতি কৰি থাকিব খুজিছে নেকি? শেহতীয়াকৈ পুনৰ এই প্ৰসংগক লৈ চৰ্চা চলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পশ্চিমবংগ ভ্ৰমণৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ শেহতীয়া পশ্চিমবংগ ভ্ৰমণত ঘোষণা কৰিছে যে, ক’ভিড পৰিস্থিতিৰ অৱসান ঘটিলেই কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিব। পশ্চিম বংগৰ শিলিগুৰিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয় যে, মই স্পষ্টভাৱে ক’ব বিচাৰিছোঁ যে, ক’ভিড শেষ হোৱাৰ পাছতে আমি ‘কা’ বলৱৎ কৰিম। তেওঁ লগতে মমতা বেনাৰ্জীক প্ৰশ্ন কৰে যে, আপুনি অনুপ্ৰৱেশ চলি থকাটো বিচাৰে নেকি? কা বলৱৎ কৰাটোৱেই হৈছে বাস্তৱ আৰু ইয়াক লৈ মমতা চৰকাৰে একো কৰিব নোৱাৰে। অমিত শ্বাহৰ এই মন্তব্যক লৈ এই স্পর্শকাতৰ বিষয়টোক লৈ পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মমতা বেনাৰ্জীয়েও তেওঁৰ স্বভাৱসুলভ ভংগিমাৰে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তাৎপৰ্যপূ্ৰ্ণ বিষয় এয়ে যে, অসম আৰু উত্তৰ পূবত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। ‘কা’ৰ বিৰু্দ্ধে সমগ্ৰ দেশজুৰি অগ্নিগৰ্ভ প্ৰতিবাদৰ সৃষ্টি হৈছিল যদিও উত্তৰ পূবত ইয়াক লৈ চলা উত্তেজনা আৰু সংগ্ৰাম আছিল অভূতপূৰ্ব। ব্যাপক প্ৰতিবাদৰ মাজতে কেন্দ্ৰই ‘কা’ গৃহীত কৰিছিল। কিন্তু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰ এই আইনক লৈ তৎপৰ হোৱা নাই। তেওঁলোকে ইয়াক এটা ইছ্যু হিচাপেহে জীয়াই ৰখাৰ চেষ্টা কৰা যেন ধাৰণা হয়। কিয়নো আজিলৈকে ‘কা’ৰ বিধি বলৱৎ হোৱা নাই আৰু কা বলৱৎ কৰাৰ সুপৰিকল্পিত আঁচনিত যুঁগুত কৰা হোৱা নাই। মাত্ৰ সময়ে সময়ে, বিশেষকৈ স্পৰ্শকাতৰ অঞ্চলবোৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত এই প্ৰসংগক লৈ উত্তেজনাপূৰ্ণ মন্তব্য কৰি এই প্ৰসংগত অধিক জীয়ন দিয়া হৈ আহিছে।

অসমেও নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধ কৰি আহিছে। অসমৰ দৰে এখন ৰাজ্যই, যিয়ে ঐতিহাসিকভাৱে অনুপ্ৰৱেশৰ সমস্যাৰ সৈতে যুঁজ কৰি আহিছে তাত নাগৰিকত্ব সংশোধনী আইনৰ দৰে পদক্ষেপে এক ভয়ংকৰ ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। তাকে লৈ দল-সংগঠনে প্ৰতিবাদো কৰি আহিছে। কিন্তু এফালে চৰকাৰে এই প্ৰতিবাদলৈ ভ্ৰক্ষেপ কৰা নাই আৰু আনফালে প্ৰকৃততে এই আইন বলৱৎ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা নাই। উত্তৰ পূ্বত এক পৰীক্ষাগাৰ হিচাপে গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগটোত এতিয়া যেন চৰকাৰে কেৱল ধৰ্মীয় মেৰুকৰণৰ এক আহিলা হিচাপেহে গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ