--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল ৰেকৰ্ডিঙক লৈ বহুতো লোকে সমস্যত পৰে। গুগল প্লে-ষ্ট'ৰত বহুতো কল ৰেকৰ্ডিং এপ বিনামূলীয়াকৈ উপলব্ধ হয়, অৱশ্যে যোৱা কেইমাহমানৰ পৰা, গুগলে কল ৰেকৰ্ডিং আৰম্ভ হোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলক সতৰ্ক কৰা আৰম্ভ কৰিছে আৰু এতিয়া  কোম্পানীটোৱে ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ গৈ আছে। যি ১১ মে, ২০২২ অৰ্থাৎ কাইলৈৰ পৰা কাৰ্যকৰী হ'ব।

কল ৰেকৰ্ডিং সুবিধা থকা এণ্ড্ৰইড এপসমূহ বুধবাৰৰ পৰা বন্ধ হোৱাৰ পূৰ্ণ আছে। গুগল প্লে` ষ্টোৰৰ পৰিৱৰ্তনৰ বাবে এণ্ড্ৰইড ফোনত কল ৰেকৰ্ডিং এপবোৰে এতিয়াৰ পৰা কাম নকৰিব। ট্ৰু কলাৰ ব্যৱহাৰকাৰীসকলেও তেওঁলোকৰ এণ্ড্ৰইড ফোনত ৰেকৰ্ডিং সুবিধা ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব। 

এণ্ড্ৰইড এপৰ পৰা কল ৰেকৰ্ডিং বন্ধ কৰাৰ সুবিধাৰ সৈতে, আপুনি আৰু কোনো তৃতীয় পক্ষৰে ৰেকৰ্ডিং এপ্পৰ পৰা এণ্ড্ৰইড স্মাৰ্টফোনত কল ৰেকৰ্ড কৰিবলৈ সক্ষম নহ'ব। কোম্পানীটোৱে ইতিমধ্যে ইয়াৰ বিষয়ে অৱগত কৰিছে।

প্ৰকৃততে, সুৰক্ষাৰ কাৰণত কল ৰেকৰ্ডিং এপ্পবোৰ বন্ধ কৰা হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে কল ৰেকৰ্ডিং এপ্পবোৰে গ্ৰাহকৰ পৰা বিভিন্ন প্ৰকাৰৰ অনুমতি লয় আৰু তেওঁলোকৰ তথ্য লয় আৰু সেইবোৰৰ ভুল সুবিধা আদায় কৰে। কল ৰেকৰ্ডিং সম্পৰ্কে বিভিন্ন দেশৰ আইনবোৰো পৃথক, সেই দৃষ্টিকোণৰ পৰা গুগলে এই সিদ্ধান্ত লৈছে।  

গুগলৰ নতুন নীতি অনুসৰি, বুধবাৰৰ পৰা কল ৰেকৰ্ডিং এপসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। এই আঁচনিৰ বাবে, ট্ৰু কলাৰে এইটোও নিশ্চিত কৰিছে যে এতিয়া ইয়াৰ এপ্পৰ ব্যৱহাৰকাৰীসকলে কল ৰেকৰ্ড কৰিব নোৱাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ