--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাকাশ গৱেষণাৰ দিশত ইটোৰ পাছত সিটো পদক্ষেপত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে। যিসময়ত US’ Artemis missionৰ জৰিয়তে মানুহে চন্দ্ৰত বসতিৰ বাবে যাব বিচাৰিছে বা ৰাছিয়াৰ সৈতে একত্ৰিত হৈ চীনে লুনাৰ ষ্টেচন নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে সেই সময়তে এই দিশত অন্য এক সফলতাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। পৃথিৱীৰ পৰা শত যোজন দূৰৰ চন্দ্ৰত গৈ তাত জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা খাদ্য চন্দ্ৰপৃষ্ঠতে উৎপাদন কৰাটো সম্ভৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। চন্দ্ৰপৃষ্ঠত খেতি কৰাৰ কল্পনা যেন এতিয়া অতি সোনকালে বাস্তৱ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এই দিশত বিজ্ঞানীসকলৰ গৱেষণাই এক উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

 

প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে চন্দ্ৰ পৃষ্ঠৰ মাটিত এবিধ উদ্ভিদ গজাবলৈ সক্ষম হৈছে। চন্দ্ৰৰ এই মাটি যাক ৰেগ’লিথ বুলি কোৱা হয়, পৃথিৱীলৈ কঢ়িয়াই আনিছিল এপ’ল’ যুগৰ এগৰাকী মহাকাশ বিজ্ঞানীয়ে। পঞ্চাশ বছৰৰ পাছত এই মাটিখিনি উদ্ধাৰ কৰা হয় আৰু তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে গৱেষকসকলে।

 

নাছাই সদৰি কৰা অনুসৰি এই শুকান আৰু ৰস-জীপবিহীন তথা উৰ্বৰতাবিহীন মাটিত প্ৰথমবাৰৰ বাবে Arabidopsis thaliana নামৰ এবিধ বিশেষ উদ্ভিদ গজাবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে। এই উদ্ভিদবিধ ইউৰোপ-এছিয়া তথা আফ্ৰিকাত পোৱা যায় আৰু ই সৰিয়হ, ব্ৰক’লি, ফুলকবি আরু ব্ৰাছেল স্প্ৰাউট আদি উদ্ভিদ পৰিয়ালৰ অন্তৰ্ভুক্ত। ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

 

ভৱিষ্যতৰ দিনবোৰত মহাকাশলৈ যাবলগীয়া মহাকাশচাৰী তথা জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে চন্দ্ৰ বা মঙলৰ বুকুত পোৱা সামগ্ৰীৰেই খাদ্যৰ ব্যৱস্থা কৰা সম্পৰ্কীয় অগ্ৰগতিৰ দিশত এই গৱেষণা অতি গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী বুলি বিবেচিত হৈছে। তদুপৰি নাছাৰ এই গৱেষণাই খাদ্য সংকট সৃষ্টি হোৱা পৃথিৱীৰ বহু ঠাইতো খাদ্য সংকট দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰা হৈছে। সেই লক্ষ্য লৈয়েই নাছাৰ গৱেষকসকলে কাম কৰি থকাৰ কথা প্ৰকাশ কৰিছে নাছাৰ প্ৰশাসক বিল নেলছনে।

 

গৱেষকসকলৰ এই পৰীক্ষা সফল হ’লে হয়তো এই দিনটো দেখা পোৱাটোও অসম্ভৱ নহ’ব যে, চন্দ্ৰ পৃষ্ঠলৈ যোৱা কোনো মহাকাশ বিজ্ঞানী বা মহাকাশচাৰীয়ে তেওঁলোকৰ দীঘলীয়া মহাকাশ ভ্ৰমণকালত চন্দ্ৰ পৃষ্ঠত উৎপাদিত খাদ্য সামগ্ৰী গ্ৰহণ কৰিয়েই জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে। কিয়নো ইতিমধ্যেই চন্দ্ৰপৃষ্ঠৰ ৰেগ’লিথ কৃষিকৰ্মত ব্যৱহাৰযোগ্য বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ