--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাকাশ গৱেষণাৰ দিশত ইটোৰ পাছত সিটো পদক্ষেপত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে। যিসময়ত US’ Artemis missionৰ জৰিয়তে মানুহে চন্দ্ৰত বসতিৰ বাবে যাব বিচাৰিছে বা ৰাছিয়াৰ সৈতে একত্ৰিত হৈ চীনে লুনাৰ ষ্টেচন নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে সেই সময়তে এই দিশত অন্য এক সফলতাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। পৃথিৱীৰ পৰা শত যোজন দূৰৰ চন্দ্ৰত গৈ তাত জীয়াই থকাৰ বাবে প্ৰয়োজন হোৱা খাদ্য চন্দ্ৰপৃষ্ঠতে উৎপাদন কৰাটো সম্ভৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। চন্দ্ৰপৃষ্ঠত খেতি কৰাৰ কল্পনা যেন এতিয়া অতি সোনকালে বাস্তৱ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এই দিশত বিজ্ঞানীসকলৰ গৱেষণাই এক উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

 

প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে চন্দ্ৰ পৃষ্ঠৰ মাটিত এবিধ উদ্ভিদ গজাবলৈ সক্ষম হৈছে। চন্দ্ৰৰ এই মাটি যাক ৰেগ’লিথ বুলি কোৱা হয়, পৃথিৱীলৈ কঢ়িয়াই আনিছিল এপ’ল’ যুগৰ এগৰাকী মহাকাশ বিজ্ঞানীয়ে। পঞ্চাশ বছৰৰ পাছত এই মাটিখিনি উদ্ধাৰ কৰা হয় আৰু তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে গৱেষকসকলে।

 

নাছাই সদৰি কৰা অনুসৰি এই শুকান আৰু ৰস-জীপবিহীন তথা উৰ্বৰতাবিহীন মাটিত প্ৰথমবাৰৰ বাবে Arabidopsis thaliana নামৰ এবিধ বিশেষ উদ্ভিদ গজাবলৈ সক্ষম হৈছে বিজ্ঞানীসকলে। এই উদ্ভিদবিধ ইউৰোপ-এছিয়া তথা আফ্ৰিকাত পোৱা যায় আৰু ই সৰিয়হ, ব্ৰক’লি, ফুলকবি আরু ব্ৰাছেল স্প্ৰাউট আদি উদ্ভিদ পৰিয়ালৰ অন্তৰ্ভুক্ত। ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

 

ভৱিষ্যতৰ দিনবোৰত মহাকাশলৈ যাবলগীয়া মহাকাশচাৰী তথা জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে চন্দ্ৰ বা মঙলৰ বুকুত পোৱা সামগ্ৰীৰেই খাদ্যৰ ব্যৱস্থা কৰা সম্পৰ্কীয় অগ্ৰগতিৰ দিশত এই গৱেষণা অতি গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী বুলি বিবেচিত হৈছে। তদুপৰি নাছাৰ এই গৱেষণাই খাদ্য সংকট সৃষ্টি হোৱা পৃথিৱীৰ বহু ঠাইতো খাদ্য সংকট দূৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰা হৈছে। সেই লক্ষ্য লৈয়েই নাছাৰ গৱেষকসকলে কাম কৰি থকাৰ কথা প্ৰকাশ কৰিছে নাছাৰ প্ৰশাসক বিল নেলছনে।

 

গৱেষকসকলৰ এই পৰীক্ষা সফল হ’লে হয়তো এই দিনটো দেখা পোৱাটোও অসম্ভৱ নহ’ব যে, চন্দ্ৰ পৃষ্ঠলৈ যোৱা কোনো মহাকাশ বিজ্ঞানী বা মহাকাশচাৰীয়ে তেওঁলোকৰ দীঘলীয়া মহাকাশ ভ্ৰমণকালত চন্দ্ৰ পৃষ্ঠত উৎপাদিত খাদ্য সামগ্ৰী গ্ৰহণ কৰিয়েই জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে। কিয়নো ইতিমধ্যেই চন্দ্ৰপৃষ্ঠৰ ৰেগ’লিথ কৃষিকৰ্মত ব্যৱহাৰযোগ্য বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ