--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলা ছবি উদ্যোগত যেন কালিকা লাগিছে। মাত্ৰ ১২ দিনৰ ভিতৰতে আত্মহত্যা কৰিলে তিনি গৰাকীকৈ অভিনেত্ৰীয়ে। এই খবৰে হতভম্ব কৰিছে সকলোকে। চলিত মাহৰ মাঁথো ১২ দিনৰ ব্যৱধানত তিনি গৰাকীকৈ অভিনেত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই আচৰিত কৰি তুলিছে পশ্চিমবংগৰ বাংলা ছবিজগতত। 

পল্লৱী দে

১৫ মে'ত আত্মহত্যা কৰে পল্লৱী দেই, ২৫ মে'ত আত্মহত্যা কৰে বিদিশা দে মজুমদাৰে আৰু আজি খবৰ আহে মঞ্জুশা নিয়োগীৰ আত্মহত্যাৰ খবৰ। তিনিওটা আত্মহত্যাৰ ঘটনাৰ কিবা সামঞ্জস্য আছে নেকি সেই সন্দৰ্ভত তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী। 

বিদিশা দে মজুমদাৰ

অন্য দুবাৰৰ দৰেই আজিয়ো মঞ্জুশাৰ মৃতদেহ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীয়ে মঞ্জুশাৰ কোঠাৰ ভিতৰৰ পৰাই মৃতদেহ উদ্ধাৰ কৰে। বিদিশা দে মজুমদাৰ আৰু পল্লৱী দেৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে মঞ্জুশা নিয়োগীৰ আত্মহত্যাৰ খবৰে সকলোকে জোকাৰি গৈছে। তিনিও চিপ লৈ আত্মহত্যা কৰিছে।

মঞ্জুশা নিয়োগী

জানিব পৰা অনুসৰি বান্ধৱী বিদিশা দেৰ মৃত্যুৰ পাছৰে পৰা মঞ্জুশা ডিপ্ৰেছনত আছিল। বন্ধুৰ মৃত্যুৰ শোক তেওঁ সহ্য কৰিব পৰা নাছিল। প্ৰাৰম্ভিক তদন্তত এইটোও পোহৰলৈ আহিছে যে মঞ্জুশা নিয়োগী নিজৰ কেৰিয়াৰক লৈ ডিপ্ৰেছনত আছিল। একেটা মাহতে তিনি তিনিগৰাকী অভিনেত্ৰীৰ মৃত্যুৱে আকৌ এবাৰ গ্লেমাৰ উদ্যোগৰ সেই অন্ধকাৰ জগতখনৰ কথা সোঁৱৰাই দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ