--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলা ছবি উদ্যোগত যেন কালিকা লাগিছে। মাত্ৰ ১২ দিনৰ ভিতৰতে আত্মহত্যা কৰিলে তিনি গৰাকীকৈ অভিনেত্ৰীয়ে। এই খবৰে হতভম্ব কৰিছে সকলোকে। চলিত মাহৰ মাঁথো ১২ দিনৰ ব্যৱধানত তিনি গৰাকীকৈ অভিনেত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই আচৰিত কৰি তুলিছে পশ্চিমবংগৰ বাংলা ছবিজগতত। 

পল্লৱী দে

১৫ মে'ত আত্মহত্যা কৰে পল্লৱী দেই, ২৫ মে'ত আত্মহত্যা কৰে বিদিশা দে মজুমদাৰে আৰু আজি খবৰ আহে মঞ্জুশা নিয়োগীৰ আত্মহত্যাৰ খবৰ। তিনিওটা আত্মহত্যাৰ ঘটনাৰ কিবা সামঞ্জস্য আছে নেকি সেই সন্দৰ্ভত তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী। 

বিদিশা দে মজুমদাৰ

অন্য দুবাৰৰ দৰেই আজিয়ো মঞ্জুশাৰ মৃতদেহ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। আৰক্ষীয়ে মঞ্জুশাৰ কোঠাৰ ভিতৰৰ পৰাই মৃতদেহ উদ্ধাৰ কৰে। বিদিশা দে মজুমদাৰ আৰু পল্লৱী দেৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে মঞ্জুশা নিয়োগীৰ আত্মহত্যাৰ খবৰে সকলোকে জোকাৰি গৈছে। তিনিও চিপ লৈ আত্মহত্যা কৰিছে।

মঞ্জুশা নিয়োগী

জানিব পৰা অনুসৰি বান্ধৱী বিদিশা দেৰ মৃত্যুৰ পাছৰে পৰা মঞ্জুশা ডিপ্ৰেছনত আছিল। বন্ধুৰ মৃত্যুৰ শোক তেওঁ সহ্য কৰিব পৰা নাছিল। প্ৰাৰম্ভিক তদন্তত এইটোও পোহৰলৈ আহিছে যে মঞ্জুশা নিয়োগী নিজৰ কেৰিয়াৰক লৈ ডিপ্ৰেছনত আছিল। একেটা মাহতে তিনি তিনিগৰাকী অভিনেত্ৰীৰ মৃত্যুৱে আকৌ এবাৰ গ্লেমাৰ উদ্যোগৰ সেই অন্ধকাৰ জগতখনৰ কথা সোঁৱৰাই দিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান