--°C
Loading...
Listen to Article
2 min read
80%
ডি়জিটেল ডেস্কঃ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ বলীউডৰ অন্যতম জনপ্ৰিয় ‘হট কাপল’। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত চলিত বৰ্ষৰ ১৪ এপ্ৰিলত আলিয়া আৰু ৰণবীৰ বিবাহপাশত আবদ্ধ হয়। অনুৰাগীসকলে দুয়োকে মৰমতে নাম দিছে ‘ৰণালিয়া’। আলিয়াৰ মনত ৰণবীৰৰ প্ৰতি ইমানেই গভীৰ প্ৰেম যে সুযোগ পালেই আলিয়াই ৰণবীৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। 

এক সাক্ষাৎকাৰত আলিয়াক সোধা হৈছিল যে তেওঁ কেতিয়া সিদ্ধান্ত লৈছিল যে ৰণবীৰ কাপুৰ তেওঁৰ বাবে পাৰফেক্ট হ’ব? আলিয়া ভাটে কৈছিল "যেতিয়া মই তেওঁক মোৰ জীৱনত প্ৰথমবাৰৰ বাবে লগ পাইছিলো"। আলিয়াই কয় যে ‘‘ৰণবীৰ জটিলতাৰে ভৰা নহয়। তেওঁ এজন অতি সহজ-সৰল মানুহ। তেওঁ ইমান ভাল মানুহ যে ময়ো তেওঁৰ দৰেই ভাল হ’ব পৰা হ’লে ভাল আছিল। এজন অভিনেতা হিচাপে, এজন মানুহ হিচাপে তেওঁ সকলো দিশতে মোতকৈ ভাল।" আলিয়াৰ এই কথাৰ পৰাই বুজিব পাৰি যে আলিয়াৰ সমগ্ৰ হৃদয় দখল কৰি হৃদয়ৰ ৰাজকুমাৰ হ’ব পাৰিছে ৰণবীৰ কাপুৰ। 

উল্লেখ্য যে কৰ্মক্ষেত্ৰত বৰ্তমান আলিয়া ভাটে তেওঁৰ প্ৰথমখন হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং কৰি আছে, য’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে গাল গেডোট আৰু জেমী ডৰ্নানে। 

ইয়াৰ বাহিৰেও তেওঁৰ হাতত আছে ‘ডাৰ্লিংছ’, ‘জী লে জাৰা’, ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী’ৰ লগতে অয়ন মুখাৰ্জীৰ বহু প্ৰত্যাশিত চিনেমা ‘ব্ৰহ্মাস্ত্ৰ’। এই চিনেমাখনত প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে ৰণবীৰ আৰু আলিয়াই। সেয়েহে এই চিনেমাখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে তেওঁলোকৰ অনুৰাগীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ