--°C
Loading...
Listen to Article
2 min read
80%
ডি়জিটেল ডেস্কঃ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ বলীউডৰ অন্যতম জনপ্ৰিয় ‘হট কাপল’। দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত চলিত বৰ্ষৰ ১৪ এপ্ৰিলত আলিয়া আৰু ৰণবীৰ বিবাহপাশত আবদ্ধ হয়। অনুৰাগীসকলে দুয়োকে মৰমতে নাম দিছে ‘ৰণালিয়া’। আলিয়াৰ মনত ৰণবীৰৰ প্ৰতি ইমানেই গভীৰ প্ৰেম যে সুযোগ পালেই আলিয়াই ৰণবীৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। 

এক সাক্ষাৎকাৰত আলিয়াক সোধা হৈছিল যে তেওঁ কেতিয়া সিদ্ধান্ত লৈছিল যে ৰণবীৰ কাপুৰ তেওঁৰ বাবে পাৰফেক্ট হ’ব? আলিয়া ভাটে কৈছিল "যেতিয়া মই তেওঁক মোৰ জীৱনত প্ৰথমবাৰৰ বাবে লগ পাইছিলো"। আলিয়াই কয় যে ‘‘ৰণবীৰ জটিলতাৰে ভৰা নহয়। তেওঁ এজন অতি সহজ-সৰল মানুহ। তেওঁ ইমান ভাল মানুহ যে ময়ো তেওঁৰ দৰেই ভাল হ’ব পৰা হ’লে ভাল আছিল। এজন অভিনেতা হিচাপে, এজন মানুহ হিচাপে তেওঁ সকলো দিশতে মোতকৈ ভাল।" আলিয়াৰ এই কথাৰ পৰাই বুজিব পাৰি যে আলিয়াৰ সমগ্ৰ হৃদয় দখল কৰি হৃদয়ৰ ৰাজকুমাৰ হ’ব পাৰিছে ৰণবীৰ কাপুৰ। 

উল্লেখ্য যে কৰ্মক্ষেত্ৰত বৰ্তমান আলিয়া ভাটে তেওঁৰ প্ৰথমখন হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং কৰি আছে, য’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে গাল গেডোট আৰু জেমী ডৰ্নানে। 

ইয়াৰ বাহিৰেও তেওঁৰ হাতত আছে ‘ডাৰ্লিংছ’, ‘জী লে জাৰা’, ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী’ৰ লগতে অয়ন মুখাৰ্জীৰ বহু প্ৰত্যাশিত চিনেমা ‘ব্ৰহ্মাস্ত্ৰ’। এই চিনেমাখনত প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰিছে ৰণবীৰ আৰু আলিয়াই। সেয়েহে এই চিনেমাখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে তেওঁলোকৰ অনুৰাগীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত