--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইজনৰ পাছত সিজন নেতাৰ পদত্যাগ। ইজনৰ পাছত সিজনৰ অনাস্থা। ইজনৰ পাছত সিজন নেতাৰ অসন্তুষ্টি। তথাপি যেন অলৰ-অচৰ কংগ্ৰেছৰ নেতৃত্ব। সম্ভাৱনাক কাৰ্যলৈ ৰূপায়িত কৰাৰ দিশত বাৰম্বাৰ ব্যৰ্থ হৈ আহিছে কংগ্ৰেছ নেতৃত্ব। দলটোত সৃষ্টি হোৱা স্থবিৰতাই এতিয়া মন ভাঙি পেলাইছে বহু শীৰ্ষ স্থানীয় নেতাৰ। সেয়েহে ইজনৰ পাছত সিজন নেতাই বিকল্পৰ কথা চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছে। মধ্যপ্ৰদেশৰ এগৰাকী শক্তিশালী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ কংগ্ৰেছ ত্যাগৰ পৰাই এই পৰম্পৰা আৰম্ভ হোৱা বুলি কব পাৰি।

 মধ্যপ্ৰদেশত কংগ্ৰেছৰ ক্ষমকা দখলত গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ পাছতো যথাযোগ্য স্থান লাভৰ পৰা বঞ্চিত হৈছিল জ্যোতিৰাদিত্য সিন্ধিয়া। তাৰ পাছতে আৰম্ভ হৈছিল অসন্তুষ্টি। বিসম্বাদ। অৱশেষত জ্যোতিৰাদিত্য সিন্ধিয়াপন্থী কংগ্ৰেছীসকলেই কংগ্ৰেছ চৰকাৰৰ পতন ঘটালে ৰাজ্যখনত। ৰাজস্থানতো অনুৰূপ পৰিণতিৰ সন্মুখীন হোৱাৰ পৰা কোনোমতেহে ৰক্ষা পৰিল কংগ্ৰেছ দল। কিন্তু ৰাজ্যখনত অস্থিৰতা আজিও বিদ্যমান। ৰাজ্যখনৰ এগৰাকী শক্তিশালী নেতা শচীন পাইলটৰ অসন্তুষ্টি এতিয়াও কংগ্ৰেছৰ বাবে এক চিন্তাৰ কাৰণ হৈ ৰৈছে। নিৰ্বাচন চমু চাপি অহা ৰাজ্যখনত মুখ্যমন্ত্ৰী সলনিৰ বাবে চৰ্ত বান্ধি দিছে শচীন পাইলটে। অন্যথা ৰাজ্যখনত কংগ্ৰেছে ৰাজ্যখনত পঞ্জাবৰ দৰে পৰিণতিৰ সন্মুখীন হোৱাৰ আশংকা আছে বুলি তেওঁ সকীয়াই দিছে। কিন্তু তাৰ পাছতো কেটকুট নাই কংগ্ৰেছ নেতৃত্বৰ।

 পঞ্জাবত কেপ্টেইন অমৰিন্দৰ সিঙৰ পদত্যাগে কংগ্ৰেছৰ পতনৰো বাট মুকলি কৰিলে। সিদ্ধুৰ নিকৃষ্ট ৰাজনীতিক প্ৰশ্ৰয় দি কংগ্ৰেছ নেতৃত্বই এখন গুৰুত্বপূৰ্ণ ৰাজ্য হেৰুৱাবলগীয়া হল। তাৰ পাছত এতিয়া ৰাজ্যখনৰ প্ৰাক্তন সভাপতি সুনীল জাখাৰে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তাৰ পাছত অসমতো অনুৰূপ ঘটনা। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূলৰ সভাপতিৰ দায়িত্ব লৈছে। এই পৰম্পৰা অসমতো অব্যাহত আছে সণ্ঢালনিকৈ।

 এইবোৰৰ মাজতে দুগৰাকী কংগ্ৰেছ নেতাৰ দলত্যাগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰে এগৰাকী হৈছে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্ডিক পেটেল আৰু জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবাল। দুয়োগৰাকী নেতাই পদত্যাগৰ কাৰণ হিচাপে কোৱা কথাখিনি বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। কিয়নো তেওঁলোকৰ অভিযোগ হৈছে দলৰ স্থিতাৱস্থা, নেতৃত্বৰ দুৰ্বলতা তথা দলত কাম কৰাৰ পৰিৱেশ নাইকিয়া হোৱাটো।

 পঞ্জাব প্ৰদেশ কংগ্ৰেছে হাৰ্ডিক পেটেলক বাৰম্বাৰ অৱহেলা কৰা তথা দলৰ গুৰু্ত্বপূৰ্ণ কাম-কাজৰ পৰা বিৰত ৰখাৰ অভিযোগ উত্থাপন কৰিছিল। আনহাতে কপিল ছিবালে বহুবাৰ নেতৃত্বক লৈ অসন্তুষ্টি ব্যক্ত কৰি অৱশেষত দলৰ পৰা আঁতৰি অহাটোকে উচিত বিবেচনা কৰিলে। দুদিন পাছত হয়তো একেই পথ লব শচীন পাইলটৰ দৰে নেতায়ো। কিন্তু এনে ছন্দপতনৰ পাছতো কংগ্ৰেছ নেতৃত্বই ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই। কোনো পৰিৱৰ্তনমুখী পদক্ষেপো গ্ৰহণ কৰা নাই। তাৰ সলনি স্তাৱক বাহিনীৰে পৰিৱেষ্টিত গান্ধী নেতৃত্বই যেন আত্মপ্ৰসাদৰ তানপুৰা শুনাতহে ব্যস্ত।

 এইকথা ঠিক যে, বিজেপিৰ ৮ বছৰীয়া শাসনক লৈ দেশৰ জনগণ মুঠেও সন্তুষ্ট নহয়। জনগণে এতিয়া বিকল্পৰ সন্ধান কৰিছে। কিন্তু কংগ্ৰেছে বিকল্প হিচাপে নিজকে তুলি ধৰাৰ সম্ভাৱনা থকাৰ পাছতো সেই সম্ভাৱনাক কামত লগাব পৰা নাই। এতিয়া আম আদমী পাৰ্টীক বিকল্পৰ ৰূপত একাধিক ৰাজ্যত জনগণে গ্ৰহণ কৰিছে। কিন্তু কংগ্ৰেছৰ দৰে ব্যপকত্ব আৰু সাংগঠনিক বিস্তৃতি আন দলৰ নথকাটোৱে বিজেপিক এটা ডাঙৰ সুযোগ দিছে। কংগ্ৰেছলৈও নতুন তেজৰ আমদানি ঘটিছে। কংগ্ৰেছত আছে কানহায়া কুমাৰৰ দৰে সদা সৰৱ যুৱ নেতা। কিন্তু কংগ্ৰেছত যোগদানৰ পাছতে সদা সৰৱ নেতাজন নিমাত হৈ পৰিছে। তেওঁক একপ্ৰকাৰ যেন গাপ দিহে ৰাখিছে কংগ্ৰেছে। কোনো কামতে তেওঁৰ উপস্থিতি তথা অংশগ্ৰহণ দেখিবলৈ পোৱা হোৱা নাই। এই পৰিস্থিতি অব্যাহত থাকিলে তেনে পৰিৱৰ্তনকামী যুৱ নেতাসকলো হতাশ হৈ পৰাটো নিশ্চিত।

 পিছে এই অৱস্থাৰ অৱসান ঘটাবলৈ কংগ্ৰেছৰ কোনো তৎপৰতা আজিলৈকে পৰিলক্ষিত হোৱা নাই। এই পৰিস্থিতি অব্যাহত থাকিলে দলটোৰ ভৰিৰ তলৰ মাটি ক্ৰমাৎ সংকুচিত হৈ পৰাটো নিশ্চিত হৈ পৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ