--°C
Loading...
Listen to Article
2 min read
80%
বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁৰ মন্ত্ৰীসকলক গাড়ীত কোনো ৰঙা বা নীলা লাইট নলগাবলৈ নিৰ্দেশ প্ৰদান কৰিছে। তৃণমূল কংগ্ৰেছৰ  কেইবাজনো মন্ত্ৰীক ৰঙা লাইট ব্যৱহাৰ কৰা দেখা যায়। প্ৰশাসনিক সূত্ৰ অনুসৰি, মমতাই মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা এনে বিষয়বোৰ পৰিহাৰ কৰি আহিছে। 

তেওঁ আনকি চৰকাৰী গাড়ীতো ভ্ৰমণ নকৰে আৰু গাড়ীত ৰঙা-নীলা লাইটো ব্যৱহাৰ নকৰে। তেওঁ কোনো অনিবাৰ্য কাৰণ বা প্ৰয়োজনীয়তা অবিহনে তাইৰ সন্মুখত কোনো পাইলট গাড়ীও নাযায়। ৰাজ্যিক সচিবালয়ত কলকাতা আৰক্ষী পদক অনুষ্ঠানত মমতাই পুনৰ সেই একেটা কথা পুনৰাবৃত্তি কৰিছিল। 

নিৰাপত্তাৰ নামত আড়ম্বৰতা কোনোপধ্যেই গ্ৰহণযোগ্যতা নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে,মন্ত্ৰীৰ ৰাজপথত বিচৰণৰ ফলত আন কাৰো অসুবিধা নহয়, তাক গুৰুত্ব দিব লাগিব।


আৰক্ষীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "মই মন্ত্ৰীসকলক গাড়ীত ৰঙা আৰু নীলা লাইট নলগাবলৈ অনুৰোধ জনাইছো। কিছুমান পুলিচ আছে যিয়ে ৰাস্তা পাৰ হোৱাৰ সময়ত খৰখেদাকৈ গাড়ী চলায়, কিন্তু সেয়া ভুল। মই নিজেই ট্ৰেফিকত থিয় হ'বলৈ ভাল পাওঁ। 

আনকি মই ও আনৰ গাড়ী আবদ্ধ কৰি ৰাখিলেকিয় আবদ্ধ কৰিছে বুলি মই মোৰ সতীৰ্থসকলক সদায়েই প্ৰশ্ন কৰো।  যদি আন গাড়ীবোৰ ৰৱ পাৰে তেনেহলে মই কিয় নোৱাৰিম। আৰক্ষীয়ে বহুসময়ত দ্ৰুত গতিত গাড়ী চলায়, ইয়াৰ ফলত কিন্তু বদনাম তেওঁলোকেই হয়।  তেওঁ অভিযোগ কৰিছিল যে মানুহে সেইসকলক  ভাল নাপায় যিসকলে  দ্ৰুতগতিত গাড়ী চলায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি