--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত কৰ'নাৰ প্ৰকোপ দুটা বছৰৰ তুলনাৰ প্ৰায় নাইকিয়া হৈছে৷ বহুলোকে ঘৰৰ পৰা দীঘলীয়া কামৰ পাছত কাৰ্যালয়ত কাম আৰম্ভ কৰিছে। ঘৰৰ পৰা দুবছৰ কাম কৰাৰ পদ্ধতিয়ো বহু সলনি হৈছে। এনে পৰিস্থিতিত যদি আপুনি কাৰ্যালয়ৰ কামৰ মাজতে অলপ টোপনি যাব বিচাপে তেন্তে ইয়াৰো সুবিধা কৰি দিয়া হৈছে! হয়, এইবাৰ অফিচত শুবলৈ দৰমহাও উপলব্ধ হ'ব। আপুনি বিচাৰিলে কামৰ মাজতে শুবও পাৰিব।

বেংগালুৰুৰ এটা ব্যক্তিগত কোম্পানীয়ে এই সুবিধা দিছে কৰ্মচাৰীসকললৈ। বেংগালুৰুৰ এই কাৰ্যালয়ত কমেও আধা ঘণ্টাৰ টোপনি বাধ্যতামূলক। জাননীখন প্ৰতিজন কৰ্মচাৰীলৈ ইমেইলযোগে জাৰি কৰা হৈছে। সকলোৱে কমেও আধা ঘণ্টা কাৰ্যালয়ত শুব লাগে। কৰ্মচাৰীসকলেও শুবলৈও টকা লাভ কৰিব। 

ৱেকফিটৰ সহপ্ৰতিষ্ঠাপক চৈতন্য ৰামলিঙ্গেগোৱে আজি এক আনুষ্ঠানিক ইমেইলযোগে তেওঁৰ কাৰ্যালয়লৈ জাননী জাৰি কৰে। তেওঁ ইমেইলত লিখিছিল, ‘আমি দীৰ্ঘ ছয় বছৰ ধৰি মানুহৰ টোপনিৰ সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱসায় কৰি আছো। কিন্তু মই নিজকে সঠিকভাৱে টোপনিৰে বিচাৰ কৰিব নোৱাৰো। সকলোকে বিশ্ৰামৰ প্ৰয়োজন। সেই কথা মনত ৰাখিয়ে এই ব্যৱস্থা আৰম্ভ কৰাৰ ধাৰণাটো দীৰ্ঘদিন ধৰি চলি আছে। এতিয়া ইয়াক গুৰুত্বসহকাৰে ল'ব লাগিব। আজিৰ পৰা সকলোৱে কমেও ৩০ মিনিট টোপনি ল'ব লাগিব। কামত আপোনাক অলপ টোপনিৰ প্ৰয়োজন। শৰীৰটো মনত ভাল হ'ব। কাম ভাল হ'ব।’

সকলোৰে ভাল টোপনিৰ কথা মনত ৰাখি ৱেকফিট নামৰ কোম্পানীটোত শুবৰ বাবে গাৰু, বিছনা এই ধৰণৰ সামগ্ৰী নিৰ্মাণ তথা উপলব্ধ হয়। এইবাৰ তেওঁলোকে নিজৰ কাৰ্যালয়ত এই নিয়মটো প্ৰৱৰ্তন কৰিলে। বাতৰিটো শ্বেয়াৰ কৰাৰ লগে লগে নেটিজেনসকলে ইয়াৰ প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে। এজনে লিখিছিল, 'মইও ঠিক সেইটোৱেই বিচাৰিছিলো। ৱেকফিটে মোৰ মনটো জানে। কোনোবাই কৈছিল, 'এইটো সকলো কাৰ্যালয়তে কৰা উচিত।'



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ