--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তাৰকা দম্পতী বিকী কৌশল আৰু কেটৰিনা কাঈফৰ ৰোমান্সৰ কাহিনীয়ে প্ৰায়েই চৰ্চাৰ কেন্দ্ৰ হৈ আহিছে। দুই তাৰকাই নিজৰ ব্যস্ততাময় কৰ্মজীৱনৰ মাজতে নিজৰ প্ৰেম আৰু ৰোমাঞ্চকো অব্যাহত ৰাখিছে আৰু দুয়োৰে এই ৰোমাঞ্চৰ কাহিনী এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। বিগত ডিচেম্বৰত মাহত বিবাহপাশত আবদ্ধ হোৱা বিকী-কেটে সময়ে সময়ে তেওঁলোকৰ বিবাহোত্তৰ জীৱনৰ ৰোমাঞ্চ আৰু প্ৰেমৰ ছবিখনক প্ৰকট কৰি আহিছে তেওঁলোকৰ অনুৰাগীসকলৰ সন্মুখত। 

শেহতীয়াকৈ কেটৰিনা কাঈফে ইনষ্টাগ্ৰামত এখন স্বামী বিকীৰ সৈতে এখন বিশেষ আলোকচিত্ৰ প্ৰচাৰ কৰা দেখা গৈছে। ছবিখনে অনুৰাগীসকলৰ পৰা বিশেষ মনযোগ আদায় কৰাৰ লগতে একাধিক বলীউড তাৰকাৰো আকৰ্ষণীয় প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হৈছে। কেটৰিনাই ছুইমিং পুলত বিকীৰ সৈতে আলিংগনৰত অৱস্থাৰ এখন আলোকচিত্ৰ ইনষ্টাগ্ৰামত পোষ্ট কৰে। এই আলোকচিত্ৰখনে বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। মোহময়ী কেটনিৰানৰ বাহুবন্ধনত পৌৰুষদীপ্ত চেহেৰাৰ বিকীৰ শৰীৰী আটিলতাই চৰ্চা লাভ কৰিছে ব্যাপকভাৱে। এই আলোকচিত্ৰখনৰ কেপচন হিচাপে কেটে লিখিছে, ‘মী এণ্ড মাইন’ অৰ্থাৎ ‘মই আৰু মোৰ’। 

তেওঁলোকৰ বিভিন্নজন অনুৰাগীয়ে ছবিখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তাৰকা অভিনেতা হৃত্বিক ৰোছনেও ‘ছ’ নাইচ’ অৰ্থাৎ অতি সুন্দৰ বুলি কমেণ্ট কৰিছে। আন এগৰাকী তাৰকা অভিনেত্ৰী ৰকুল প্ৰীতেও ছবিখনত হাৰ্ট ইম’জীয়ে ৰিয়েক্ট কৰা দেখা গৈছে। মুঠতে ছুইমিং পুলৰ পানীতো বিকী কেটৰ শৰীৰ সুৰভিয়ে যেন জুইয়ে লগাবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ছলমান খানৰ সৈতে কেটৰিনাৰ টাইগাৰ-৩ মুক্তিৰ বাবে সাজু হৈছে। ছলমানৰ ছুপাৰহিট টাইগাৰ ছিৰিজৰ এই তৃতীয়খন ছবিয়ে স্বাভাৱিকতে দৰ্শকৰ আগ্ৰহ আৰু আকৰ্ষন জয় কৰিবলৈ সক্ষম হৈছে। তদুপৰি ইশ্বান খট্টৰ আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে তেওঁৰ ছবি ‘ফোন ভূত’, বিজয় সেতুপতিৰ ‘মেৰী খ্ৰীষ্টমাছ’ আদিৰ দৰে ছবিও আহিবলগীয়া আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ