--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ পেৰিছ অলিম্পিক ২০২৪ত বহু ভাৰতীয় খেলুৱৈয়ে দেশখনক গৌৰৱান্বিত কৰাৰ লগতে বহু পদক লাভ কৰে। তাৰে ভিতৰত অলিম্পিয়ান মনু ভাকেৰ অন্যতম । শেহতীয়াকৈ তেওঁ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ৰিয়েলেটি শ্ব’ ‘কৌন বনেগা কৰৌড়পতি ১৬’ৰ হট চিটত বহিছিল। চ’নী টিভিয়ে ইনষ্টাগ্ৰামত মনু ভাকৰৰ বহু প্ৰ’ম’ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ অমিতাভ বচ্চনৰ সৈতে কথা পতা দেখা গৈছে।

এই সময়ছোৱাত বিগ বিৰ সন্মুখত তেওঁৰ এখন ব্লকবাষ্টাৰ ছবিৰ সংলাপ পৰিবেশন কৰা দেখা যায়। কেবিচি ১৬ৰ এই খণ্ডটো আজি ৫ ছেপ্টেম্বৰৰ নিশা ৯ বজাত টেলিকাষ্ট কৰা হৈছে। একে সময়তে প্ৰম’ চোৱাৰ পিছত অনুৰাগীসকলে এই খণ্ডটোৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। প্ৰ’ম’ত মনুয়ে অমিতাভ বচ্চনৰ হিট ছবি ‘মহব্বতেই’ৰ বিখ্যাত সংলাপটো কোৱা দেখা গৈছে। এই খণ্ডটোৰ প্ৰম’ শ্বেয়াৰ কৰাৰ সময়ত চ’নী টিভিয়ে ভিডিঅ’টোত লিখিছিল, ‘দেশৰ গৌৰৱ মনু ভাকেৰে কেবিচিলৈ আহিছে সকলোৰে হৃদয় জয় কৰিবলৈ’।

তেওঁ আৰু লিখিছে, ‘মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা অমান ছেহৰাৱাটেও এই শ্ব’ত মনুৰ সৈতে আহিব।’ প্ৰম’টোত মনুৱে অমিতাভ বচ্চনৰ পৰা অনুমতি বিচাৰিছিল তেওঁৰ ছবি ‘মহব্বতেই’ৰ এটা সংলাপ ক’বলৈ। তেওঁ ক’লে, ‘সেই সংলাপটো মই বহু আগতেই দেখিছিলোঁ, যেতিয়া মই ছবিখন চাইছিলো। গতিকে মই ক’ব পাৰিমনে? এই কথাত বিগ বিয়ে হাঁহি হাঁহি ক’লে, ‘যদি ভাল লাগে, তেন্তে কওক’। তাৰ পাছত মনুয়ে ছবিখনৰ বিখ্যাত সংলাপটো ক’লে, ‘পৰম্পৰা, প্ৰতিপত্তি আৰু অনুশাসন আমাৰ গুৰুকুলৰ তিনিটা স্তম্ভ। এইবোৰৰ ভিত্তিত আমি আপোনাৰ ভৱিষ্যত ক’ব পাৰো।’


মনু ভাকেৰৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত অনুৰাগীসকলে বিভিন্ন ধৰণে মন্তব্য কৰিছে। বৰ্তমান মনু ভাকেৰৰ বয়স মাত্ৰ ২২ বছৰ আৰু এই বয়সতে তেওঁ নিজৰ শক্তিশালী প্ৰদৰ্শনেৰে এক ইতিহাস সৃষ্টি কৰিছে। স্বাধীনতাৰ পিছত অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে। পেৰিছ ২০২৪ৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত এই পদকসমূহ লাভ কৰিছে মনুৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ