--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ পেৰিছ অলিম্পিক ২০২৪ত বহু ভাৰতীয় খেলুৱৈয়ে দেশখনক গৌৰৱান্বিত কৰাৰ লগতে বহু পদক লাভ কৰে। তাৰে ভিতৰত অলিম্পিয়ান মনু ভাকেৰ অন্যতম । শেহতীয়াকৈ তেওঁ মেগাষ্টাৰ অমিতাভ বচ্চনৰ ৰিয়েলেটি শ্ব’ ‘কৌন বনেগা কৰৌড়পতি ১৬’ৰ হট চিটত বহিছিল। চ’নী টিভিয়ে ইনষ্টাগ্ৰামত মনু ভাকৰৰ বহু প্ৰ’ম’ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁ অমিতাভ বচ্চনৰ সৈতে কথা পতা দেখা গৈছে।

এই সময়ছোৱাত বিগ বিৰ সন্মুখত তেওঁৰ এখন ব্লকবাষ্টাৰ ছবিৰ সংলাপ পৰিবেশন কৰা দেখা যায়। কেবিচি ১৬ৰ এই খণ্ডটো আজি ৫ ছেপ্টেম্বৰৰ নিশা ৯ বজাত টেলিকাষ্ট কৰা হৈছে। একে সময়তে প্ৰম’ চোৱাৰ পিছত অনুৰাগীসকলে এই খণ্ডটোৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। প্ৰ’ম’ত মনুয়ে অমিতাভ বচ্চনৰ হিট ছবি ‘মহব্বতেই’ৰ বিখ্যাত সংলাপটো কোৱা দেখা গৈছে। এই খণ্ডটোৰ প্ৰম’ শ্বেয়াৰ কৰাৰ সময়ত চ’নী টিভিয়ে ভিডিঅ’টোত লিখিছিল, ‘দেশৰ গৌৰৱ মনু ভাকেৰে কেবিচিলৈ আহিছে সকলোৰে হৃদয় জয় কৰিবলৈ’।

তেওঁ আৰু লিখিছে, ‘মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰা অমান ছেহৰাৱাটেও এই শ্ব’ত মনুৰ সৈতে আহিব।’ প্ৰম’টোত মনুৱে অমিতাভ বচ্চনৰ পৰা অনুমতি বিচাৰিছিল তেওঁৰ ছবি ‘মহব্বতেই’ৰ এটা সংলাপ ক’বলৈ। তেওঁ ক’লে, ‘সেই সংলাপটো মই বহু আগতেই দেখিছিলোঁ, যেতিয়া মই ছবিখন চাইছিলো। গতিকে মই ক’ব পাৰিমনে? এই কথাত বিগ বিয়ে হাঁহি হাঁহি ক’লে, ‘যদি ভাল লাগে, তেন্তে কওক’। তাৰ পাছত মনুয়ে ছবিখনৰ বিখ্যাত সংলাপটো ক’লে, ‘পৰম্পৰা, প্ৰতিপত্তি আৰু অনুশাসন আমাৰ গুৰুকুলৰ তিনিটা স্তম্ভ। এইবোৰৰ ভিত্তিত আমি আপোনাৰ ভৱিষ্যত ক’ব পাৰো।’


মনু ভাকেৰৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত অনুৰাগীসকলে বিভিন্ন ধৰণে মন্তব্য কৰিছে। বৰ্তমান মনু ভাকেৰৰ বয়স মাত্ৰ ২২ বছৰ আৰু এই বয়সতে তেওঁ নিজৰ শক্তিশালী প্ৰদৰ্শনেৰে এক ইতিহাস সৃষ্টি কৰিছে। স্বাধীনতাৰ পিছত অলিম্পিকত দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে। পেৰিছ ২০২৪ৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত এই পদকসমূহ লাভ কৰিছে মনুৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ