--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পেৰিচ অলিম্পিকত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছতে আন এক সুখবৰ কঢ়িয়াই আনিছে৷ ব্ৰাছেলছ ডাইমণ্ড লীগৰ চূড়ান্ত খেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে অলিম্পিক পদক জয়ী ভাৰতীয় ক্ৰীড়াবিদ নীৰজ চোপ্ৰাই৷
 
ডাইমণ্ড লীগ হৈছে বিশ্ব এথলেটিকছৰ দ্বাৰা আয়োজিত অভিজাত ‘ট্ৰেক এণ্ড ফিল্ড’ বাৰ্ষিক শৃংখলা। এই শৃংখলাৰ বাবে বিশ্বৰ বিভিন্ন চহৰত  পোন্ধৰ খন খেল অনুষ্ঠিত হয় আৰু চূড়ান্ত প্ৰতিযোগিতা শৃংখলাৰ শেষত অনুষ্ঠিত হয়। পুৰুষ-মহিলা উভয়ৰে বাবে মুঠ ১৬ টা ইভেণ্টত বিশ্বৰ শীৰ্ষ খেলুৱৈসকলে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে এই সংখ্যাৰ শৃংখলাত বিশেষকৈ পেৰিচ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ সকলক সুযোগ প্ৰদান কৰা হৈছে৷ 

নীৰজ চোপ্ৰাই ১৪ খন শৃংখলাৰ শেষত সামগ্ৰিক ৰেংকিঙত চতুৰ্থ স্থান দখল কৰি ১৩-১৪ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগীয়া ডাইমণ্ড লীগৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নীৰজ চোপ্ৰাই  চেকিয়াৰ জাকুব ভাডলেচৰ পৰা দুটা পইণ্ট পিছ পৰি আছে। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছ আৰু জাৰ্মান তাৰকা জুলিয়ান ৱেবাৰে ক্ৰমে ২৯ আৰু ২১ পইণ্টেৰে শীৰ্ষ দুটা স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

উল্লেখনীয় যে ডাইমণ্ড লীগ শৃংখলাৰ চূড়ান্ত বিজয়ীয়ে  "ডাইমণ্ড ট্ৰফী" আৰু ৩০,০০০ মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ লগতে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ৱাইল্ড কাৰ্ড লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ