--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পেৰিচ অলিম্পিকত নীৰজ চোপ্ৰাই ৰূপৰ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাৰ পাছতে আন এক সুখবৰ কঢ়িয়াই আনিছে৷ ব্ৰাছেলছ ডাইমণ্ড লীগৰ চূড়ান্ত খেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে অলিম্পিক পদক জয়ী ভাৰতীয় ক্ৰীড়াবিদ নীৰজ চোপ্ৰাই৷
 
ডাইমণ্ড লীগ হৈছে বিশ্ব এথলেটিকছৰ দ্বাৰা আয়োজিত অভিজাত ‘ট্ৰেক এণ্ড ফিল্ড’ বাৰ্ষিক শৃংখলা। এই শৃংখলাৰ বাবে বিশ্বৰ বিভিন্ন চহৰত  পোন্ধৰ খন খেল অনুষ্ঠিত হয় আৰু চূড়ান্ত প্ৰতিযোগিতা শৃংখলাৰ শেষত অনুষ্ঠিত হয়। পুৰুষ-মহিলা উভয়ৰে বাবে মুঠ ১৬ টা ইভেণ্টত বিশ্বৰ শীৰ্ষ খেলুৱৈসকলে অংশগ্ৰহণ কৰে৷ উল্লেখযোগ্য যে এই সংখ্যাৰ শৃংখলাত বিশেষকৈ পেৰিচ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ সকলক সুযোগ প্ৰদান কৰা হৈছে৷ 

নীৰজ চোপ্ৰাই ১৪ খন শৃংখলাৰ শেষত সামগ্ৰিক ৰেংকিঙত চতুৰ্থ স্থান দখল কৰি ১৩-১৪ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগীয়া ডাইমণ্ড লীগৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নীৰজ চোপ্ৰাই  চেকিয়াৰ জাকুব ভাডলেচৰ পৰা দুটা পইণ্ট পিছ পৰি আছে। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছ আৰু জাৰ্মান তাৰকা জুলিয়ান ৱেবাৰে ক্ৰমে ২৯ আৰু ২১ পইণ্টেৰে শীৰ্ষ দুটা স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

উল্লেখনীয় যে ডাইমণ্ড লীগ শৃংখলাৰ চূড়ান্ত বিজয়ীয়ে  "ডাইমণ্ড ট্ৰফী" আৰু ৩০,০০০ মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ লগতে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ বাবে ৱাইল্ড কাৰ্ড লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post