--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ ভিক্ষাৰীৰ সৈতে পলায়ন। মহিলাগৰাকীয়ে ঘৰত এৰি থৈ গৈছে ৬ সন্তান আৰু স্বামীক। উত্তৰ প্ৰদেশৰ হৰদয়ত ঘটিছে এই ঘটনা। 

মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীৰ স্বামীৰ অভিযোগ যে ভিক্ষাৰীজনৰ সৈতে পলায়ন কৰাৰ সমান্তৰালকৈ তেওঁৰ পত্নীয়ে ঘৰত ৰখা ধনখিনিও লৈ গৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দুয়োৰে সন্ধান আৰম্ভ কৰিছে।


সমগ্ৰ ঘটনাটো হৰদয় জিলাৰ হৰপালপুৰ কোটৱালি অঞ্চলৰ, য’ত এগৰাকী ৩৬ বছৰীয়া মহিলাই নিজৰ ঘৰলৈ ভিক্ষা কৰিবলৈ অহা এজন ভিক্ষাৰীৰ প্ৰেমত পৰে। প্ৰেমত মতলীয়া হৈ ভিক্ষাৰীৰ লগত পলাই যায় মহিলাগৰাকী। এতিয়া পুলিচ ব্যস্ত ভিক্ষাৰী আৰু মহিলাগৰাকীৰ সন্ধানত।


স্বামী ৰাজুৱে কয় যে এজন ভিক্ষাৰী প্ৰায়ে তেওঁৰ ঘৰলৈ ভিক্ষা খুজিবলৈ আহিছিল আৰু লগতে পৰিয়ালটোৰ হাত আদিও চাইছিল। স্বামীৰ মতে, তেওঁৰ পত্নীয়ে প্ৰায়ে ভিক্ষাৰীজনৰ সৈতে কথা পাতিছিল কিন্তু তেওঁ বৰ বিশেষ গুৰুত্ব দিয়া নাছিল কিয়নো পত্নী যে ভিক্ষাৰীৰ প্ৰেমত পৰিব সেই কথা সপোনতো ভবা নাছিল। 

৩ জানুৱাৰীত পত্নীয়ে শাক-পাচলি আৰু কাপোৰ কিনিম বুলি কৈ বজাৰলৈ আহে। বজাৰলৈ আহি পাছে ঘৰলৈ ঘূৰি নগল পত্নী। 

ৰাজুৰ মতে, পত্নীয়ে ঘৰত ৰখা এক লাখ ৬০ হাজাৰ টকাও লৈ গৈছে। এই ধন ম’হ আৰু মাটি বিক্ৰী কৰি সংগ্ৰহ কৰিছিল ৰাজুৱে। অতি সোনকালে পত্নীক বিচাৰি উলিয়াবলৈ আৰক্ষীক অনুৰোধ জনাইছে স্বামীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post