--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ ভিক্ষাৰীৰ সৈতে পলায়ন। মহিলাগৰাকীয়ে ঘৰত এৰি থৈ গৈছে ৬ সন্তান আৰু স্বামীক। উত্তৰ প্ৰদেশৰ হৰদয়ত ঘটিছে এই ঘটনা। 

মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীৰ স্বামীৰ অভিযোগ যে ভিক্ষাৰীজনৰ সৈতে পলায়ন কৰাৰ সমান্তৰালকৈ তেওঁৰ পত্নীয়ে ঘৰত ৰখা ধনখিনিও লৈ গৈছে। বৰ্তমান আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দুয়োৰে সন্ধান আৰম্ভ কৰিছে।


সমগ্ৰ ঘটনাটো হৰদয় জিলাৰ হৰপালপুৰ কোটৱালি অঞ্চলৰ, য’ত এগৰাকী ৩৬ বছৰীয়া মহিলাই নিজৰ ঘৰলৈ ভিক্ষা কৰিবলৈ অহা এজন ভিক্ষাৰীৰ প্ৰেমত পৰে। প্ৰেমত মতলীয়া হৈ ভিক্ষাৰীৰ লগত পলাই যায় মহিলাগৰাকী। এতিয়া পুলিচ ব্যস্ত ভিক্ষাৰী আৰু মহিলাগৰাকীৰ সন্ধানত।


স্বামী ৰাজুৱে কয় যে এজন ভিক্ষাৰী প্ৰায়ে তেওঁৰ ঘৰলৈ ভিক্ষা খুজিবলৈ আহিছিল আৰু লগতে পৰিয়ালটোৰ হাত আদিও চাইছিল। স্বামীৰ মতে, তেওঁৰ পত্নীয়ে প্ৰায়ে ভিক্ষাৰীজনৰ সৈতে কথা পাতিছিল কিন্তু তেওঁ বৰ বিশেষ গুৰুত্ব দিয়া নাছিল কিয়নো পত্নী যে ভিক্ষাৰীৰ প্ৰেমত পৰিব সেই কথা সপোনতো ভবা নাছিল। 

৩ জানুৱাৰীত পত্নীয়ে শাক-পাচলি আৰু কাপোৰ কিনিম বুলি কৈ বজাৰলৈ আহে। বজাৰলৈ আহি পাছে ঘৰলৈ ঘূৰি নগল পত্নী। 

ৰাজুৰ মতে, পত্নীয়ে ঘৰত ৰখা এক লাখ ৬০ হাজাৰ টকাও লৈ গৈছে। এই ধন ম’হ আৰু মাটি বিক্ৰী কৰি সংগ্ৰহ কৰিছিল ৰাজুৱে। অতি সোনকালে পত্নীক বিচাৰি উলিয়াবলৈ আৰক্ষীক অনুৰোধ জনাইছে স্বামীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ