--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত বাস কৰিবলৈ অনুমতি বচাৰি ৰাজহুৱা আবেদন জনাইছে দীৰ্ঘদিন নিৰ্বাসনত থকা বাংলাদেশী লেখিকা তাছলিমা নাছৰীনে৷ ভাৰতত আৱাস অনুমতি বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত৷

লেখিকাগৰাকীয়ে নিজৰ অফিচিয়েল এক্স একাউণ্টত অমিত শ্বাহক দিয়া মুকলি অনুৰোধত প্ৰকাশ কৰিছে যে গৃহ মন্ত্ৰালয়ে ২০২২ চনৰ পৰা ভাৰতত থকাৰ অনুমতি বৃদ্ধি কৰা নাই। তেওঁ উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীক এই সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় ‘মই এই মহান দেশখনক ভাল পাওঁ সেয়ে ভাৰতত বাস কৰোঁ। বিগত ২০ বছৰ ধৰি ভাৰত মোৰ দ্বিতীয় ঘৰ বুলি উল্লেখ কৰে তাছলিমা নাছৰীনে৷ কিন্তু গৃহ মন্ত্ৰালয়ে ২২ জুলাইৰ পৰা ৰেচিডেন্স পাৰ্মিট বৃদ্ধি নকৰাত চিন্তিত হৈ পৰিছে লেখিকাগৰাকী৷ 

উল্লেখযোগ্য যে সাম্প্ৰদায়িকতাবাদৰ কঠোৰ সমালোচক নাছৰীনে ১৯৯৪ চনৰ পৰাই নিৰ্বাসিত জীৱন কটাই আহিছে। বাংলাদেশত সাম্প্ৰদায়িকতাবাদ আৰু নাৰী সমতাৰ ওপৰত লিখা বাবে ইছলামিক মৌলবাদীৰ সমালোচনাৰ সন্মুখীন হৈ বাংলাদেশ এৰিবলগীয়া হৈছিল লেখিকা গৰাকীয়ে।

তেওঁৰ সফল উপন্যাস "লাজ্জা"(১৯৯৩) আৰু আত্মজীৱনী "আমাৰ মায়েবেলা"(১৯৯৮)কে ধৰি কেইবাখনো গ্ৰন্থ বাংলাদেশ চৰকাৰে নিষিদ্ধ কৰিছিল। "লাজ্জা" শীৰ্ষক উপন্যাসখনত ভাৰতৰ বাবৰি মছজিদ ভাঙি পেলোৱাৰ পাছত বাঙালী হিন্দুসকলৰ ওপৰত কৰা হিংসা, ধৰ্ষণ, লুণ্ঠন আৰু হত্যাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

লেখিকাগৰাকী ১০ বছৰমান ছুইডেন, জাৰ্মানী, ফ্ৰান্স আৰু আমেৰিকাত নিৰ্বাসনত কটায়। ২০০৪ চনত তেওঁ কলকাতালৈ আহে আৰু ২০০৭ চনলৈকে তাতেই থাকে। ইয়াৰ পাছত তিনিমাহৰ বাবে দিল্লীলৈ যায়, তাত শাৰীৰিক আক্ৰমণৰ বলি হোৱাবাবে গৃহবন্দী হৈ থাকে। অৱশ্যে ২০০৮ চনত পুনৰ ভাৰত এৰি আমেৰিকালৈ যাবলগীয়া হৈছিল লেখিকাগৰাকী। কেইবছৰমানৰ পাছত তেওঁ পুনৰ ভাৰতলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post