--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত বাস কৰিবলৈ অনুমতি বচাৰি ৰাজহুৱা আবেদন জনাইছে দীৰ্ঘদিন নিৰ্বাসনত থকা বাংলাদেশী লেখিকা তাছলিমা নাছৰীনে৷ ভাৰতত আৱাস অনুমতি বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত৷

লেখিকাগৰাকীয়ে নিজৰ অফিচিয়েল এক্স একাউণ্টত অমিত শ্বাহক দিয়া মুকলি অনুৰোধত প্ৰকাশ কৰিছে যে গৃহ মন্ত্ৰালয়ে ২০২২ চনৰ পৰা ভাৰতত থকাৰ অনুমতি বৃদ্ধি কৰা নাই। তেওঁ উদ্বেগ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীক এই সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় ‘মই এই মহান দেশখনক ভাল পাওঁ সেয়ে ভাৰতত বাস কৰোঁ। বিগত ২০ বছৰ ধৰি ভাৰত মোৰ দ্বিতীয় ঘৰ বুলি উল্লেখ কৰে তাছলিমা নাছৰীনে৷ কিন্তু গৃহ মন্ত্ৰালয়ে ২২ জুলাইৰ পৰা ৰেচিডেন্স পাৰ্মিট বৃদ্ধি নকৰাত চিন্তিত হৈ পৰিছে লেখিকাগৰাকী৷ 

উল্লেখযোগ্য যে সাম্প্ৰদায়িকতাবাদৰ কঠোৰ সমালোচক নাছৰীনে ১৯৯৪ চনৰ পৰাই নিৰ্বাসিত জীৱন কটাই আহিছে। বাংলাদেশত সাম্প্ৰদায়িকতাবাদ আৰু নাৰী সমতাৰ ওপৰত লিখা বাবে ইছলামিক মৌলবাদীৰ সমালোচনাৰ সন্মুখীন হৈ বাংলাদেশ এৰিবলগীয়া হৈছিল লেখিকা গৰাকীয়ে।

তেওঁৰ সফল উপন্যাস "লাজ্জা"(১৯৯৩) আৰু আত্মজীৱনী "আমাৰ মায়েবেলা"(১৯৯৮)কে ধৰি কেইবাখনো গ্ৰন্থ বাংলাদেশ চৰকাৰে নিষিদ্ধ কৰিছিল। "লাজ্জা" শীৰ্ষক উপন্যাসখনত ভাৰতৰ বাবৰি মছজিদ ভাঙি পেলোৱাৰ পাছত বাঙালী হিন্দুসকলৰ ওপৰত কৰা হিংসা, ধৰ্ষণ, লুণ্ঠন আৰু হত্যাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

লেখিকাগৰাকী ১০ বছৰমান ছুইডেন, জাৰ্মানী, ফ্ৰান্স আৰু আমেৰিকাত নিৰ্বাসনত কটায়। ২০০৪ চনত তেওঁ কলকাতালৈ আহে আৰু ২০০৭ চনলৈকে তাতেই থাকে। ইয়াৰ পাছত তিনিমাহৰ বাবে দিল্লীলৈ যায়, তাত শাৰীৰিক আক্ৰমণৰ বলি হোৱাবাবে গৃহবন্দী হৈ থাকে। অৱশ্যে ২০০৮ চনত পুনৰ ভাৰত এৰি আমেৰিকালৈ যাবলগীয়া হৈছিল লেখিকাগৰাকী। কেইবছৰমানৰ পাছত তেওঁ পুনৰ ভাৰতলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ