--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পাছত জনসাধাৰণক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাই চৰ্চাত আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন।চেন্নাইত হিন্দু ধৰ্মীয় বন্দোবস্তি ব’ৰ্ডে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে এতিয়াই দম্পতীয়ে ১৬ ধৰণৰ সম্পত্তিৰ পৰিৱৰ্তে ১৬টা সন্তান জন্ম দিয়াৰ সময়। 

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মানৱ সম্পদ আৰু সামাজিক ন্যায় মন্ত্ৰী শেখৰ বাবুক প্ৰশংসা কৰি  দাবী কৰে যে মন্দিৰ ৰক্ষণাবেক্ষণ আৰু সম্পদৰ সুশৃংখলিতকৰণৰ বাবে ডি এম কে চৰকাৰে কৰা প্ৰচেষ্টাক শলাগ লয়৷ লগতে কয় যে তেওঁ কয় যে ভক্তিক মুখা হিচাপে ব্যৱহাৰ কৰাসকল বিচলিত হৈ ডি এম কে চৰকাৰৰ সফলতা ৰোধ কৰিবলৈ গোচৰ ৰুজু কৰি আহিছে৷

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে, সেয়ে বহু আগতেই কলাইগনাৰে পৰশক্তি ছবিখনত লিখা এটা সংলাপত  কৈছিল 'আমি মন্দিৰৰ বিৰোধী নহয়, মন্দিৰ ভয়ংকৰ মানুহৰ শিবিৰ হোৱাৰ বিৰোধী।' আমাৰ জনসংখ্যা কমি আহিছে যিয়ে আমাৰ লোকসভাৰ আসনতো প্ৰভাৱ পেলাব গতিকে আমাৰ ১৬টা সন্তান কিয় নহ’ব বুলিও মন্তব্য কৰে৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বৰ বয়োজ্যেষ্ঠসকলে নৱবিবাহিত দম্পতীক ১৬ ধৰণৰ ধন-সম্পত্তি লাভ কৰিবলৈ আশীৰ্বাদ দিছিল। যেতিয়া বয়োজ্যেষ্ঠসকলে কৈছিল যে আপুনি ১৬টা সন্তান পাওক আৰু এটা সমৃদ্ধিশালী জীৱন যাপন কৰক তাত ১৬টা সন্তানৰ অৰ্থ হৈছে ১৬ প্ৰকাৰৰ ধন-সম্পত্তি, যিটো লেখক বিশ্বনাথনে তেওঁৰ ‘গুৰু, ঘৰ, পত্নী, সন্তান, শিক্ষা’-২০১৬ গ্ৰন্থত উল্লেখ কৰিছিল। কিন্তু এতিয়া কোনেও ১৬ ধৰণৰ ধন পাবলৈ আশীৰ্বাদ দিয়া নাই, সেয়ে হয়তো এতিয়া ১৬টা ধন-সম্পত্তিৰ সলনি ১৬টা সন্তান জন্ম দিয়াৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post