--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পাছত জনসাধাৰণক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাই চৰ্চাত আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন।চেন্নাইত হিন্দু ধৰ্মীয় বন্দোবস্তি ব’ৰ্ডে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে এতিয়াই দম্পতীয়ে ১৬ ধৰণৰ সম্পত্তিৰ পৰিৱৰ্তে ১৬টা সন্তান জন্ম দিয়াৰ সময়। 

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মানৱ সম্পদ আৰু সামাজিক ন্যায় মন্ত্ৰী শেখৰ বাবুক প্ৰশংসা কৰি  দাবী কৰে যে মন্দিৰ ৰক্ষণাবেক্ষণ আৰু সম্পদৰ সুশৃংখলিতকৰণৰ বাবে ডি এম কে চৰকাৰে কৰা প্ৰচেষ্টাক শলাগ লয়৷ লগতে কয় যে তেওঁ কয় যে ভক্তিক মুখা হিচাপে ব্যৱহাৰ কৰাসকল বিচলিত হৈ ডি এম কে চৰকাৰৰ সফলতা ৰোধ কৰিবলৈ গোচৰ ৰুজু কৰি আহিছে৷

মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে, সেয়ে বহু আগতেই কলাইগনাৰে পৰশক্তি ছবিখনত লিখা এটা সংলাপত  কৈছিল 'আমি মন্দিৰৰ বিৰোধী নহয়, মন্দিৰ ভয়ংকৰ মানুহৰ শিবিৰ হোৱাৰ বিৰোধী।' আমাৰ জনসংখ্যা কমি আহিছে যিয়ে আমাৰ লোকসভাৰ আসনতো প্ৰভাৱ পেলাব গতিকে আমাৰ ১৬টা সন্তান কিয় নহ’ব বুলিও মন্তব্য কৰে৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে পূৰ্বৰ বয়োজ্যেষ্ঠসকলে নৱবিবাহিত দম্পতীক ১৬ ধৰণৰ ধন-সম্পত্তি লাভ কৰিবলৈ আশীৰ্বাদ দিছিল। যেতিয়া বয়োজ্যেষ্ঠসকলে কৈছিল যে আপুনি ১৬টা সন্তান পাওক আৰু এটা সমৃদ্ধিশালী জীৱন যাপন কৰক তাত ১৬টা সন্তানৰ অৰ্থ হৈছে ১৬ প্ৰকাৰৰ ধন-সম্পত্তি, যিটো লেখক বিশ্বনাথনে তেওঁৰ ‘গুৰু, ঘৰ, পত্নী, সন্তান, শিক্ষা’-২০১৬ গ্ৰন্থত উল্লেখ কৰিছিল। কিন্তু এতিয়া কোনেও ১৬ ধৰণৰ ধন পাবলৈ আশীৰ্বাদ দিয়া নাই, সেয়ে হয়তো এতিয়া ১৬টা ধন-সম্পত্তিৰ সলনি ১৬টা সন্তান জন্ম দিয়াৰ সময় আহি পৰিছে বুলি মন্তব্য কৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ