--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰ পূৰ্বে যৌতুকৰ বাবে এগৰাকী মহিলাক হত্যাৰ অভিযোগত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল, য’ত তেওঁলোকক চাৰি বছৰৰ শাস্তি প্ৰদান কৰা হৈছিল। 

কিন্তু মহিলাগৰাকী জীৱন্তে উদ্ধাৰ হয়। চাৰি বছৰৰ পাছত মহিলাগৰাকীক জীৱিত অৱস্থাত লগ পোৱা যায়। এই আচৰিত ঘটনা বিহাৰৰ আৰাহ জিলাৰ পৰা পোহৰলৈ আহিছে। 

এই মহিলাগৰাকীয়ে আন এজন পুৰুষক বিয়া কৰাই তেওঁৰ লগতে বসবাস কৰিছল। মহিলগৰাকীয়ে অভিযোগ কৰি কয় যে স্বামীৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ তেওঁ মাতৃগৃহলৈ উভতি আহিছিল যদিও তাতো তেওঁ সকাহ নাপালে। মাতৃগৃহলৈ উভতি অহাৰ পাছত তেওঁৰ পিতৃয়ে তেওঁৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছিল। পিতৃৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰি আৰাহ ৰে’ল ষ্টেচনত উপস্থিত হয়, য’ত এজন লোকে তেওঁৰ জীৱন ৰক্ষা কৰে। ইয়াৰ পাছতে মহিলাগৰাকীয়ে সেই ব্যক্তিজনক বিয়া কৰাইছিল।

ইফালে মহিলাগৰাকীৰ পিতৃয়ে ২০২০ চনত মহিলাগৰাকী নিৰুদ্দেশ আৰু যৌতুকৰ মৃত্যুৰ গোচৰ ৰুজু কৰিছিল। নদীৰ পাৰত পচি যোৱা এটা মৃতদেহ উদ্ধাৰ হোৱাত মহিলাগৰাকীৰ পিতৃয়ে মৃতদেহটো নিজৰ কন্যাৰ বুলি চিনাক্ত কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ শহুৰেকক গ্ৰেপ্তাৰ কৰে। এতিয়া চাৰি বছৰৰ মূৰত আৰক্ষীয়ে মহিলাগৰাকীক মিৰগঞ্জৰ পৰা উদ্ধাৰ কৰিছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁৰ পিতৃয়ে মিছা কথা কৈ আন এগৰাকী মহিলাৰ মৃতদেহ তেওঁৰ বুলি দাবী কৰি ভুৱা এফআইআৰ দাখিল কৰে। তেওঁ কয় যে তেওঁ নিজৰ ইচ্ছামতে আৰাৰ এজন মানুহক বিয়া কৰাইছিল আৰু দুটা সন্তান জন্ম দিছিল। মহিলাগৰাকীয়ে লগতে কয় যে তেওঁৰ প্ৰথম স্বামীয়ে তেওঁক মাৰপিট কৰিছিল, সেয়েহে তেওঁ নিজৰ মাতৃগৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। কিন্তু মাকৰ মৃত্যুৰ পিছত দেউতাকে তেওঁক অত্যাচাৰ কৰিছিল, যাৰ বাবে তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিল। সেই সময়ত এজন পুৰুষে তাইৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু পিছত তেওঁকে মন্দিৰত বিয়া কৰাইছিল।

এই সন্দৰ্ভত এ এছ পি কে কে সিঙে কয় যে ২০২০ চনত ৰুজু হোৱা এটা গোচৰত এটা মৃতদেহ ভুলকৈ চিনাক্ত কৰা হৈছিল, আৰু সেই গোচৰৰ বিচাৰো চলোৱা হৈছে। এতিয়া মহিলাগৰাকীক বিচাৰি পোৱাৰ পিছত আদালতৰ নিৰ্দেশ অনুসৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মহিলাগৰাকীৰ পিতৃৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবেও তেওঁৰ বক্তব্য আদালতত লিপিবদ্ধ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল