--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰ পূৰ্বে যৌতুকৰ বাবে এগৰাকী মহিলাক হত্যাৰ অভিযোগত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই গোচৰত মহিলাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হৈছিল, য’ত তেওঁলোকক চাৰি বছৰৰ শাস্তি প্ৰদান কৰা হৈছিল। 

কিন্তু মহিলাগৰাকী জীৱন্তে উদ্ধাৰ হয়। চাৰি বছৰৰ পাছত মহিলাগৰাকীক জীৱিত অৱস্থাত লগ পোৱা যায়। এই আচৰিত ঘটনা বিহাৰৰ আৰাহ জিলাৰ পৰা পোহৰলৈ আহিছে। 

এই মহিলাগৰাকীয়ে আন এজন পুৰুষক বিয়া কৰাই তেওঁৰ লগতে বসবাস কৰিছল। মহিলগৰাকীয়ে অভিযোগ কৰি কয় যে স্বামীৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ তেওঁ মাতৃগৃহলৈ উভতি আহিছিল যদিও তাতো তেওঁ সকাহ নাপালে। মাতৃগৃহলৈ উভতি অহাৰ পাছত তেওঁৰ পিতৃয়ে তেওঁৰ সৈতে অবৈধ সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছিল। পিতৃৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা কৰি আৰাহ ৰে’ল ষ্টেচনত উপস্থিত হয়, য’ত এজন লোকে তেওঁৰ জীৱন ৰক্ষা কৰে। ইয়াৰ পাছতে মহিলাগৰাকীয়ে সেই ব্যক্তিজনক বিয়া কৰাইছিল।

ইফালে মহিলাগৰাকীৰ পিতৃয়ে ২০২০ চনত মহিলাগৰাকী নিৰুদ্দেশ আৰু যৌতুকৰ মৃত্যুৰ গোচৰ ৰুজু কৰিছিল। নদীৰ পাৰত পচি যোৱা এটা মৃতদেহ উদ্ধাৰ হোৱাত মহিলাগৰাকীৰ পিতৃয়ে মৃতদেহটো নিজৰ কন্যাৰ বুলি চিনাক্ত কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ শহুৰেকক গ্ৰেপ্তাৰ কৰে। এতিয়া চাৰি বছৰৰ মূৰত আৰক্ষীয়ে মহিলাগৰাকীক মিৰগঞ্জৰ পৰা উদ্ধাৰ কৰিছে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁৰ পিতৃয়ে মিছা কথা কৈ আন এগৰাকী মহিলাৰ মৃতদেহ তেওঁৰ বুলি দাবী কৰি ভুৱা এফআইআৰ দাখিল কৰে। তেওঁ কয় যে তেওঁ নিজৰ ইচ্ছামতে আৰাৰ এজন মানুহক বিয়া কৰাইছিল আৰু দুটা সন্তান জন্ম দিছিল। মহিলাগৰাকীয়ে লগতে কয় যে তেওঁৰ প্ৰথম স্বামীয়ে তেওঁক মাৰপিট কৰিছিল, সেয়েহে তেওঁ নিজৰ মাতৃগৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। কিন্তু মাকৰ মৃত্যুৰ পিছত দেউতাকে তেওঁক অত্যাচাৰ কৰিছিল, যাৰ বাবে তেওঁ আত্মহত্যাৰ চেষ্টা কৰিছিল। সেই সময়ত এজন পুৰুষে তাইৰ প্ৰাণ ৰক্ষা কৰিছিল আৰু পিছত তেওঁকে মন্দিৰত বিয়া কৰাইছিল।

এই সন্দৰ্ভত এ এছ পি কে কে সিঙে কয় যে ২০২০ চনত ৰুজু হোৱা এটা গোচৰত এটা মৃতদেহ ভুলকৈ চিনাক্ত কৰা হৈছিল, আৰু সেই গোচৰৰ বিচাৰো চলোৱা হৈছে। এতিয়া মহিলাগৰাকীক বিচাৰি পোৱাৰ পিছত আদালতৰ নিৰ্দেশ অনুসৰি অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মহিলাগৰাকীৰ পিতৃৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবেও তেওঁৰ বক্তব্য আদালতত লিপিবদ্ধ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ