--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি (১৬ নৱেম্বৰ, ২০২৪) শিৰডীত উপস্থিত হৈছে। ইয়াত এখন সমাৱেশত ভাষণ দি প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছে। প্ৰিয়ংকা গান্ধীয়ে কয় যে তেওঁলোকে মঞ্চত থিয় হৈ জাতি লোকপিয়ল কৰি সংৰক্ষণৰ ৫০ শতাংশ সীমা আঁতৰোৱাৰ কথা ঘোষণা কৰিব লাগে।

প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিৰ মানুহে কয় যে মোৰ ভাতৃ সংৰক্ষণৰ বিৰোধী। ন্যায় বিচাৰি মণিপুৰৰ পৰা মুম্বাইলৈ খোজ দিয়া ব্যক্তিজনক সংৰক্ষণৰ বিৰোধী বুলি কোৱা হৈছে, আনহাতে ন্যায়ৰ দাবীত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যোৱা ব্যক্তিজন সংৰক্ষণৰ বিৰোধী বুলি কোৱা হৈছে। বিজেপিৰ মানুহে ভয় খাই মিছা কথা কয়। তেওঁ ক’লে, “কাৰ জনসংখ্যা কিমান নাজানিলে আমি কেনেকৈ সংৰক্ষণ দিব জানিম?”

শুক্ৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঝাৰখণ্ডত নিৰ্বাচনী সমাৱেশত ভাষণ দিওঁতে কয় যে, “মহাৰাষ্ট্ৰত আমাৰ চৰকাৰ আছিল, আমাৰ চৰকাৰ উফৰাই দিয়া হৈছিল৷ জাতি লোকপিয়লৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, ‘জাতি লোকপিয়লে সকলো উদঙাই দিব ৷’

ৰাহুল গান্ধীয়ে কয়, ‘আমি এই দেশত কোন শ্ৰেণীৰ কিমান মানুহ আছে সেইটো বিচাৰি উলিয়াম ৷ কংগ্ৰেছে কোন শ্ৰেণীৰ হাতত দেশৰ কিমান ধন-সম্পত্তি আছে সেইটো বিচাৰি উলিয়াব আৰু সেইদিনাৰ পৰাই নতুন ৰাজনীতি আৰম্ভ হ’ব। কংগ্ৰেছ চৰকাৰে অন্ততঃ জাতি লোকপিয়ল কৰিব। ৫০ শতাংশ সংৰক্ষণৰ এই দেৱালখন ভাঙিব কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ