--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই আজি (১৬ নৱেম্বৰ, ২০২৪) শিৰডীত উপস্থিত হৈছে। ইয়াত এখন সমাৱেশত ভাষণ দি প্ৰিয়ংকা গান্ধী ভদ্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছে। প্ৰিয়ংকা গান্ধীয়ে কয় যে তেওঁলোকে মঞ্চত থিয় হৈ জাতি লোকপিয়ল কৰি সংৰক্ষণৰ ৫০ শতাংশ সীমা আঁতৰোৱাৰ কথা ঘোষণা কৰিব লাগে।

প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিৰ মানুহে কয় যে মোৰ ভাতৃ সংৰক্ষণৰ বিৰোধী। ন্যায় বিচাৰি মণিপুৰৰ পৰা মুম্বাইলৈ খোজ দিয়া ব্যক্তিজনক সংৰক্ষণৰ বিৰোধী বুলি কোৱা হৈছে, আনহাতে ন্যায়ৰ দাবীত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যোৱা ব্যক্তিজন সংৰক্ষণৰ বিৰোধী বুলি কোৱা হৈছে। বিজেপিৰ মানুহে ভয় খাই মিছা কথা কয়। তেওঁ ক’লে, “কাৰ জনসংখ্যা কিমান নাজানিলে আমি কেনেকৈ সংৰক্ষণ দিব জানিম?”

শুক্ৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঝাৰখণ্ডত নিৰ্বাচনী সমাৱেশত ভাষণ দিওঁতে কয় যে, “মহাৰাষ্ট্ৰত আমাৰ চৰকাৰ আছিল, আমাৰ চৰকাৰ উফৰাই দিয়া হৈছিল৷ জাতি লোকপিয়লৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, ‘জাতি লোকপিয়লে সকলো উদঙাই দিব ৷’

ৰাহুল গান্ধীয়ে কয়, ‘আমি এই দেশত কোন শ্ৰেণীৰ কিমান মানুহ আছে সেইটো বিচাৰি উলিয়াম ৷ কংগ্ৰেছে কোন শ্ৰেণীৰ হাতত দেশৰ কিমান ধন-সম্পত্তি আছে সেইটো বিচাৰি উলিয়াব আৰু সেইদিনাৰ পৰাই নতুন ৰাজনীতি আৰম্ভ হ’ব। কংগ্ৰেছ চৰকাৰে অন্ততঃ জাতি লোকপিয়ল কৰিব। ৫০ শতাংশ সংৰক্ষণৰ এই দেৱালখন ভাঙিব কংগ্ৰেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post