--°C
Loading...
Listen to Article
2 min read
80%
কি খবৰ? ভালে আছেনে?
আপুনি উত্তৰ দিলে ''আছোঁ আৰু।''
এইবাৰ আপােনাক সুধিলোঁ, আপুনি কেনে আছে? খবৰ কওক। 
আপুনি ক'লে, ''নমৰি আছােঁ জীয়াই।'' 
তােমাৰাে খবৰ ল'বলৈ মন গ'ল মােৰ। সুধিছিলােঁ, ভালনে খবৰ ? 
তুমি সেমেকা হাঁহি এটাৰে উত্তৰ দিলা, ''আমাৰনাে আৰু ক'ত ভাল? চলি আছাে আৰু।'' 

বৰ্তমান সময়ত মানুহক যেতিয়াই খবৰ সোধা যায় এনেকুৱা উত্তৰেই সততে পোৱা যায়। বিশেষকৈ খবৰ সুধিলেই 'আছোঁ আৰু' বুলি কোৱাটোৱেই যেন অভ্যাস হৈ পৰিছে আজিৰ ভোগবাদী সমাজত। 'মোৰ ভাল' বুলি কোৱা মানুহ নিচেই তাকৰ আজিৰ সময়ত। এতিয়া প্ৰশ্ন হয় মানুহৰ মুখে মুখে কিয় ফুটি উঠে ইমান আশাহত উত্তৰ? মাতত কিয় থাকে জড়তাৰ সুৰ? এই প্ৰশ্ন অলপ নিজানত বহি নিজকে নিজে কৰি চাওকচোন। কিবা উত্তৰ পাইছেনে? নাই পোৱা? ভােগবাদী, বস্তুবাদী পৃথিৱীখনৰ পাছত দৌৰি ভাগৰি পৰিছে নহয় জানাে? গধুৰ উশাহে ঢৌৱাই ৰাখিছে হয়তাে বুকুৰ চুক-কোণ।
হাজাৰ প্রাপ্তিয়ে আপােনাৰ জীৱন আগুৰি আছে অথচ আপুনি কিবা এক অপ্রাপ্তিৰ বেদনাত ভাৰাক্ৰান্ত হৈ পৰিছে। জীৱনত প্রয়ােজন হােৱা সকলাে প্রয়ােজনীয়তাৰে আপােনাৰ জীৱন ভৰি আছে। অথচ আপুনি সুখী নহয়।

আচলতে কি জানে...অলপতে সুখ বুটলিব নজনাটো বর্তমান সময়ৰ এক ডাঙৰ অসুখ। সেই অসুখতে ভুগিছে আপুনি। বহুত মানুহ ব্যস্ত থাকে সুখৰ সন্ধানত। সুখ জানাে বিচাৰি যােৱা বস্তু। বিচাৰি গ'লে ই মৰীচিকাৰ ৰূপ লয়। যিমানেই বিচাৰি আগুৱাব, সিমানেই দূৰত ই অৱস্থান কৰিব। সুখ  আমাৰ মনৰ মাজতে থাকে। ইয়াক আমি অনুভৱ কৰিবলৈ জানিব লাগিব। 

''সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।''

সুখ সন্ধান কৰা বস্তু নহয়..সুখ বিচাৰি যোৱা বস্তুও নহয়, সুখ হৈছে য'তেই যেনেকৈ পাইছো তেনেকৈ বুটলা বস্তু। বুটলিব জানিলে অজস্ৰ সুখৰ মণি-মুকুতাই আপােনাৰ জীৱন জোলােঙা ভৰাই তুলিব, চাবচোন। আমাৰ জীৱনলৈ বহু সুখৰ মুহূৰ্তৰ আগমন ঘটে। আমি মনত নাৰাখাে, পাহৰি যাওঁ। কিন্তু দুখৰ মুহূৰ্তবােৰক আমি ইমানেই বেছি মনত ৰাখাে যে, ইমানেই বেছি প্রাধান্য দিওঁ যে সুখৰ মুহূৰ্তবােৰ ক'ৰবাত ধূসৰিত হৈ পৰে, তাৰ ঠাইত দুখৰ ছবিখন বেছি ফটফটীয়া হৈ দুচকুৰ আগত অগাডেৱা কৰে। পাছত আমি হামৰাও কাঢ়ি মৰিলে কি হ'ব, আমাৰ জীৱনলৈ সুখ নাহেই বুলি...আহে বহু সৰু সৰু সুখৰ মুহূৰ্ত আমাৰ ওচৰলৈও পাখি মেলি আহে। মাঁথো তাক চিনি পোৱাৰ দৃষ্টিভংগীৰ অভাৱ ঘটে। পার্থিব জগতৰ প্রতি অত্যধিক আসক্ত হৈ পৰিছে আজিৰ যুগৰ মানুহ। এনে জগতৰ লােভ-লালসাই যদি আপােনাক লালায়িত কৰিছে তেন্তে আপুনি কৰিছে নিজ জীৱনৰ প্রতি চৰম অন্যায়। এনে অৱস্থাত মানুহে অসৎ পথত ভৰি দি অথবা মানুহক ঠগি টকা ঘটিবলৈ অকণাে কুণ্ঠাবােধ নকৰে। সৎ পথত থাকি সততাৰে কাম কৰি লাগিলে আপুনি দুপইচাই অৰ্জন কৰক, নিভাঁজ আনন্দকণ কিন্তু তাতহে বিচাৰি পাব। জীয়াই থাকিবলৈ নিশ্চয়কৈ টকাৰ প্রয়ােজন। কিন্তু ধন-দৌলতৰ পাহাৰ গঢ়িবলৈ গৈ আপুনি নিজকে মানসিকভাৱে হত্যা নকৰিব। মৃত্যুৰ পাছত ধোঁৱা হৈ উৰিবলৈ অথবা মাটিৰ লগত লীন যাবলৈ এক টকাৰাে প্রয়ােজন নহয়। এয়াইটো সত্য।

গতিকে জীৱনটোক মুকলিকৈ ফুলিবলৈ এৰি দিয়ক। যদি আপােনাৰ থাকিবলৈ এটি ঘৰ, পিন্ধিবলৈ কাপােৰ, নিয়মিত পেট পূৰাই খাব পৰাকৈ খাদ্য, সু-স্বাস্থ্য, মৰমীয়াল পৰিয়াল, সহৃদয়বান বন্ধু, মৰমৰ সংগী লগত আছে তেন্তে আপুনি একোৰে অভাৱী নহয়। নিজকে সুখী বুলি ক'ব পৰাকৈ চহকী আপুনি। আপােনাৰ চৌপাশৰ পৃথিৱীখন এবাৰ চকু ফুৰাই চাওঁক। ফুটপাথত যেতিয়া হাত-ভৰিহীন ভিক্ষাৰীজনে আঁঠু দুটাৰে চুঁচৰি চুঁচৰি থুতৰিৰে পইচাৰ বাটিটো ঠেলি ঠেলি আগবাঢ়ে, অঘৰী বৃদ্ধজনে দবাপিটা বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৰযােৰে যেতিয়া আকাশলৈ চাই প্ৰাৰ্থনা জনায়, শীতত কঁপি থকা কণমানিটোলৈ চাই অসহায় পংগু মাতৃয়ে যেতিয়া বিনায়, পৃথিৱীৰ ৰং চাব নােৱাৰি অন্ধজনে যেতিয়া নীৰৱে চকুলাে টুকে, কিবা এটা বুজাব বিচাৰি বুজাব নােৱৰাৰ দুখত মূকবধিৰজনে যেতিয়া অসহায় হৈ মুখলৈ চাই ৰয়, তেতিয়াই জুমি চাব এবাৰ নিজ জীৱনক। আপােনাৰ নিজ জীৱনলৈ মায়া ওপজিব। মােহত পৰি যাব জীৱনৰ। বুকুৰ নিভৃত কোণত আপােনা আপুনি এক প্রার্থনা গুঞ্জৰিত হ'ব- মই দেখােন বহুত ভাগ্যবান। সুন্দৰকৈ জীয়াই থাকিবলৈ ভগৱানে মােক সকলােখিনিয়ে দিছে। 

জীৱনক লৈ সুখী হােৱাৰ কচৰৎ কৰাে আহক। যি কাম কৰিলে আমি সুখ পাওঁ, শান্তি পাওঁ সেই কামত নিজক ব্যস্ত ৰাখিব পাৰিলে সুখৰ নিজৰা স্বত্বঃস্ফুৰ্তভাৱে বৈ আহে। আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰিব পাৰিলে, প্ৰকৃতিৰ সৈতে একাত্ম হ'ব জানিলে হাতেৰে ঢুকি পাব পৰাকৈ সুখে আহি অৱস্থান কৰেহি। এমােকোৰা উজ্জ্বল হাঁহিৰে প্রজ্জ্বলিত হওঁক আমাৰ সকলােৰে জীৱন। প্রাপ্তি-অপ্রাপ্তিৰ তুলাচনীখন সদায় ভাৰী হওক প্রাপ্তিৰ ওজনৰে। কোনােবাই আমাৰ খবৰ সুধিলে সতেজ হাঁহিৰে একে আষাৰতে নিচিন্ত মনে ক'ম, ''মােৰ খবৰ ভাল। আপােনাৰো ভাল নিশ্চয়...।''

-কস্তুৰী বৰঠাকুৰ





FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement