--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱষক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে সমগ্র অঞ্চলটো পৰিচিত হ'ব 'ৰূপকোঁৱৰ চ'ক' নতুন নামেৰে। The,CM,has,directed,the,Nagaon,Commissioner,to,take,action

ডিজিটেল ডেস্ক : নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ ব্যাৱসায়িক অঞ্চল 'ঢাকাইপট্টি'ৰ নতুন নাম হ'ব 'ৰূপকোঁৱৰ চ'ক'। মঙলবাৰে এখন সংবাদমেলযোগে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই এই ঘোষণা কৰে।


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱষক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে সমগ্র অঞ্চলটো পৰিচিত হ'ব 'ৰূপকোঁৱৰ চ'ক' নতুন নামেৰে। এমাহৰ ভিতৰত দোকান-পোহাৰসমূহৰ নাম ফলকত ঢাকাইপট্টিৰ সলনি ৰূপকোঁৱৰ চ'ক লিখিবলৈও নির্দেশ দিয়া হৈছে।


জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত জিলা আয়ুক্ত দেৱাশিস শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ আদেশ মর্মে স্থানীয় বিধায়ক আৰু ৰাইজৰ পৰামৰ্শ ক্রমে নগাঁও জিলা প্রশাসনে এক সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা নগাঁও চহৰৰ মাজমজিয়াস্থিত ঢাকাইপট্টি নামৰ ঠাইডোখৰ ৰূপকোঁৱৰ চ'ক নামেৰে জনা যাব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে এলেকাটোক ৰূপকোঁৱৰ চ'ক নামেৰে জনা যাব। জিলা আয়ুক্ত শর্মাই আৰু কয় যে নগাঁও পৌৰসভাৰ এখন সভা অচিৰেই অনুষ্ঠিত হ'ব। সেই সভাতেই ৰূপকোঁৱৰ চ'কৰ পৰিসীমা নির্ধাৰণ কৰা হ'ব।


উল্লেখযোগ্য যে নগাঁও চহৰৰ ঢাকাইপট্টি, ইছলামপট্টি, মোলাপট্টি, আমিনপট্টি প্ৰমুখ্যে কেতবোৰ অঞ্চলৰ নাম সলনি কৰিবলৈ বহু দিনৰ পৰাই বিভিন্ন দল-সংগঠনে নগাঁও জিলা প্রশাসন আৰু চৰকাৰক দাবী জনাই আহিছিল।


শেহতীয়াকৈ যোৱা আঠ আগষ্টৰ নিশা ঢাকাইপট্টিত এজন খিলঞ্জীয়া অসমীয়া যুৱকক অনাহকত ৰাজপথতে এজন ইছলাম ধর্মাৱলম্বী উদণ্ড যুৱকে প্রচণ্ড মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাৰ পাছত ঢাকাইপট্টিৰ নাম সলনি কৰিবলৈ উঠা দাবী আৰু অধিক প্রবল হৈ উঠিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৯ আগষ্টত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নগাঁও জিলাৰ আয়ুক্ত দেৱশিস শৰ্মাক নগাঁও চহৰৰ ঢাকাইপট্টি নামটো সলনি কৰি এটা অসমীয়া নাম ৰাখিবলৈ নির্দেশ দিছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ