--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱষক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে সমগ্র অঞ্চলটো পৰিচিত হ'ব 'ৰূপকোঁৱৰ চ'ক' নতুন নামেৰে। The,CM,has,directed,the,Nagaon,Commissioner,to,take,action

ডিজিটেল ডেস্ক : নগাঁও চহৰৰ অতি গুৰুত্বপূৰ্ণ ব্যাৱসায়িক অঞ্চল 'ঢাকাইপট্টি'ৰ নতুন নাম হ'ব 'ৰূপকোঁৱৰ চ'ক'। মঙলবাৰে এখন সংবাদমেলযোগে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাই এই ঘোষণা কৰে।


ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱষক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে সমগ্র অঞ্চলটো পৰিচিত হ'ব 'ৰূপকোঁৱৰ চ'ক' নতুন নামেৰে। এমাহৰ ভিতৰত দোকান-পোহাৰসমূহৰ নাম ফলকত ঢাকাইপট্টিৰ সলনি ৰূপকোঁৱৰ চ'ক লিখিবলৈও নির্দেশ দিয়া হৈছে।


জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত জিলা আয়ুক্ত দেৱাশিস শৰ্মাই কয় যে মুখ্যমন্ত্ৰীৰ আদেশ মর্মে স্থানীয় বিধায়ক আৰু ৰাইজৰ পৰামৰ্শ ক্রমে নগাঁও জিলা প্রশাসনে এক সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা নগাঁও চহৰৰ মাজমজিয়াস্থিত ঢাকাইপট্টি নামৰ ঠাইডোখৰ ৰূপকোঁৱৰ চ'ক নামেৰে জনা যাব। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে এলেকাটোক ৰূপকোঁৱৰ চ'ক নামেৰে জনা যাব। জিলা আয়ুক্ত শর্মাই আৰু কয় যে নগাঁও পৌৰসভাৰ এখন সভা অচিৰেই অনুষ্ঠিত হ'ব। সেই সভাতেই ৰূপকোঁৱৰ চ'কৰ পৰিসীমা নির্ধাৰণ কৰা হ'ব।


উল্লেখযোগ্য যে নগাঁও চহৰৰ ঢাকাইপট্টি, ইছলামপট্টি, মোলাপট্টি, আমিনপট্টি প্ৰমুখ্যে কেতবোৰ অঞ্চলৰ নাম সলনি কৰিবলৈ বহু দিনৰ পৰাই বিভিন্ন দল-সংগঠনে নগাঁও জিলা প্রশাসন আৰু চৰকাৰক দাবী জনাই আহিছিল।


শেহতীয়াকৈ যোৱা আঠ আগষ্টৰ নিশা ঢাকাইপট্টিত এজন খিলঞ্জীয়া অসমীয়া যুৱকক অনাহকত ৰাজপথতে এজন ইছলাম ধর্মাৱলম্বী উদণ্ড যুৱকে প্রচণ্ড মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাৰ পাছত ঢাকাইপট্টিৰ নাম সলনি কৰিবলৈ উঠা দাবী আৰু অধিক প্রবল হৈ উঠিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত ৯ আগষ্টত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নগাঁও জিলাৰ আয়ুক্ত দেৱশিস শৰ্মাক নগাঁও চহৰৰ ঢাকাইপট্টি নামটো সলনি কৰি এটা অসমীয়া নাম ৰাখিবলৈ নির্দেশ দিছিল।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য