--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পূর্বে জেনেৰেল বেডৰ ভাৰা ২০০ টকাৰ পৰিৱৰ্তে বর্তমান ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা একেকোবে হৈছেগৈ ৩৬০ টকা।

ডিজিটেল ডেস্ক : ৰাজ্যৰ দুখীয়া ৰোগীৰ একমাত্ৰ ভৰসা হৈ পৰা ৰাজ্যিক কর্কট প্রতিষ্ঠানে কোনো জাননী নিদিয়াকৈ হঠাৎ বৃদ্ধি কৰিছে প্রতিষ্ঠানটোত সকলো ধৰণৰ চিকিৎসা মাচুল। ইয়াকে লৈ সমগ্ৰ ৰাজ্যত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিকিৎসালয়খনে এনেদৰে কৰ্কট ৰোগীক কেঁকোৰো চেপা দিবলৈ লোৱা পদক্ষেপক সকলো পক্ষই গৰিহণা দিছে। সোমবাৰৰ পৰা আৰম্ভ হৈছে অভাৱনীয়ভাৱে মাচুল বৃদ্ধি; ফলত ৰোগীসকলৰ মাজত হাহাকাৰ লাগিছে।


পূর্বে জেনেৰেল বেডৰ ভাৰা ২০০ টকাৰ পৰিৱৰ্তে বর্তমান ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা একেকোবে হৈছেগৈ ৩৬০ টকা। এজনীয়া কেবিনৰ মাচুল ৩০০০ টকাৰ পৰা বৃদ্ধি কৰা হৈছে ৪৫০০ টকালৈ আৰু শ্বেয়াৰিং কেবিনৰ মাচুল ২০০০ৰ পৰা ৩০০০ টকা হৈছেগৈ। আই চি ইউৰ বৰ্ধিত মাচুলেও সাধাৰণ মানুহৰ চকু কপালত তুলিছে। পূর্বতে ১৫০০ টকা মাচুল দিব লগা হোৱা আই চি ইউত এতিয়া দৈনিক দিব লাগিব ৪০০০ টকাকৈ।


সেইদৰে তেজ পৰীক্ষাৰ মাচুল ১২০০ টকাৰ পৰা ২৪০০ টকালৈ, চিটি স্কেনৰ মাচুল ৪৫০০-ৰ পৰা ৬৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। সকলো মাচুল ৩/৪ গুণ পর্যন্ত বৃদ্ধি কৰাৰ পাছতো ক্ষান্ত হোৱা নাই চিকিৎসালয় কর্তৃপক্ষ। ৰোগীক মাধমাৰ শোধাই কর্তৃপক্ষই এতিয়াৰে পৰা ৮টাতকৈ অধিক ব্যয়বহুল বিনামূলীয়া কেম' ৰোগীক দিয়া বন্ধ কৰিছে। তাৰ পৰিৱৰ্তে কৰ্কট ৰোগীসকলে ৫০ হাজাৰ টকাৰো অধিক মূল্যৰ কেম' নিজাববীয়াকৈ ক্ৰয় কৰি ৰোগীক দিব লাগিব। তাতোকৈ আশ্চর্যজনক কথা এয়ে যে এতিয়াৰ পৰা ৰোগী ভর্তি হোৱাৰ সময়তো আগধন হিচাপে আদায় দিব লাগিব ১০ হাজাৰ টকা। এনে অভাৱনীয় মাচুল বৃদ্ধিৰ সমৰ্থনত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কয় যে আগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে কেম'ৰ ঔষধখিনি যোগান ধৰাৰ কাৰণে তেওঁলোকে ৰোগীক বিনামূলীয়াকৈ দিবলৈ সক্ষম হৈছিল।


এতিয়া চৰকাৰলৈ কৰ্তৃপক্ষই লিখিছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে যদি পুনৰ যোগান ধৰে, তেনেহ'লে ৰোগীয়ে বিনামূলীয়াকৈ পাব। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত প্ৰতিষ্ঠা কৰা ৰাজ্যিক কর্কট প্রতিষ্ঠানে এতিয়া কৰ্কট ৰোগীক সকাহ দিয়াৰ পৰিৱৰ্তে এতিয়া বর্ধিত মাচুলেৰে ৰোগীক নতুন সংকটৰ গৰাহত পেলাবলৈহে সাজু হৈ উঠিছে। বিজেপিৰ অমৃত কালত কৰ্কট ৰোগীও ৰাজ্য চৰকাৰৰ উপাৰ্জনৰ উৎস হোৱা বিষয়টো এতিয়া ৰাজ্যত চৰ্চাৰ বিষয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ