--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পূর্বে জেনেৰেল বেডৰ ভাৰা ২০০ টকাৰ পৰিৱৰ্তে বর্তমান ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা একেকোবে হৈছেগৈ ৩৬০ টকা।

ডিজিটেল ডেস্ক : ৰাজ্যৰ দুখীয়া ৰোগীৰ একমাত্ৰ ভৰসা হৈ পৰা ৰাজ্যিক কর্কট প্রতিষ্ঠানে কোনো জাননী নিদিয়াকৈ হঠাৎ বৃদ্ধি কৰিছে প্রতিষ্ঠানটোত সকলো ধৰণৰ চিকিৎসা মাচুল। ইয়াকে লৈ সমগ্ৰ ৰাজ্যত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিকিৎসালয়খনে এনেদৰে কৰ্কট ৰোগীক কেঁকোৰো চেপা দিবলৈ লোৱা পদক্ষেপক সকলো পক্ষই গৰিহণা দিছে। সোমবাৰৰ পৰা আৰম্ভ হৈছে অভাৱনীয়ভাৱে মাচুল বৃদ্ধি; ফলত ৰোগীসকলৰ মাজত হাহাকাৰ লাগিছে।


পূর্বে জেনেৰেল বেডৰ ভাৰা ২০০ টকাৰ পৰিৱৰ্তে বর্তমান ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। পঞ্জীয়ন মাচুল ১০০ টকাৰ পৰা একেকোবে হৈছেগৈ ৩৬০ টকা। এজনীয়া কেবিনৰ মাচুল ৩০০০ টকাৰ পৰা বৃদ্ধি কৰা হৈছে ৪৫০০ টকালৈ আৰু শ্বেয়াৰিং কেবিনৰ মাচুল ২০০০ৰ পৰা ৩০০০ টকা হৈছেগৈ। আই চি ইউৰ বৰ্ধিত মাচুলেও সাধাৰণ মানুহৰ চকু কপালত তুলিছে। পূর্বতে ১৫০০ টকা মাচুল দিব লগা হোৱা আই চি ইউত এতিয়া দৈনিক দিব লাগিব ৪০০০ টকাকৈ।


সেইদৰে তেজ পৰীক্ষাৰ মাচুল ১২০০ টকাৰ পৰা ২৪০০ টকালৈ, চিটি স্কেনৰ মাচুল ৪৫০০-ৰ পৰা ৬৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। সকলো মাচুল ৩/৪ গুণ পর্যন্ত বৃদ্ধি কৰাৰ পাছতো ক্ষান্ত হোৱা নাই চিকিৎসালয় কর্তৃপক্ষ। ৰোগীক মাধমাৰ শোধাই কর্তৃপক্ষই এতিয়াৰে পৰা ৮টাতকৈ অধিক ব্যয়বহুল বিনামূলীয়া কেম' ৰোগীক দিয়া বন্ধ কৰিছে। তাৰ পৰিৱৰ্তে কৰ্কট ৰোগীসকলে ৫০ হাজাৰ টকাৰো অধিক মূল্যৰ কেম' নিজাববীয়াকৈ ক্ৰয় কৰি ৰোগীক দিব লাগিব। তাতোকৈ আশ্চর্যজনক কথা এয়ে যে এতিয়াৰ পৰা ৰোগী ভর্তি হোৱাৰ সময়তো আগধন হিচাপে আদায় দিব লাগিব ১০ হাজাৰ টকা। এনে অভাৱনীয় মাচুল বৃদ্ধিৰ সমৰ্থনত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কয় যে আগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে কেম'ৰ ঔষধখিনি যোগান ধৰাৰ কাৰণে তেওঁলোকে ৰোগীক বিনামূলীয়াকৈ দিবলৈ সক্ষম হৈছিল।


এতিয়া চৰকাৰলৈ কৰ্তৃপক্ষই লিখিছে বুলি উল্লেখ কৰি কয় যে চৰকাৰে যদি পুনৰ যোগান ধৰে, তেনেহ'লে ৰোগীয়ে বিনামূলীয়াকৈ পাব। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত প্ৰতিষ্ঠা কৰা ৰাজ্যিক কর্কট প্রতিষ্ঠানে এতিয়া কৰ্কট ৰোগীক সকাহ দিয়াৰ পৰিৱৰ্তে এতিয়া বর্ধিত মাচুলেৰে ৰোগীক নতুন সংকটৰ গৰাহত পেলাবলৈহে সাজু হৈ উঠিছে। বিজেপিৰ অমৃত কালত কৰ্কট ৰোগীও ৰাজ্য চৰকাৰৰ উপাৰ্জনৰ উৎস হোৱা বিষয়টো এতিয়া ৰাজ্যত চৰ্চাৰ বিষয় হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য