--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বর্ধিত সামৰিক অনুশীলন কেৱল যুটীয়া সামৰিক অনুশীলনেই নহয়, এই সামৰিক অনুশীলনে পাকিস্তানৰ নৌ-সেনা আধুনিকীৰণতো সহায় কৰিব।

ডিজিটেল ডেস্ক : চীন আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ বৃদ্ধি হোৱা নৌ-সেনা বিষয়ক সামৰিক অনুশীলনে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।


এই বর্ধিত সামৰিক অনুশীলন কেৱল যুটীয়া সামৰিক অনুশীলনেই নহয়, এই সামৰিক অনুশীলনে পাকিস্তানৰ নৌ-সেনা আধুনিকীৰণতো সহায় কৰিব।


ভাৰত মহাসাগৰীয় অঞ্চলত (আই অ' আৰ) চীনৰ উপস্থিতি আৰু ইয়াৰ বৰ্ধিত প্ৰভাৱৰ বিষয়ত উদ্বেগ প্রকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সংসদীয় সমিতিয়ে।


সংসদীয় সমিতিখনে উদ্বেগ প্ৰকাশ কৰি কয় যে দুই চুবুৰীয়া দেশৰ এই বর্ধিত নৌ-সেনা অনুশীলনে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কৌশলগত স্বাৰ্থত আঘাত হনাৰ আশংকা আছে। সোমবাৰে সংসদত 'ভাৰতৰ ভাৰত মহাসাগৰ বিষয়ত কৌশল' বিষয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰি সংসদীয় সমিতিখনে কয় যে পাকিস্তান আৰু চীনৰ মাজত শেহতীয়াকৈ বৃদ্ধি হোৱা এই নৌ-সেনাৰ অনুশীলন বিষয়টোত ভাৰত চৰকাৰে জৰুৰীভাৱে ব্যৱস্থা গ্রহণ কৰিব লাগে।


আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ভাৰত মহাসাগৰীয় অঞ্চলত তিনিটা প্রত্যাহ্বানক চিনাক্ত কৰিছে। ভু-ৰাজনৈতিক, সামুদ্রিক সুৰক্ষাৰ প্ৰতি ভাবুকি আৰু আন্তঃগাঁথনি আৰু সংযোগত ব্যৱধান। আই অ' আৰত ভাৰতে সন্মুখীন হোৱা কৌশলগত প্রত্যাহ্বানবোৰৰ বিষয়ে সংসদীয় সমিতিখনে অনুসন্ধান কৰিছিল।


ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ বাবে থকা কৌশলগত প্রত্যাহ্বানসমূহৰ ভিতৰত জলদস্যু, সন্ত্রাসবাদৰ কার্যকলাপো অন্তর্ভুক্ত আছে বুলি বিদেশ মন্ত্ৰ্যালয়ে এটা লিখিত উত্তৰত কয়।


আনহাতে, আই অ' আৰত চীনৰ উপস্থিতিয়ে ভাৰতলৈ অধিক ভাবুকি কঢ়িয়াই আনিছে। চীনে ইতিমধ্যে ভাৰত মহাসাগৰৰ বন্দৰবোৰত ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো আৰম্ভ কৰিছে। ইয়াৰ মাজতে পাকিস্তানৰ সৈতে চীনে ইয়াৰ নৌ-সেনাৰ অনুশীলন ভাৰত মহাসাগৰত বৃদ্ধি কৰাটোৱে দুই চুবুৰীয়া দেশৰ ভাৰত-বিৰোধী অভিযানৰ আশংকা বৃদ্ধি কৰিছে।


সংসদীয় সমিতিখনে কয় যে শেহতীয়াকৈ চীনে কেইবাখনো অত্যাধুনিক যুদ্ধ জাহাজ ভাৰত মহাসাগৰীয় অঞ্চলত অনুশীলনৰ বাবে মোতায়েন কৰিছে। আনহাতে, পাকিস্তানৰ জল যুদ্ধৰ সঁজুলিসমূহৰ ওপৰত চীনে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিছে। সংসদীয় সমিতিখনে ভাৰত চৰকাৰক সতৰ্ক কৰি দিয়ে যে চীন-পাকিস্তানৰ শেহতীয়াকৈ বৃদ্ধি হোৱা এই নৌ-সেনাৰ অনুশীলনৰ পৰা ভাৰতলৈ আহিব পৰা ভাবুকিক প্রতিহত কৰিবলৈ ভাৰত সষ্টম হৈ থাকিব লাগে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক