--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বর্ধিত সামৰিক অনুশীলন কেৱল যুটীয়া সামৰিক অনুশীলনেই নহয়, এই সামৰিক অনুশীলনে পাকিস্তানৰ নৌ-সেনা আধুনিকীৰণতো সহায় কৰিব।

ডিজিটেল ডেস্ক : চীন আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ বৃদ্ধি হোৱা নৌ-সেনা বিষয়ক সামৰিক অনুশীলনে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।


এই বর্ধিত সামৰিক অনুশীলন কেৱল যুটীয়া সামৰিক অনুশীলনেই নহয়, এই সামৰিক অনুশীলনে পাকিস্তানৰ নৌ-সেনা আধুনিকীৰণতো সহায় কৰিব।


ভাৰত মহাসাগৰীয় অঞ্চলত (আই অ' আৰ) চীনৰ উপস্থিতি আৰু ইয়াৰ বৰ্ধিত প্ৰভাৱৰ বিষয়ত উদ্বেগ প্রকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সংসদীয় সমিতিয়ে।


সংসদীয় সমিতিখনে উদ্বেগ প্ৰকাশ কৰি কয় যে দুই চুবুৰীয়া দেশৰ এই বর্ধিত নৌ-সেনা অনুশীলনে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা আৰু কৌশলগত স্বাৰ্থত আঘাত হনাৰ আশংকা আছে। সোমবাৰে সংসদত 'ভাৰতৰ ভাৰত মহাসাগৰ বিষয়ত কৌশল' বিষয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰি সংসদীয় সমিতিখনে কয় যে পাকিস্তান আৰু চীনৰ মাজত শেহতীয়াকৈ বৃদ্ধি হোৱা এই নৌ-সেনাৰ অনুশীলন বিষয়টোত ভাৰত চৰকাৰে জৰুৰীভাৱে ব্যৱস্থা গ্রহণ কৰিব লাগে।


আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ভাৰত মহাসাগৰীয় অঞ্চলত তিনিটা প্রত্যাহ্বানক চিনাক্ত কৰিছে। ভু-ৰাজনৈতিক, সামুদ্রিক সুৰক্ষাৰ প্ৰতি ভাবুকি আৰু আন্তঃগাঁথনি আৰু সংযোগত ব্যৱধান। আই অ' আৰত ভাৰতে সন্মুখীন হোৱা কৌশলগত প্রত্যাহ্বানবোৰৰ বিষয়ে সংসদীয় সমিতিখনে অনুসন্ধান কৰিছিল।


ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ বাবে থকা কৌশলগত প্রত্যাহ্বানসমূহৰ ভিতৰত জলদস্যু, সন্ত্রাসবাদৰ কার্যকলাপো অন্তর্ভুক্ত আছে বুলি বিদেশ মন্ত্ৰ্যালয়ে এটা লিখিত উত্তৰত কয়।


আনহাতে, আই অ' আৰত চীনৰ উপস্থিতিয়ে ভাৰতলৈ অধিক ভাবুকি কঢ়িয়াই আনিছে। চীনে ইতিমধ্যে ভাৰত মহাসাগৰৰ বন্দৰবোৰত ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো আৰম্ভ কৰিছে। ইয়াৰ মাজতে পাকিস্তানৰ সৈতে চীনে ইয়াৰ নৌ-সেনাৰ অনুশীলন ভাৰত মহাসাগৰত বৃদ্ধি কৰাটোৱে দুই চুবুৰীয়া দেশৰ ভাৰত-বিৰোধী অভিযানৰ আশংকা বৃদ্ধি কৰিছে।


সংসদীয় সমিতিখনে কয় যে শেহতীয়াকৈ চীনে কেইবাখনো অত্যাধুনিক যুদ্ধ জাহাজ ভাৰত মহাসাগৰীয় অঞ্চলত অনুশীলনৰ বাবে মোতায়েন কৰিছে। আনহাতে, পাকিস্তানৰ জল যুদ্ধৰ সঁজুলিসমূহৰ ওপৰত চীনে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিছে। সংসদীয় সমিতিখনে ভাৰত চৰকাৰক সতৰ্ক কৰি দিয়ে যে চীন-পাকিস্তানৰ শেহতীয়াকৈ বৃদ্ধি হোৱা এই নৌ-সেনাৰ অনুশীলনৰ পৰা ভাৰতলৈ আহিব পৰা ভাবুকিক প্রতিহত কৰিবলৈ ভাৰত সষ্টম হৈ থাকিব লাগে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ