--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অতি মূল্যৱান খয়েৰ গছৰ কুন্দাসমূহ বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছে যদিও বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগ, আৰক্ষী প্ৰশাসনৰ চকুৰ আগতে দিনে-নিশাই চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক : উত্তৰ অসমত ৰঙা খয়েৰৰ ক'লা ব্যৱসায়ীৰ দপদপনিয়ে ৰাইজৰ চকু কপালত তুলিছে। লখিমপুৰ, ধেমাজি জিলাখনত ৰঙা খয়েৰৰ ক'লা ব্যৱসায় অব্যাহত ৰাখিছে।


বিশেষকৈ বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগে সোৱণশিৰি নদীৰ পাৰত ৰোপণ কৰা খয়েৰ গছসমূহ একাংশ বনদস্যুৱে অবাধে অবৈধ ব্যৱসায় চলাই গৈছে যদিও ভূমি সংৰক্ষণ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।


জানিব পৰা মতে, অতি মূল্যৱান খয়েৰ গছৰ কুন্দাসমূহ বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছে যদিও বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগ, আৰক্ষী প্ৰশাসনৰ চকুৰ আগতে দিনে-নিশাই চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে। নিতৌ সৰবৰাহ হৈছে লাখ লাখ টকাৰ মূল্যৰ ৰঙা খয়েৰ।


বনদস্যুৱে দিনে-নিশাই সোৱণশিৰি নদীয়েদি সৰবৰাহ কৰিছে বহু মূল্যৱান ৰঙা খয়েৰ গছৰ কুন্দা। ৰঙা খয়েৰ গছৰ কুন্দাসমূহ সোৱণশিৰি নদীত নাৱেৰে আৰু কেতিয়াবা গাড়ীৰে সৰবৰাহ কৰে বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে।


উল্লেখযোগ্য যে বনদস্যুৰ চক্ৰটোৱে খয়েৰ গছৰ কুন্দাসমূহ প্রায় এক ফুট দীঘলকৈ মেচিনেৰে কাটি কার্টনত ভৰাই বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। জানিব পৰা মতে, বহিঃৰাজ্যত ৰঙা খয়েৰৰ কুন্দাৰ পৰা পাণত দিয়া কাঠা প্রস্তুত কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰং প্ৰস্তুত কৰি আহিছে।


বনদস্যুৰ সৈতে বন বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীয়ে গোপন মিতিৰালি কৰাৰ ফলত সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ পৰা এইসমূহ গছ বিলুপ্ত হ'বলৈ ধৰিছে। লখিমপুৰ-ধেমাজি জিলাৰ সীমামূৰীয়া বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগে এইসমূহ ৰোপণ কৰিছিল।


নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ বাবে বিগত সময়ছোৱাত এই গছপুলিবোৰ ৰোপণ কৰিছিল আৰু নৈপৰীয়া ৰাইজে খহনীয়াৰ পৰা সুৰক্ষা পাইছিল। সোৱণশিৰি সংৰক্ষিত বনাঞ্চলত একাংশ বনদস্যুৱে বনাঞ্চলত থকা ৰঙা খয়েৰৰ ক'লা ব্যৱসায় চলাই অহাৰ সমান্তৰালকৈ শিশু, শিঙৰী, গমাৰি, শলখ আদি মূল্যবান গছ কাটি ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে।


ইফালে, একাংশ লোকে বনাঞ্চলত গছ-গছনি কাটি বেদখল কৰি অবৈধভাৱে গৃহ নির্মাণ কৰাৰো অঘোষিত প্রতিযোগিতাত নামি পৰাটো পৰিলক্ষিত হৈছে। সোৱণশিৰি সংৰক্ষিত বনাঞ্চল এতিয়া বন মাফিয়াৰ এটা বৃহৎ চক্ৰৰ গ্ৰাসত পৰি নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে।


বন মাফিয়াৰ শেনচকুৰ ফলত সংৰক্ষিত বনাঞ্চলখনৰ এতিয়া ভৌগোলিক মানচিত্ৰৰ পৰা অস্তিত্ব ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে। বন বিভাগক পূর্বে বিভিন্ন দল-সংগঠনে বিষয়টো অৱগত কৰিছিল যদিও চকু মুদা কুলিৰ ভূমিকা গ্ৰহণ কৰিছে ভূমি সংৰক্ষণ বিভাগে। বন বিভাগ আৰু আৰক্ষীয়ে ৰঙা খয়েৰ গছৰ বন মাফিয়া চক্ৰৰ বিৰুদ্ধে আজি পর্যন্ত কোনো গুৰুত্ব আৰোপ নকৰাত বীৰ লাচিত সেনাই ক্ষোভ প্রকাশ কৰি কয় যে বন বিভাগ, আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ বাবেই ধেমাজি, লখিমপুৰ জিলাত অবৈধ চোৰাং কাঠৰ ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে। বীৰ লাচিত সেনাই এই অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ দাবী জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি