--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অতি মূল্যৱান খয়েৰ গছৰ কুন্দাসমূহ বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছে যদিও বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগ, আৰক্ষী প্ৰশাসনৰ চকুৰ আগতে দিনে-নিশাই চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক : উত্তৰ অসমত ৰঙা খয়েৰৰ ক'লা ব্যৱসায়ীৰ দপদপনিয়ে ৰাইজৰ চকু কপালত তুলিছে। লখিমপুৰ, ধেমাজি জিলাখনত ৰঙা খয়েৰৰ ক'লা ব্যৱসায় অব্যাহত ৰাখিছে।


বিশেষকৈ বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগে সোৱণশিৰি নদীৰ পাৰত ৰোপণ কৰা খয়েৰ গছসমূহ একাংশ বনদস্যুৱে অবাধে অবৈধ ব্যৱসায় চলাই গৈছে যদিও ভূমি সংৰক্ষণ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।


জানিব পৰা মতে, অতি মূল্যৱান খয়েৰ গছৰ কুন্দাসমূহ বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছে যদিও বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগ, আৰক্ষী প্ৰশাসনৰ চকুৰ আগতে দিনে-নিশাই চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে। নিতৌ সৰবৰাহ হৈছে লাখ লাখ টকাৰ মূল্যৰ ৰঙা খয়েৰ।


বনদস্যুৱে দিনে-নিশাই সোৱণশিৰি নদীয়েদি সৰবৰাহ কৰিছে বহু মূল্যৱান ৰঙা খয়েৰ গছৰ কুন্দা। ৰঙা খয়েৰ গছৰ কুন্দাসমূহ সোৱণশিৰি নদীত নাৱেৰে আৰু কেতিয়াবা গাড়ীৰে সৰবৰাহ কৰে বুলি সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে।


উল্লেখযোগ্য যে বনদস্যুৰ চক্ৰটোৱে খয়েৰ গছৰ কুন্দাসমূহ প্রায় এক ফুট দীঘলকৈ মেচিনেৰে কাটি কার্টনত ভৰাই বহিঃৰাজ্যলৈ প্ৰেৰণ কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। জানিব পৰা মতে, বহিঃৰাজ্যত ৰঙা খয়েৰৰ কুন্দাৰ পৰা পাণত দিয়া কাঠা প্রস্তুত কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰং প্ৰস্তুত কৰি আহিছে।


বনদস্যুৰ সৈতে বন বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীয়ে গোপন মিতিৰালি কৰাৰ ফলত সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ পৰা এইসমূহ গছ বিলুপ্ত হ'বলৈ ধৰিছে। লখিমপুৰ-ধেমাজি জিলাৰ সীমামূৰীয়া বন বিভাগৰ ভূমি সংৰক্ষণ বিভাগে এইসমূহ ৰোপণ কৰিছিল।


নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ বাবে বিগত সময়ছোৱাত এই গছপুলিবোৰ ৰোপণ কৰিছিল আৰু নৈপৰীয়া ৰাইজে খহনীয়াৰ পৰা সুৰক্ষা পাইছিল। সোৱণশিৰি সংৰক্ষিত বনাঞ্চলত একাংশ বনদস্যুৱে বনাঞ্চলত থকা ৰঙা খয়েৰৰ ক'লা ব্যৱসায় চলাই অহাৰ সমান্তৰালকৈ শিশু, শিঙৰী, গমাৰি, শলখ আদি মূল্যবান গছ কাটি ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে।


ইফালে, একাংশ লোকে বনাঞ্চলত গছ-গছনি কাটি বেদখল কৰি অবৈধভাৱে গৃহ নির্মাণ কৰাৰো অঘোষিত প্রতিযোগিতাত নামি পৰাটো পৰিলক্ষিত হৈছে। সোৱণশিৰি সংৰক্ষিত বনাঞ্চল এতিয়া বন মাফিয়াৰ এটা বৃহৎ চক্ৰৰ গ্ৰাসত পৰি নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে।


বন মাফিয়াৰ শেনচকুৰ ফলত সংৰক্ষিত বনাঞ্চলখনৰ এতিয়া ভৌগোলিক মানচিত্ৰৰ পৰা অস্তিত্ব ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে। বন বিভাগক পূর্বে বিভিন্ন দল-সংগঠনে বিষয়টো অৱগত কৰিছিল যদিও চকু মুদা কুলিৰ ভূমিকা গ্ৰহণ কৰিছে ভূমি সংৰক্ষণ বিভাগে। বন বিভাগ আৰু আৰক্ষীয়ে ৰঙা খয়েৰ গছৰ বন মাফিয়া চক্ৰৰ বিৰুদ্ধে আজি পর্যন্ত কোনো গুৰুত্ব আৰোপ নকৰাত বীৰ লাচিত সেনাই ক্ষোভ প্রকাশ কৰি কয় যে বন বিভাগ, আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ বাবেই ধেমাজি, লখিমপুৰ জিলাত অবৈধ চোৰাং কাঠৰ ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে। বীৰ লাচিত সেনাই এই অবৈধ ব্যৱসায় বন্ধ কৰিবলৈ দাবী জনাইছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ