--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰেংমা সংৰক্ষিত বনাঞ্চলৰ থুৰিবাৰী গাঁৱৰ চালাম আলীৰ ঘৰত সোমবাৰে নিশা প্রায় ৮-৩০ বজাত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। প্ৰথম অৱস্থাত এই অগ্নিসংযোগ নগা লোকে কৰা বুলি সন্দেহ কৰা হৈছিল যদিও স্থানীয় লোকে এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ কথা নুই কৰা নাই।

ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তত সোমবাৰে নিশা অতি সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা আৰু পৰৱৰ্তী সময়ত নগাই শূন্যলৈ গুলীচালনা কৰা ঘটনাই সীমান্ত অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে, ৰেংমা সংৰক্ষিত বনাঞ্চলৰ থুৰিবাৰী গাঁৱৰ চালাম আলীৰ ঘৰত সোমবাৰে নিশা প্রায় ৮-৩০ বজাত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। প্ৰথম অৱস্থাত এই অগ্নিসংযোগ নগা লোকে কৰা বুলি সন্দেহ কৰা হৈছিল যদিও স্থানীয় লোকে এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ কথা নুই কৰা নাই।


কিয়নো থুৰিবাৰী গাঁৱত বহুকেইঘৰ সন্দেহজনক লোকে বসবাস কৰি থকাত বন বিভাগে গাঁওখনত বর্তমান জৰীপ চলাই আছে। সোমবাৰে নিশা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা চালাম আলীৰ বাসগৃহটো বন বিভাগে ইতিপূর্বে জৰীপ কাৰ্য সমাপন কৰে। যাৰ বাবে দিনত চালাম আলীয়ে ঘৰৰ বয়-বস্তু খালী কৰি আঁতৰি গৈছিল আৰু নিশা তেওঁৰ ঘৰত অগ্নিসংযোগ কৰা হয়। সেয়ে, উচ্ছেদ অভিযানত অসম চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়োৱা নগাৰ সৈতে অসম চৰকাৰৰ মাজত সংঘাত সৃষ্টি কৰিবৰ বাবে এই দুষ্কার্য কোনো তৃতীয় পক্ষই কৰা বুলি সন্দেহ কৰা হৈছে।


যি চালামৰ ঘৰত অগ্নিসংযোগ কৰি উৰিয়ামঘাট সীমান্তৰ উচ্ছেদ অভিযানটো বন্ধ কৰিব বিচাৰিছে। আনহাতে, চালাম আলীৰ ঘৰত জুই লাগি থকা অৱস্থাত তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱা অসমৰ সীমান্ত দণ্ডাধীশ প্রিয়মজ্যোতি ফুকন, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰা, চি আৰ পি এফৰ জোৱানৰ উপস্থিতিত কাষত থকা লিফাইনবস্তিত নগাই শূন্যলৈ পাঁচ ৰাউণ্ড গুলী ফুটাই কিহৰ ইংগিত দিলে তাৰ ৰহস্য উদ্‌ঘাটন হোৱা নাই।


ইফালে, অসমৰ প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ সন্মুখত নগা আহি চালামৰ জ্বলি থকা ঘৰৰ ভিডিঅ' নগাই কৰিছিল যদিও অসমীয়াসকলে তাৰ ভিডিঅ' কৰাত নগাই কিয় বাধা দি হতাহতি পর্যন্ত লিপ্ত হৈছিল। গতিকে নগাৰ এনে বহু কার্যকলাপে সীমান্তবাসীক চিন্তিত কৰি তুলিছে। জানিব পৰা মতে, থুৰিবাৰী অঞ্চলত বন বিভাগৰ ফালৰ পৰা বৰ্তমান যি জৰীপ কার্য চলাই থকা হৈছে তাত নগাই বাধা আৰোপ কৰি কৈছে যে থুৰিবাৰী অঞ্চলটো নগালেণ্ডৰ অন্তৰ্ভুক্ত। গতিকে তাত উচ্ছেদ চলোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ বন বিভাগে নকৰাই ভাল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ