--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰেংমা সংৰক্ষিত বনাঞ্চলৰ থুৰিবাৰী গাঁৱৰ চালাম আলীৰ ঘৰত সোমবাৰে নিশা প্রায় ৮-৩০ বজাত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। প্ৰথম অৱস্থাত এই অগ্নিসংযোগ নগা লোকে কৰা বুলি সন্দেহ কৰা হৈছিল যদিও স্থানীয় লোকে এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ কথা নুই কৰা নাই।

ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তত সোমবাৰে নিশা অতি সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা আৰু পৰৱৰ্তী সময়ত নগাই শূন্যলৈ গুলীচালনা কৰা ঘটনাই সীমান্ত অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে, ৰেংমা সংৰক্ষিত বনাঞ্চলৰ থুৰিবাৰী গাঁৱৰ চালাম আলীৰ ঘৰত সোমবাৰে নিশা প্রায় ৮-৩০ বজাত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। প্ৰথম অৱস্থাত এই অগ্নিসংযোগ নগা লোকে কৰা বুলি সন্দেহ কৰা হৈছিল যদিও স্থানীয় লোকে এই ঘটনাত তৃতীয় পক্ষ জড়িত থকাৰ কথা নুই কৰা নাই।


কিয়নো থুৰিবাৰী গাঁৱত বহুকেইঘৰ সন্দেহজনক লোকে বসবাস কৰি থকাত বন বিভাগে গাঁওখনত বর্তমান জৰীপ চলাই আছে। সোমবাৰে নিশা দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা চালাম আলীৰ বাসগৃহটো বন বিভাগে ইতিপূর্বে জৰীপ কাৰ্য সমাপন কৰে। যাৰ বাবে দিনত চালাম আলীয়ে ঘৰৰ বয়-বস্তু খালী কৰি আঁতৰি গৈছিল আৰু নিশা তেওঁৰ ঘৰত অগ্নিসংযোগ কৰা হয়। সেয়ে, উচ্ছেদ অভিযানত অসম চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়োৱা নগাৰ সৈতে অসম চৰকাৰৰ মাজত সংঘাত সৃষ্টি কৰিবৰ বাবে এই দুষ্কার্য কোনো তৃতীয় পক্ষই কৰা বুলি সন্দেহ কৰা হৈছে।


যি চালামৰ ঘৰত অগ্নিসংযোগ কৰি উৰিয়ামঘাট সীমান্তৰ উচ্ছেদ অভিযানটো বন্ধ কৰিব বিচাৰিছে। আনহাতে, চালাম আলীৰ ঘৰত জুই লাগি থকা অৱস্থাত তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হোৱা অসমৰ সীমান্ত দণ্ডাধীশ প্রিয়মজ্যোতি ফুকন, উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অলংকাৰ বৰা, চি আৰ পি এফৰ জোৱানৰ উপস্থিতিত কাষত থকা লিফাইনবস্তিত নগাই শূন্যলৈ পাঁচ ৰাউণ্ড গুলী ফুটাই কিহৰ ইংগিত দিলে তাৰ ৰহস্য উদ্‌ঘাটন হোৱা নাই।


ইফালে, অসমৰ প্ৰশাসন আৰু নিৰাপত্তা বাহিনীৰ সন্মুখত নগা আহি চালামৰ জ্বলি থকা ঘৰৰ ভিডিঅ' নগাই কৰিছিল যদিও অসমীয়াসকলে তাৰ ভিডিঅ' কৰাত নগাই কিয় বাধা দি হতাহতি পর্যন্ত লিপ্ত হৈছিল। গতিকে নগাৰ এনে বহু কার্যকলাপে সীমান্তবাসীক চিন্তিত কৰি তুলিছে। জানিব পৰা মতে, থুৰিবাৰী অঞ্চলত বন বিভাগৰ ফালৰ পৰা বৰ্তমান যি জৰীপ কার্য চলাই থকা হৈছে তাত নগাই বাধা আৰোপ কৰি কৈছে যে থুৰিবাৰী অঞ্চলটো নগালেণ্ডৰ অন্তৰ্ভুক্ত। গতিকে তাত উচ্ছেদ চলোৱাৰ পৰিকল্পনা অসম চৰকাৰৰ বন বিভাগে নকৰাই ভাল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ