--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নাৰ্ডো দা ভিঞ্চিৰ প্ৰখ্যাত ছবি- মনালিছা। পেৰিছৰ ল্যুভ সংগ্ৰহালয়ত চাঞ্চল্যকৰ পৰিৱেশ। মনালিছাৰ ছবিত কেকৰ প্ৰলেপ! মনালিছাৰ ছবিত কোনে সানি দিলে কেক? তাকে লৈ চলিছে অনুসন্ধান। প্ৰশাসনৰ প্ৰাৰম্ভিক অনুসন্ধানত, এনে কাৰ্যত জড়িত ব্যক্তিজন পৰিৱেশ সুৰক্ষা আন্দোলনৰ লগত জড়িত বুলি সদৰী কৰিছিল। জলবায়ু পৰিৱৰ্তনক লৈ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ব্যক্তিজনে এনে কাৰ্য সংঘটিত কৰা বুলি ওলাইছে। অৱশ্যে, ছবিখন ‘বুলেটপ্ৰুফ’ গ্লাছৰ আৱৰণ থকা বাবে অক্ষত অৱস্থাত আছে বুলি জানিবলৈ পোৱা গৈছে।

ইটালীৰ ৰেনেছাঁৰ অন্যতম পথ প্ৰদৰ্শক লিঅ’নাৰ্ডো দা ভিঞ্চিয়ে অংকন কৰা মনালিছাক চাবলৈ প্ৰতিদিনে দেশ-বিদেশৰ অগণন লোকে ভিৰ কৰে। পেৰিছৰ ল্যুভ সংগ্ৰহালয়ৰ এটা কোঠাত এই ছবিখন সংৰক্ষণ কৰি ৰখা হৈছে। সংগ্ৰহালয় ভৰ্তি মানুহৰ মাজতেই হুইল চেয়াৰত বহি থকা এগৰাকী বৃদ্ধাই জপিয়াই উঠি নিৰাপত্তা বেষ্টনী পাৰ হৈ ছবিখনত কেক সানি দিয়ে। ততাতৈয়াকৈ নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছদ্মবেশী বৃদ্ধিগৰাকীক আটক কৰে। বৃদ্ধাৰ ৰূপ লৈ ওজন যুৱকে এই কাৰ্য সংঘটিত কৰিছে। ধৰা পৰাৰ লগে লগে তেওঁ চিঞৰি থকা শুনা গ'ল, ‘কিছুমান মানুহে পৃথিৱীখন ধ্বংস কৰিবলৈ ওলাইছে, ভাবি চাওকচোন। সকলো শিল্পীয়ে পৃথিৱীৰ কথা কৈ গৈছে।’

পিছে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও লিঅ’নাৰ্ডো দ্যা ভিঞ্চিৰ এই ছবিখন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। ১৯৫৬ চনত ঐতিহাসিক ছবিখনত এজন ব্যক্তিয়ে এচিড স্প্ৰে কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰা ছবিখন বুলেটপ্ৰুফ গ্লাছেৰে ঢাকি ৰখা হৈছে। প্ৰশ্ন উঠিছে, যুৱকজনে নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি কেনেকৈ এনে কাম কৰিলে? সংগ্ৰহালয় কৰ্তৃপক্ষই অৱশ্যে, এতিয়াও সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি কোনো ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ