--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিঅ’নাৰ্ডো দা ভিঞ্চিৰ প্ৰখ্যাত ছবি- মনালিছা। পেৰিছৰ ল্যুভ সংগ্ৰহালয়ত চাঞ্চল্যকৰ পৰিৱেশ। মনালিছাৰ ছবিত কেকৰ প্ৰলেপ! মনালিছাৰ ছবিত কোনে সানি দিলে কেক? তাকে লৈ চলিছে অনুসন্ধান। প্ৰশাসনৰ প্ৰাৰম্ভিক অনুসন্ধানত, এনে কাৰ্যত জড়িত ব্যক্তিজন পৰিৱেশ সুৰক্ষা আন্দোলনৰ লগত জড়িত বুলি সদৰী কৰিছিল। জলবায়ু পৰিৱৰ্তনক লৈ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ব্যক্তিজনে এনে কাৰ্য সংঘটিত কৰা বুলি ওলাইছে। অৱশ্যে, ছবিখন ‘বুলেটপ্ৰুফ’ গ্লাছৰ আৱৰণ থকা বাবে অক্ষত অৱস্থাত আছে বুলি জানিবলৈ পোৱা গৈছে।

ইটালীৰ ৰেনেছাঁৰ অন্যতম পথ প্ৰদৰ্শক লিঅ’নাৰ্ডো দা ভিঞ্চিয়ে অংকন কৰা মনালিছাক চাবলৈ প্ৰতিদিনে দেশ-বিদেশৰ অগণন লোকে ভিৰ কৰে। পেৰিছৰ ল্যুভ সংগ্ৰহালয়ৰ এটা কোঠাত এই ছবিখন সংৰক্ষণ কৰি ৰখা হৈছে। সংগ্ৰহালয় ভৰ্তি মানুহৰ মাজতেই হুইল চেয়াৰত বহি থকা এগৰাকী বৃদ্ধাই জপিয়াই উঠি নিৰাপত্তা বেষ্টনী পাৰ হৈ ছবিখনত কেক সানি দিয়ে। ততাতৈয়াকৈ নিৰাপত্তাৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ছদ্মবেশী বৃদ্ধিগৰাকীক আটক কৰে। বৃদ্ধাৰ ৰূপ লৈ ওজন যুৱকে এই কাৰ্য সংঘটিত কৰিছে। ধৰা পৰাৰ লগে লগে তেওঁ চিঞৰি থকা শুনা গ'ল, ‘কিছুমান মানুহে পৃথিৱীখন ধ্বংস কৰিবলৈ ওলাইছে, ভাবি চাওকচোন। সকলো শিল্পীয়ে পৃথিৱীৰ কথা কৈ গৈছে।’

পিছে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও লিঅ’নাৰ্ডো দ্যা ভিঞ্চিৰ এই ছবিখন আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল। ১৯৫৬ চনত ঐতিহাসিক ছবিখনত এজন ব্যক্তিয়ে এচিড স্প্ৰে কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰা ছবিখন বুলেটপ্ৰুফ গ্লাছেৰে ঢাকি ৰখা হৈছে। প্ৰশ্ন উঠিছে, যুৱকজনে নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি কেনেকৈ এনে কাম কৰিলে? সংগ্ৰহালয় কৰ্তৃপক্ষই অৱশ্যে, এতিয়াও সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি কোনো ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ