--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ দামী বাৰ্গাৰ তৈয়াৰ কৰিছে এগৰাকী ইউৰোপীয়ান ৰান্ধনিয়ে। বাৰ্গাৰৰ মূল্য ৫,০০০ ইউৰো। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ৪লাখতলৈ অধিক। কিন্তু ইমান দামী বাৰ্গাৰ এটাত এনে কি বিশেষত্ব থাকিব পাৰে? কিম্বা ইমান দাম দি এই বাৰ্গাৰ খাবলৈ যাব বা কোনে?

মন কৰিবলগীয়া যে, নেদাৰলেণ্ডৰ ৰবাৰ্ট জান ডি ভিনে এই বাৰ্গাৰটো তৈয়াৰ কৰিছে। এখন সুপৰিচিত ৰেষ্টুৰেণ্টৰ চেফ ৰবাৰ্টে কয় যে, তেওঁৰ প্ৰধান লক্ষ্য আছিল সকলোৱে প্ৰতিদিনে খোৱা সাধাৰণ বাৰ্গাৰকে অলপ বেলেগ ৰূপ দিয়া। আৰু তেনে কৰিবলৈ গৈ বাৰ্গাৰত কিছুমান বেলেগ বেলেগ উপাদান ব্যৱহাৰ কৰিছে তেওঁ। ইয়াৰ ভিতৰত আছে বেলুগা ক্যেভিয়া, কেঁকোৰা, স্পেনিছ পেলেটা আইবেৰিকো (বিশেষকৈ প্ৰস্তুত কৰা মাংস), বগা ট্ৰাফেল, ইংলেণ্ডৰ বিশেষ পনীৰ, আটাইতকৈ দামী কফি বিনৰ পৰা তৈয়াৰী বাৰ্বিকিউ চচ আৰু অতি দামী চেম্পিয়ন।

কিন্তু এই বাৰ্গাৰৰ মূল্য ৪লাখ টকাতকৈ বেছি। ইমান দামী বাৰ্গাৰ পিছে কিনিব কোনে? নাই, চেফজনে ইয়াৰ বাবে চিন্তা কৰিবলগীয়া নহ’ল। সেই দেশৰে ৰেমিয়া ইণ্টাৰনেশ্যনেল নামৰ এটা কোম্পানীয়ে এই দামী বাৰ্গাৰটো ক্ৰয় কৰা বুলি জানিবলৈ পোৱা গৈছে। ‘ৰয়েল ডাচ ফুডছ’ৰ সভাপতি ৰব উইলেমছে গ্ৰহণ কৰিছে বাৰ্গাৰটো। বাৰ্গাৰ বিক্ৰীৰ পৰা পোৱা ধনৰাশি এটা স্বেচ্ছাসেৱী সংস্থালৈ আগবঢ়াইছে চেফ ৰবাৰ্টে।

এই বাৰ্গাৰটো কিয় বনালে ৰবাৰ্টে? চেফ ৰবাৰ্ট জান ডি ভিনে নিজৰ ইনষ্টাগ্ৰামত বাৰ্গাৰৰ ছবিৰে কেপচনত লিখিছে, ‘মহামাৰীৰ বাবে সকলো ৰন্ধন প্ৰতিযোগিতা বন্ধ। এই সময়ত মনো যথেষ্ট বেয়া আছিল। নতুন কিবা এটা কৰিবলৈ মন গ’ল৷ তাৰেই ফল এই বাৰ্গাৰ।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ