--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  সকলোৰে ভাল লগা প্ৰি‌য় ফলবিধ হৈছে আম। সোৱাদত কিছু টেঙা হ’লেও কেঁচা আমৰো আছে স্বাস্থ্য উপকাৰী গুণ। আমক ফলৰ ৰজা বুলি কোৱা হয়। 

অধিকাংশ লোকেই সাধাৰণতে আম খাই ভাল পায়। যদি আপুনিও গৰমৰ বতৰত কেঁচা আম খাই তেনেহলে লাভ কৰিব বহু উপকাৰ। আমত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেন্ট থাকে, যি ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। 

জানো আহক কেঁচা আমৰ উপকাৰী গুণসমূহ 

হজম শক্তিত উন্নত - কেঁচা আমে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ সমস্যা দূৰ কৰে। খাদ্য খোৱাৰ আগতে কেঁচা আম  খালে হজম শক্তি ভাল 
হয়।

ছাল আৰু চুলিৰ উপকাৰ- কেঁচা আমত থকা এণ্টিঅক্সিডেন্ট-ভিটামিনে ছালখন উজ্জ্বল কৰি ৰখাৰ লগতে চুলি মজবুত কৰি তোলে। ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালখনক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰাৰ লগতে চুলি সৰাৰ সমস্যা কমায়।

দাঁতৰ আলুক সুৰক্ষা - কেঁচা আমত প্ৰচুৰ পৰিমাণে ভিটামিন C থাকে যিয়ে এনিমিয়া আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোধ কৰে।

যকৃতৰ বাবে উপকাৰী- কেঁচা আম যকৃতৰ বাবেও উপকাৰী। লিভাৰৰ ৰোগ নিৰাময়ৰ বাবে প্ৰাকৃতিক উপায় হ’ল কেঁচা আম। ই চৰ্বিৰ শোষণ বৃদ্ধি কৰে আৰু খাদ্যত পোৱা ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ