--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পালেং শাক এবিধ ঔষধি শাক। ইয়াৰ পাত কোমল, ডাঠ আৰু বহল হয়। পাতটো ৰসাল। পালেং শাক সিজাই জোল কৰি, দাইল মাছৰ আঞ্জা বা কেঁচাই চাটনি কৰি খাব পাৰি। পালেং নিজ ইচ্ছানুযায়ী খাব পাৰি। যেনে :- পালেং আৰু মাছৰ আঞ্জা , পালেং পনীৰ, পালেং চাটনি, আটাৰ সৈতে মিলাই লুচি বা পৰথা, পালেং শাকৰ সৈতে বিলাহী দিয়া জোল ইত্যাদি। পালেঙৰ উপকাৰিতা সমূহ তলত উল্লেখ কৰা হ'ল‌।

পালেঙত ভিটামিন এ, বি আৰু চি প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আঁহ, কাৰ্বহাইড্ৰেত, প্ৰ'টিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত, প্লেবোন'ইড্স আদি থাকে। পাতত ক্লৰ’ফিল আৰু লিপিড থাকে। এই লিপিডে বেক্টৰিয়া নাশ কৰে। পালেং শাকত কম পৰিমাণৰ কাৰ্ব’হাইড্ৰেট থাকে।



পালেং শাকৰ উপকাৰিতা

১) শ্বাস-প্ৰশ্বাসজনিত ৰোগ কাহ-কফ হৈ থাকিলে পালেং শাকৰ জোল গৰম কৰি খালে উপকৃত হয়। এই জোলত অকণমান ক’লা নিমখ আৰু জালুকৰ গুড়ি দিব লাগে। 

২) পালেং শাক খালে ৰক্তস্ৰাৱ ৰোগীয়ে সুফল পায়। সেইদৰে জণ্ডিচৰ লগতে প্ৰস্ৰাৱৰ ভিন্ন ৰোগীয়েও এনেদৰে খালে সুফল পায়। দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ পালেং শাক খালে সুফল পোৱা যায়।

৩) শৌচ খোলোচা নহ’লে, শৌচ কমকৈ ঘনাই ঘনাই হ’লে পালেং শাকৰ জোল খাব লাগে। পালেং শাক খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

৪) বিশেষকৈ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পালেং শাক খোৱাটো বৰ প্ৰয়োজনীয়।

৫) নিম্ন ৰক্তচাপৰ ৰোগীয়ে পালেং শাক খালে সুফল লাভ কৰে।

৬) শিশুৰ পঁয়ালগা ৰোগত পালেং শাক খালে সুফল পায়। 

৭) পালেং শাকত যিহেতু যথেষ্ট পৰিমাণৰ কেলচিয়াম থাকে, সেয়েহে হাড় আৰু দাঁতৰ গঠন সবল হয় আৰু দেহৰ বিষ নাশ হয়। 

৮) তেজৰ হিম’গ্লবিন বৃদ্ধি কৰিবলৈ পালেং শাক খাব লাগে।

৯) সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব অপৰিসীম। পালেং শাক খালে ছাল নিমজ হয়, কমনীয় গুণ বৃদ্ধি হয় আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা উপশম পায়।

১০) পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেং খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।

১১) পালেং পাতৰ ৰস, নেমুটেঙাৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেং পাত পিচিলৈ মুখত লেপদি ২০ মিনিটৰ পিছত ভালকৈ ধুব লাগে। ইয়াৰ ফলত মুখত সাঁচ পৰা, ক'লা দাগ আৰু শালমন ভাল হয়।

১২) পালেং আঁহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়।

১৩) পালেং পাতৰ ৰস আধাগিলাচৰ সৈতে গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।

১৪) গৰমৰ দিনত পেচাব হালধীয়া হলে, চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়।

১৫) পালেং পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।

১৬) পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা, গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী। তাৰোপৰি পালেং খালে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি হয় কাৰণে সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়।

১৭) পালেং শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে। চুলিয়ে তৈলগ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে।

১৮) পালেঙত প্লেবোন'ইড্স নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰাখে। এন্টিঅক্সিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ কমকৈ হয়।

১৯) পালেং খালে বাৰ্ধক্যৰ চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চফল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।

২০) পালেং শাকত থকা ফোলেটে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু স্নায়ুতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ