--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খুড়াকৰ এগেংজমেণ্টৰ বাবে পিতৃ-মাতৃৰ সৈতে আহিছিল এটি দুবছৰীয়া শিশু। শিশুটিৰ নাম অক্ষত। ঘৰত আনন্দৰ পৰিৱেশ। ঘৰৰ এজন সদস্যই বিয়া পাতিবলৈ আগবাঢ়িছে। গতিকে হ’বলগীয়া কইনাৰ সৈতে আয়োজন কৰা হৈছে বিয়াৰ এগেংজমেণ্ট অনুষ্ঠান। কণমানি অক্ষতৰো মনত আনন্দ যে তেওঁ লাভ কৰিব এগৰাকী নতুন খুড়ী।

কিন্তু কোনেনো জানিছিল সেই আনন্দৰ মুহূৰ্ততে ক্ষন্তকতে পৰিৱৰ্তন ঘটিব বিষাদলৈ। এগেংজমেণ্টৰ বাবে আয়োজন কৰা হৈছিল ভোজৰ। সেই অনুসৰি সকলো কামে কামে ব্যস্ত আছিল। অক্ষতে খেলি আছিল। খেলি থকা অৱস্থাতে গৰম তেলৰ কেৰাহীত পৰি গ’ল অক্ষত। ফলত কণমানিটিয়ে কৰুণ মৃত্যুক সাবটি লয়। 

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত ঘটিছে এই শোকাৱহ ঘটনা। খুড়াকৰ এগেংজমেণ্টলৈ আহি এই পৃথিৱীৰ পৰাই গুচি গ’ল অক্ষত। গৰম তেলত পৰি আহত হোৱা নিস্পাপ শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে আপ্ৰাণ চেষ্টা কৰাৰ পাছতো  বচাব নোৱাৰিলে অক্ষতৰ প্ৰাণ।

ভূপালৰ নিশাতপুৰা থানা এলেকাৰ সংস্কাৰ গাৰ্ডেনত সংঘটিত হৈছে এই ঘটনা। অক্ষতে বাগিচাত খেলি আছিল আৰু পৰিয়ালৰ লোকে এঠাইত বহি খাদ্য খাই আছিল। হঠাতে পিতৃৰ মনত পৰিল যে অক্ষত ক’ত গ’ল। তেনেতে পিতৃৰ চকু কেৰাহীৰ ওচৰত খেলি থকা পুতেকৰ ওপৰত পৰিল আৰু তেওঁ পুত্ৰৰ ওচৰলৈ দৌৰি গ’ল কিন্তু তেতিয়ালৈকে অক্ষত কেৰাহীৰ উতলি থকা তেলত পৰি গ’ল।

লগে লগে পৰিয়ালে অক্ষতক গৰমৰ কেৰাহীৰ পৰা উলিয়াই চিকিৎসালয়লৈ লৈ যায়, তাতে এদিন চিকিৎসা কৰা হয় যদিও ৫০% পৰ্যন্ত জ্বলি যোৱা অক্ষতক ৰক্ষা কৰিব নোৱাৰিলে চিকিৎসকে। মঙলবাৰে নিশা তেওঁৰ মৃত্যু হয়।

বুধবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ অন্তত শিশুটিৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে। এই অনাকাংক্ষিত ঘটনাত পৰিয়ালটি শোকত ভাগি পৰিছে। সুখৰ মুহূৰ্ত চকুৰ পচাৰতে বদলি গ’ল দুখৰ গভীৰ বেদনালৈ। 

গতিকে কণমানি শিশু থকা অভিভাৱকসকল পদে পদে সাৱধান হৈ থকাটো দৰকাৰ যাতে একো অঘটন নঘটে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?