--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খুড়াকৰ এগেংজমেণ্টৰ বাবে পিতৃ-মাতৃৰ সৈতে আহিছিল এটি দুবছৰীয়া শিশু। শিশুটিৰ নাম অক্ষত। ঘৰত আনন্দৰ পৰিৱেশ। ঘৰৰ এজন সদস্যই বিয়া পাতিবলৈ আগবাঢ়িছে। গতিকে হ’বলগীয়া কইনাৰ সৈতে আয়োজন কৰা হৈছে বিয়াৰ এগেংজমেণ্ট অনুষ্ঠান। কণমানি অক্ষতৰো মনত আনন্দ যে তেওঁ লাভ কৰিব এগৰাকী নতুন খুড়ী।

কিন্তু কোনেনো জানিছিল সেই আনন্দৰ মুহূৰ্ততে ক্ষন্তকতে পৰিৱৰ্তন ঘটিব বিষাদলৈ। এগেংজমেণ্টৰ বাবে আয়োজন কৰা হৈছিল ভোজৰ। সেই অনুসৰি সকলো কামে কামে ব্যস্ত আছিল। অক্ষতে খেলি আছিল। খেলি থকা অৱস্থাতে গৰম তেলৰ কেৰাহীত পৰি গ’ল অক্ষত। ফলত কণমানিটিয়ে কৰুণ মৃত্যুক সাবটি লয়। 

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত ঘটিছে এই শোকাৱহ ঘটনা। খুড়াকৰ এগেংজমেণ্টলৈ আহি এই পৃথিৱীৰ পৰাই গুচি গ’ল অক্ষত। গৰম তেলত পৰি আহত হোৱা নিস্পাপ শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে আপ্ৰাণ চেষ্টা কৰাৰ পাছতো  বচাব নোৱাৰিলে অক্ষতৰ প্ৰাণ।

ভূপালৰ নিশাতপুৰা থানা এলেকাৰ সংস্কাৰ গাৰ্ডেনত সংঘটিত হৈছে এই ঘটনা। অক্ষতে বাগিচাত খেলি আছিল আৰু পৰিয়ালৰ লোকে এঠাইত বহি খাদ্য খাই আছিল। হঠাতে পিতৃৰ মনত পৰিল যে অক্ষত ক’ত গ’ল। তেনেতে পিতৃৰ চকু কেৰাহীৰ ওচৰত খেলি থকা পুতেকৰ ওপৰত পৰিল আৰু তেওঁ পুত্ৰৰ ওচৰলৈ দৌৰি গ’ল কিন্তু তেতিয়ালৈকে অক্ষত কেৰাহীৰ উতলি থকা তেলত পৰি গ’ল।

লগে লগে পৰিয়ালে অক্ষতক গৰমৰ কেৰাহীৰ পৰা উলিয়াই চিকিৎসালয়লৈ লৈ যায়, তাতে এদিন চিকিৎসা কৰা হয় যদিও ৫০% পৰ্যন্ত জ্বলি যোৱা অক্ষতক ৰক্ষা কৰিব নোৱাৰিলে চিকিৎসকে। মঙলবাৰে নিশা তেওঁৰ মৃত্যু হয়।

বুধবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ অন্তত শিশুটিৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে। এই অনাকাংক্ষিত ঘটনাত পৰিয়ালটি শোকত ভাগি পৰিছে। সুখৰ মুহূৰ্ত চকুৰ পচাৰতে বদলি গ’ল দুখৰ গভীৰ বেদনালৈ। 

গতিকে কণমানি শিশু থকা অভিভাৱকসকল পদে পদে সাৱধান হৈ থকাটো দৰকাৰ যাতে একো অঘটন নঘটে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ