--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাঁহি-কান্দোনৰ সমষ্টিয়েই জীৱন। মানুহৰ জীৱনত কেতিয়াবা এনে কিছুমান ঘটনা ঘটে যে সেই ঘটনাই কঠোৰ হৃদয়ৰ লোকৰ চকুতো চকুপানী বিৰিঙাই তোলে।

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত ঘটিছে এক অতি কৰুণ আৰু নিৰ্মম ঘটনা। যি ঘটনাৰ কথা জানিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। স্বামীৰ মৃত্যুৰ এঘণ্টাৰ পাছতে কন্যা সন্তান জন্ম দিলে পত্নীয়ে। গৰ্ভৱতী পত্নীৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত গাড়ীৰে হাস্পতাললৈ লৈ গৈছিল। 

কিন্তু নিয়তিয়ে লিখি থৈছিল এক কৰুণ কাহিনী। তেওঁলোক গৈ থাকোতে গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু স্বামীয়ে সেই দুৰ্ঘটনাত মৃত্যুক সাবটি লয়। আনহাতে তেওঁৰ গৰ্ভৱতী পত্নীয়ে দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পোৱাই নহয়, স্বামীৰ মৃত্যুৰ এঘণ্টাৰ পিছত কন্যা সন্তানো জন্ম দিয়ে।

লালঘাটীত অৱস্থিত হালালপুৰ বাছ ষ্টেণ্ডত সংঘটিত হৈছে এই ঘটনা। গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰে আৰু এই দুৰ্ঘটনাত গাড়ীৰ চালকৰ আসনত থকা স্বামী মহেন্দ্ৰ মেৱাদাৰ মৃত্যু হয়। মহেন্দ্ৰৰ ভাতৃ সতীশ মেৱাদাৰো এই দুৰ্ঘটনাত মৃত্যু হয়।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৰাতিবাদৰ নিৱাসী মহেন্দ্ৰ মেৱাদাৰ পত্নী বাবলী গৰ্ভৱতী আছিল আৰু মঙলবাৰে গভীৰ নিশা প্ৰসৱ বেদনাত ছটফটাই থকা বাবলীক গাড়ীত উঠাই মহেন্দ্ৰ ভূপাললৈ ৰাওনা হয়। মহেন্দ্ৰ আৰু বাবলীৰ লগতে মহেন্দ্ৰৰ মাতৃ, পেহী আৰু ভাতৃও গাড়ীত আছিল।

নিশাৰ আন্ধাৰত ভোপালৰ লালঘাটি অঞ্চলৰ সমীপত হালালপুৰ বাছ ষ্টেণ্ডৰ সন্মুখত ডিভাইডাৰত খুন্দা মৰাৰ ফলত গাড়ীখন বাগৰি পৰে আৰু পাঁচজন লোক আহত হয়। ইয়াৰ পিছত সকলোকে এম্বুলেন্সেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মহেন্দ্ৰ মেৱাদা আৰু তেওঁৰ ভাতৃ সতীশক মৃত বুলি ঘোষণা কৰে।

যেতিয়া ডাক্তৰে মহেন্দ্ৰক মৃত বুলি ঘোষণা কৰিছিল, তাৰ প্ৰায় এঘণ্টা পিছত তেওঁৰ পত্নী বাবলীয়ে গভীৰ নিশা কন্যা সন্তান জন্ম দিছিল। কন্যা সন্তানটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ মাত্ৰ এঘণ্টাৰ পূৰ্বে পিতৃ চিৰদিনলৈ নোহোৱা হৈ গ’ল। বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত আছে। এখন ঘৰত এফালে কন্যা সন্তান জন্ম আৰু আনফালে দুখনকৈ চিতা জ্বলি উঠাৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীৰ মনত গভীৰ ৰেখাপাত কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ