--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনটোৱে সুন্দৰভাৱে এক গতি লোৱাৰ সময়তে এগৰাকী অভিনেত্ৰীয়ে কৰিলে আত্মহত্যা (Suicide) । অভিনেত্ৰীগৰাকীৰ বয়স হৈছিল মাত্ৰ ১৬ বছৰ। জীৱন ৰঙীন হৈ উঠাৰ সময়তে চিৰদিনলৈ হেৰাই গল এক উজ্জ্বল প্ৰতিভা। নাম তেওঁৰ কাইলিয়া পছি। 



ৰিয়েলিটি টিভি শ্ব' 'টডলাৰ্ছ এণ্ড টিয়াৰাছ'ৰ পৰা চৰ্চালৈ আহিছিল কাইলিয়া। কাইলিয়া পছিৰ মৃত্যুৰ পাছত তেওঁৰ মাতৃয়ে কাইলাৰ এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছিল যে মোৰ ওচৰত ওচৰত শব্দ নাই বা মই একো ক'ব পৰা অৱস্থাত নাই। এজনী ধুনীয়া ছোৱালী গুচি গ'ল। আমি এই মুহূৰ্তত বহুত দুখত আছো। আমি আমাৰ ছোৱালীজনীক চিৰদিনৰ বাবে হেৰুৱাইছো। অনুগ্ৰহ কৰি আমাক প্ৰাইভেছী দিয়ক।'' 

কাইলিয়াৰ মৃত্যুত অনুৰাগীসকল হতবাক পৰিছে। কাইলিয়া পছিৰ মৃত্যুৰ কাৰণ জানিবলৈ উদ্বিগ্ন হৈ আছে আৰু তেওঁৰ মৃত্যুৰ সম্পৰ্কত বিভিন্ন কথা কৈ আছে। অভিভাৱকসকলে জনাইছে যে কাইলিয়া পছিয়ে আত্মহত্যা কৰিছে। কাইলিয়া পছি হঠাতে ২০১২ চনত চৰ্চালৈ আহিছিল যেতিয়া ৫ বছৰ বয়সত তেওঁৰ মুখেৰে সৃষ্টি কৰা এটা জিআইএফ(GIF) ভাইৰেল হৈছিল। কাইলিয়াই ২০১৯ চনত ভৌতিক চলচ্চিত্ৰ 'এলি'তো অভিনয় কৰিছিল। 



কাইলিয়া পছিৰ পিতৃ-মাতৃয়ে জনাইছিল যে ''তেওঁ অতি উজ্জ্বল ভাৱমূৰ্তিৰ আছিল। তেওঁৰ ভৱিষ্যত উজ্জ্বল আছিল, কিন্তু হঠাতে মুহূৰ্ততে তেওঁ খৰখেদাকৈ জীৱন শেষ কৰাৰ সিদ্ধান্ত ল'লে।'' পৰিয়ালটোৱে আৰু প্ৰকাশ কৰিছিল যে ''কাইলিয়া পছিয়ে দীৰ্ঘ সময় ধৰি কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত অগণন মুকুট আৰু ট্ৰফী জিকিছিল। কাইলিয়া এগৰাকী চমৎকাৰ ব্যক্তিত্বৰ ছোৱালী আছিল যাৰবাবে তেওঁ বহুতো চাকৰিৰ প্ৰস্তাৱো পাইছিল।'' 



কাইলিয়াৰ পিতৃয়ে সকলোকে অনুৰোধ কৰি কয় যে ''আত্মহত্যা যাতে কোনেও নকৰে। এনে কাণ্ডই পৰিয়ালটোক বহুত বেছি মানসিক আঘাত দিয়ে, যিটো সহ্য কৰা কঠিন হৈ পৰে। আত্মহত্যাৰ চিন্তা মনলৈ আহিলে ভাল সম্পৰ্ক থকা কাৰোবাৰ সৈতে কথাবোৰ আলোচনা কৰক। নহলে National Suicide Prevention Hotline নম্বৰ 800-273-8255ত কল কৰক।'' কাইলিয়া পছিৰ অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে। সকলো লোক আচৰিত হৈ পৰিছে যে ইমান সফল হোৱা স্বত্বেও কাইলিয়াই কিয় আত্মহত্যা কৰিলে? এই আত্মহত্যাৰ কাৰণ এতিয়ালৈকে প্ৰকাশ পোৱা নাই। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান