--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনটোৱে সুন্দৰভাৱে এক গতি লোৱাৰ সময়তে এগৰাকী অভিনেত্ৰীয়ে কৰিলে আত্মহত্যা (Suicide) । অভিনেত্ৰীগৰাকীৰ বয়স হৈছিল মাত্ৰ ১৬ বছৰ। জীৱন ৰঙীন হৈ উঠাৰ সময়তে চিৰদিনলৈ হেৰাই গল এক উজ্জ্বল প্ৰতিভা। নাম তেওঁৰ কাইলিয়া পছি। 



ৰিয়েলিটি টিভি শ্ব' 'টডলাৰ্ছ এণ্ড টিয়াৰাছ'ৰ পৰা চৰ্চালৈ আহিছিল কাইলিয়া। কাইলিয়া পছিৰ মৃত্যুৰ পাছত তেওঁৰ মাতৃয়ে কাইলাৰ এখন ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছিল যে মোৰ ওচৰত ওচৰত শব্দ নাই বা মই একো ক'ব পৰা অৱস্থাত নাই। এজনী ধুনীয়া ছোৱালী গুচি গ'ল। আমি এই মুহূৰ্তত বহুত দুখত আছো। আমি আমাৰ ছোৱালীজনীক চিৰদিনৰ বাবে হেৰুৱাইছো। অনুগ্ৰহ কৰি আমাক প্ৰাইভেছী দিয়ক।'' 

কাইলিয়াৰ মৃত্যুত অনুৰাগীসকল হতবাক পৰিছে। কাইলিয়া পছিৰ মৃত্যুৰ কাৰণ জানিবলৈ উদ্বিগ্ন হৈ আছে আৰু তেওঁৰ মৃত্যুৰ সম্পৰ্কত বিভিন্ন কথা কৈ আছে। অভিভাৱকসকলে জনাইছে যে কাইলিয়া পছিয়ে আত্মহত্যা কৰিছে। কাইলিয়া পছি হঠাতে ২০১২ চনত চৰ্চালৈ আহিছিল যেতিয়া ৫ বছৰ বয়সত তেওঁৰ মুখেৰে সৃষ্টি কৰা এটা জিআইএফ(GIF) ভাইৰেল হৈছিল। কাইলিয়াই ২০১৯ চনত ভৌতিক চলচ্চিত্ৰ 'এলি'তো অভিনয় কৰিছিল। 



কাইলিয়া পছিৰ পিতৃ-মাতৃয়ে জনাইছিল যে ''তেওঁ অতি উজ্জ্বল ভাৱমূৰ্তিৰ আছিল। তেওঁৰ ভৱিষ্যত উজ্জ্বল আছিল, কিন্তু হঠাতে মুহূৰ্ততে তেওঁ খৰখেদাকৈ জীৱন শেষ কৰাৰ সিদ্ধান্ত ল'লে।'' পৰিয়ালটোৱে আৰু প্ৰকাশ কৰিছিল যে ''কাইলিয়া পছিয়ে দীৰ্ঘ সময় ধৰি কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত অগণন মুকুট আৰু ট্ৰফী জিকিছিল। কাইলিয়া এগৰাকী চমৎকাৰ ব্যক্তিত্বৰ ছোৱালী আছিল যাৰবাবে তেওঁ বহুতো চাকৰিৰ প্ৰস্তাৱো পাইছিল।'' 



কাইলিয়াৰ পিতৃয়ে সকলোকে অনুৰোধ কৰি কয় যে ''আত্মহত্যা যাতে কোনেও নকৰে। এনে কাণ্ডই পৰিয়ালটোক বহুত বেছি মানসিক আঘাত দিয়ে, যিটো সহ্য কৰা কঠিন হৈ পৰে। আত্মহত্যাৰ চিন্তা মনলৈ আহিলে ভাল সম্পৰ্ক থকা কাৰোবাৰ সৈতে কথাবোৰ আলোচনা কৰক। নহলে National Suicide Prevention Hotline নম্বৰ 800-273-8255ত কল কৰক।'' কাইলিয়া পছিৰ অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আকস্মিক মৃত্যুত শোক প্ৰকাশ কৰিছে। সকলো লোক আচৰিত হৈ পৰিছে যে ইমান সফল হোৱা স্বত্বেও কাইলিয়াই কিয় আত্মহত্যা কৰিলে? এই আত্মহত্যাৰ কাৰণ এতিয়ালৈকে প্ৰকাশ পোৱা নাই। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ