--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মালাইকা আৰোৰা (Malaika Arora) আৰু অৰ্জুন কাপুৰে (Arjun Kapoor) যোৱা কেইবা বছৰ ধৰি ইজনে সিজনক ডেট কৰি আছে। দুয়োজনৰ বিবাহৰ বিষয়ে বহুবাৰ গুণগুণনি শুনিবলৈ পোৱা গৈছিল। এনে পৰিস্থিতিত মালাইকা আৰু অৰ্জুন দুয়োজনে কয় যে এই সম্পৰ্কক লৈ দুয়ো সুখী আৰু তেওঁলোকে বিবাহৰ পৰিকল্পনা কৰা নাই। অৱশ্যে মালাইকা অৰোৰাৰ নতুন সাক্ষাৎকাৰটো শুনি এনে লাগে যে তেওঁ অৱশেষত অৰ্জুন কাপুৰৰ সৈতে বিবাহৰ পৰিকল্পনা কৰিছে। 
 

মালাইকাই নিজৰ সম্পৰ্কৰ বিষয়ে কয় "এই সম্পৰ্ক মোৰ বাবে পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ। আমি ভাবো আমি সেই পৰ্যায়ত আছোঁ য'ত আমি ভাবি আছো যে পৰৱৰ্তী সময়ত কি হ'ব। আমি এই কথাবোৰৰ বিষয়ে যথেষ্ট আলোচনা কৰোঁ। আমাৰ চিন্তা একে আৰু ধাৰণাও একে। আমি ইজনে সিজনক ভালদৰে বুজি পাওঁ।" ইয়াৰ লগতে কয় মালাইকাই যে "আমি এক পৰিপক্ক পৰ্যায়ত আছোঁ য'ত আমি এতিয়াও ইজনে সিজনৰ বিষয়ে বহুত জানিবলৈ বাকী আছে। আমি নিশ্চিতভাৱে ভৱিষ্যতটো একেলগে চাবলৈ বিচাৰিম। আমি এই বিষয়টোক লৈ কথা পাতো। অৰ্জুন আৰু মই আমাৰ প্ৰেমৰ সম্পৰ্কক লৈ বহুত ছিৰিয়াচ।


মালাইকাই পুনৰ কয়, "আপুনি আপোনাৰ সম্পৰ্কত ইতিবাচক আৰু সুৰক্ষিত অনুভৱ কৰিব লাগিব। মই বহুত সুখী আৰু ইতিবাচক। অৰ্জুনে মোক আত্মবিশ্বাস আৰু নিখুঁততা প্ৰদান কৰে। আমি আজিও আমাৰ জীৱনটো উদযাপন কৰোঁ আৰু প্ৰতিদিনে ৰোমাঞ্চ কৰোঁ। মই সদায় অৰ্জুনক কওঁ যে মই তোমাৰ লগত থাকিয়েই বুঢ়ী হ'ব বিচাৰোঁ। মই এটা কথাই জানো যে অৰ্জুন মোৰ।"


উল্লেখ্য যে মালাইকা আৰোৰা আছিল আৰবাজ খানৰ পত্নী। ২০১৭ চনত আৰবাজৰ সৈতে বিবাহ বিচ্চেদ ঘটে মালাইকাৰ। আৰহান খান নামেৰে তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে। ১৯৯৮ চনত আৰবাজৰ সৈতে বিয়াত বহিছিল মালাইকা আৰোৰা। ২০১৬ চনৰ পৰা অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠে। অৰ্জুনতকৈ মালাইকা ১২ বছৰৰ ডাঙৰ। কিন্তু দুয়োৰে দুৰ্দান্ত প্ৰেমত এই বয়সৰ ব্যৱধান কোনো ফেক্টৰ নহয় বুলি দুয়ো সময়ে সময়ে ভিন্ন সাক্ষাৎকাৰত কৈ আহিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ