--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে আমি ছ’চিয়েল মিডিয়াত এনে ছবি দেখিবলৈ পাওঁ, যিবোৰে আমাক চিন্তা কৰিবলৈ বাধ্য কৰে। এই ছবিবোৰ আলোকীয় ভ্ৰমযুক্ত ছবি। বহু সময়ত এই ছবিবোৰত আমি চকুৰে প্ৰথম যি দেখো তাৰ বাহিৰেও আৰু বহু কিবাকিবি লুকুৱাই ৰখা হয়। এনে ছবিত আপুনি যি প্ৰথমে লক্ষ্য কৰে সেইটোৱে আপোনাৰ ব্যক্তিত্ব কেনে সেই কথা প্ৰকাশ কৰে। আমি আপোনাৰ বাবে এনেধৰণৰ এখন ছবি লৈ আনিছো যিয়ে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে প্ৰকাশ কৰিব।

এই ছবিখন চোৱাৰ লগে লগে বহুতেই দেখা পায় খিৰিকীৰে বাহিৰলৈ চাই থকা এজনী ছোৱালী আৰু বহুতেই দেখা পায় মানুহৰৰ মূৰৰ লাওখোলা। যিসকলে প্ৰথমে এই ছবিখনত খিৰিকীৰে বাহিৰলৈ চাই থকা ছোৱালীজনীক প্ৰথমে দেখা পায় তেওঁলোকৰ ব্যক্তিত্ব মানুহৰ লাওখোলা লক্ষ্য কৰা ব্যক্তিজনতকৈ বহু পৃথক। যদি আপুনি এই ছবিখনত প্ৰথমে খিৰিকীৰে বাহিৰলৈ চাই থকা ছোৱালীজনীক দেখিছে তেন্তে আপুনি প্ৰায়ে বিপদক উপেক্ষা কৰি চলে, মানে বিপদক গুৰুত্ব প্ৰদান নকৰে। কেতিয়াবা আপুনি নজনাকৈয়ে আপোনাৰ জীৱনটো বিপদত পেলায়। ইয়াৰ বাবেই বহু সময়ত আপুনি নিজে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। 

যদি আপুনি প্ৰথমে মানুহৰ লাওখোলা দেখিছে তেন্তে আপুনি এজন বাস্তৱিক ব্যক্তি। আপুনি ভাবে যে প্ৰতিটো ভাল কাম বা বেয়া কাম দিনটোৰ শেষ হোৱাৰ লগে লগে শেষ হয়। গতিকে আপুনি নিজে বিচাৰ কৰক আপুনি কেনে ব্যক্তিত্বৰ মানুহ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ