--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আখৰৰ সৈতে মানুহ এগৰাকীৰ ব্যক্তিত্বৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মগজুৰ নিৰ্দেশত আমাৰ হাত খনে আখৰ লিখি যায়৷ সেয়ে হাতৰ আখৰত মনৰ অৱস্থাটো সঠিক ভাবে ধৰা পৰে৷ সুখৰ মুহূৰ্তত লিখা আখৰ আৰু দুখ, ভয় আদিৰ পৰিবেশৰ মাজত লিখা আখৰৰ বহ খিনি পৰিৱৰ্তন হোৱা দেখা যায়৷ 

গ্ৰাফোল’জিয়ে হাতৰ আখৰৰ তেনেবোৰ কথাই বিশ্লেষণ কৰে৷বিশ্বৰ বহু দেশে সেয়ে ব্যক্তিৰ চৰিত্ৰ জানিবলৈ হাতৰ আখৰ বিশ্লেষণৰ সহায় লয়৷ আনকি অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰতো হাতৰ আখৰে বহু পৰিমাণে সহায় কৰি আহিছে৷

মগজুৰ চিন্তা তৰংগ যিহেতু হাতৰ আখৰত পৰিস্ফুট হয় সেয়ে আখৰৰ গোট চায়েই ক’ব পাৰি লোক এজন কেনে হ’ব পাৰে৷ এই লেখাৰ সৈতে ইংৰাজী  এ, জি , ডি আদি কেইটামান আখৰৰ নমুনা দেখুওৱা হৈছে৷ 



দৰাচলতে ইয়াত উল্লেখ কৰা আখৰ কেইটাক গ্ৰাফোল’জিত অভেল (ডিম্বাকৃতিৰ)আকৃতিৰ আখৰ বুলি কোৱা হয়৷এনে অভেল আকৃতিৰ আখৰ লিখা লোকসকল উদাৰ আৰু সমাজ সচেতন হয়৷ 

তেওঁলোকৰ বন্ধুৰ সংখ্যা বহু বেছি হয়৷বহু সময়ত নিজৰ ক্ষতি কৰি হ’লেও এনে আখৰ লিখা লোকে আনৰ উপকাৰ সাধিবলৈ যায়৷ এনে আখৰ লিখা লোকসকল উদাৰ আৰু পৰোপকাৰী হোৱাৰ বাবে বহু সময়ত আনৰ দ্বাৰা প্ৰতাৰিও হ’বলগীয়া হয়৷ তথাপি এনে বাধা সমূহে এনে ধৰণৰ অভেল আকৃতিৰ আখৰ লিখা লোকসকলক হতাশ কৰিব নোৱাৰে৷

 কবিতা, গল্পকে ধৰি আন সৃষ্টিমূলক কামত এনে আখৰ লিখা লোকসকল বেছিকৈ জৰিত হৈ পৰা দেখা যায়৷ অৱশ্যে এনে আখৰ লিখা লোকে বহু সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও হুৰমূৰকৈ লোৱাৰ ফলত ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ সৰল মনৰ হয় বাবেই এনে আখৰ লিখা লোকসকল সকলোৰে প্ৰিয় হৈ উঠে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ