--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটি-বাৰী, সা-সম্পত্তিক লৈ অনেক কাজিয়া বা সংঘাতৰ কথা নিশ্চয় আপুনি শুনিছে। কিন্তু কেতিয়াবা মাত্ৰ এটা নেমুৰ বাবে দুটা পৰিয়ালৰ মাজত কাজিয়া হোৱাৰ কথা শুনিছেনে...আগতে নুশুনিলেও এইবাৰ সঁচাকৈয়ে এটা নেমুৰ বাবে দুটা পৰিয়ালৰ মাজত লাগিল হতাহতি, মৰামৰি। দেশত প্ৰচণ্ড গৰম আৰম্ভ হোৱাৰ লগে লগে নেমুৰ অভাৱো আৰম্ভ হৈছে। ইফালে আজিকালি নেমুৰ দামো বাঢ়িল। কিছুমান মানুহৰ বাবে নেমু কিনিব নোৱাৰা পৰিস্থিতিও আহি পৰিছে। 

এনে পৰিস্থিতিত বহু ঠাইৰ পৰা খবৰ পোৱা গৈছে যে নেমুক লৈ মানুহৰ মাজত সংঘাত আৰম্ভ হৈছে। আনকি উত্তৰ প্ৰদেশৰ গাজিয়াবাদত নেমুৰ চৰ্বতক লৈ হোৱা বিবাদত এজন ব্যক্তিয়ে প্ৰাণো হেৰুৱাইছিল। এইবাৰ গুজৰাটৰ পাটনৰ পৰা আহিছে এনে এক খবৰ। পাটনত এটা নেমুয়ে দুটা পৰিয়ালৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি কৰিলে। জিলাখনৰ হৰিজ তহচিলৰ কাদি গাঁৱত এটা নেমুক লৈ দুয়োপক্ষৰ মাজত বিবাদ হৈছিল আৰু তাৰপাছত বিবাদ ইমানেই বৃদ্ধি পাইছিল যে আনকি হতাহতি, মৰামৰি পৰ্যন্ত হৈ গৈছিল। গোটেই বিষয়টো ইমানেই জটিল হৈ পৰিল যে অৱশেষত আৰক্ষী চকী গৈ পালে। 

জানিব পৰা মতে কাথি গাঁৱৰ বাসিন্দা হানচাবেন ঠাকৌৰে তেওঁৰ নিজৰ ঘৰৰ কাম কৰি আছিল। সেই সময়তে অনিতাবেন তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু কৈছিল যে আপোনাৰ ছোৱালীয়ে মোৰ ঘৰৰ পৰা এটা নেমু লৈ আহিছে। হানচাবেনে জীয়েকক নেমু আনিছিল নেকি সোধে আৰু জীয়েকে অনিতাবেনৰ ঘৰৰ পৰা নেমু অনাৰ কথা অস্বীকাৰ কৰে। ইয়াৰ পাছতেই অনিতাবেন তেওঁৰ নিজৰ ঘৰলৈ গুচি গৈছিল আৰু কিছু সময়ৰ পিছত তেওঁ নিজ স্বামীৰ সৈতে পুনৰ হানচাবেনৰ ঘৰত উপস্থিত হৈছিল। 

তেওঁ হানচাবেনক কৈছিল যে আপুনি আপোনাৰ ছোৱালীক আনৰ ঘৰৰ পৰা নেমু আনিবলৈ শিকাইছে। এই কথা কোৱাৰ পাছতেই দুয়োটা পৰিয়ালৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদে তৰ্কা-তৰ্কিৰ পৰা মাৰপিট, গোৰ, ঘোচাৰ ৰূপ লয়। ইয়াৰ মাজতে হানচাবেনৰ ডিঙিৰ পৰা এটা সোণৰ লকেটো নোহোৱা হয় আৰু বিষয়টো অৱশেষত গৈ আৰক্ষী চকী পায়গৈ। আৰক্ষীয়ে অনিতাবেন আৰু আন এজন ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ