--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটি-বাৰী, সা-সম্পত্তিক লৈ অনেক কাজিয়া বা সংঘাতৰ কথা নিশ্চয় আপুনি শুনিছে। কিন্তু কেতিয়াবা মাত্ৰ এটা নেমুৰ বাবে দুটা পৰিয়ালৰ মাজত কাজিয়া হোৱাৰ কথা শুনিছেনে...আগতে নুশুনিলেও এইবাৰ সঁচাকৈয়ে এটা নেমুৰ বাবে দুটা পৰিয়ালৰ মাজত লাগিল হতাহতি, মৰামৰি। দেশত প্ৰচণ্ড গৰম আৰম্ভ হোৱাৰ লগে লগে নেমুৰ অভাৱো আৰম্ভ হৈছে। ইফালে আজিকালি নেমুৰ দামো বাঢ়িল। কিছুমান মানুহৰ বাবে নেমু কিনিব নোৱাৰা পৰিস্থিতিও আহি পৰিছে। 

এনে পৰিস্থিতিত বহু ঠাইৰ পৰা খবৰ পোৱা গৈছে যে নেমুক লৈ মানুহৰ মাজত সংঘাত আৰম্ভ হৈছে। আনকি উত্তৰ প্ৰদেশৰ গাজিয়াবাদত নেমুৰ চৰ্বতক লৈ হোৱা বিবাদত এজন ব্যক্তিয়ে প্ৰাণো হেৰুৱাইছিল। এইবাৰ গুজৰাটৰ পাটনৰ পৰা আহিছে এনে এক খবৰ। পাটনত এটা নেমুয়ে দুটা পৰিয়ালৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি কৰিলে। জিলাখনৰ হৰিজ তহচিলৰ কাদি গাঁৱত এটা নেমুক লৈ দুয়োপক্ষৰ মাজত বিবাদ হৈছিল আৰু তাৰপাছত বিবাদ ইমানেই বৃদ্ধি পাইছিল যে আনকি হতাহতি, মৰামৰি পৰ্যন্ত হৈ গৈছিল। গোটেই বিষয়টো ইমানেই জটিল হৈ পৰিল যে অৱশেষত আৰক্ষী চকী গৈ পালে। 

জানিব পৰা মতে কাথি গাঁৱৰ বাসিন্দা হানচাবেন ঠাকৌৰে তেওঁৰ নিজৰ ঘৰৰ কাম কৰি আছিল। সেই সময়তে অনিতাবেন তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু কৈছিল যে আপোনাৰ ছোৱালীয়ে মোৰ ঘৰৰ পৰা এটা নেমু লৈ আহিছে। হানচাবেনে জীয়েকক নেমু আনিছিল নেকি সোধে আৰু জীয়েকে অনিতাবেনৰ ঘৰৰ পৰা নেমু অনাৰ কথা অস্বীকাৰ কৰে। ইয়াৰ পাছতেই অনিতাবেন তেওঁৰ নিজৰ ঘৰলৈ গুচি গৈছিল আৰু কিছু সময়ৰ পিছত তেওঁ নিজ স্বামীৰ সৈতে পুনৰ হানচাবেনৰ ঘৰত উপস্থিত হৈছিল। 

তেওঁ হানচাবেনক কৈছিল যে আপুনি আপোনাৰ ছোৱালীক আনৰ ঘৰৰ পৰা নেমু আনিবলৈ শিকাইছে। এই কথা কোৱাৰ পাছতেই দুয়োটা পৰিয়ালৰ মাজত বিবাদ আৰম্ভ হয়। এই বিবাদে তৰ্কা-তৰ্কিৰ পৰা মাৰপিট, গোৰ, ঘোচাৰ ৰূপ লয়। ইয়াৰ মাজতে হানচাবেনৰ ডিঙিৰ পৰা এটা সোণৰ লকেটো নোহোৱা হয় আৰু বিষয়টো অৱশেষত গৈ আৰক্ষী চকী পায়গৈ। আৰক্ষীয়ে অনিতাবেন আৰু আন এজন ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ